তফজ্জুল আলী, বিশিষ্ট শিক্ষাবিদ আৰু প্ৰথিতযশা গীতিকাৰ

বিশিষ্ট শিক্ষাবিদ আৰু প্ৰথিতযশা গীতিকাৰ, তফজ্জুল আলী

  • medium tafazzul ali১৯২৯ চনৰ ১০ অক্টোবৰত জন্ম হৈছিল তেখেতৰ  দৰং জিলাৰ ভূটীয়াচাং চাহ বাগিচাত।
  • তেখেতৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে – ‘মহবুব আলী’ আৰু  ‘চাদিয়া খাতুন’ ।
  • দৰং জিলাৰ নগৰবাহী গাঁৱতে প্ৰাথমিক স্কুলীয়া শিক্ষাৰম্ভ কৰা আলীয়ে , ১৯৪৯ চনত “মঙলদৈ ইংৰাজী বিদ্যালয়”ৰ পৰা দ্বিতীয় বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ।
  • ১৯৫১ চনত তেখেতে  ‘কটন মহাবিদ্যালয়’ৰ পৰা উচ্চতৰ মাধ্যমিক (আই.এ) পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ,  ১৯৫৩ চনত ‘কটন মহাবিদ্যালয়’ৰ পৰাই অসমীয়া সাহিত্যত অনাৰ্ছসহ স্নাতক উপাধি লাভ কৰিছিল ।
  • ১৯৫৫ চনত তেখেতে অসমীয়া বিষয়তে  “গুৱাহাটী বিশ্ববিদ্যালয়”ৰ পৰা স্নাতকোত্তৰ উপাধি লাভ কৰিছিল ।
  • “তফজ্জুল আলী”দেৱৰ চিকিৎসক পিতৃ ‘মহবুব আলী’ও এজন কণ্ঠশিল্পী আছিল। ‘আলী’দেৱে নিজ পিতৃৰ পৰাই সংগীতৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল। পিছলৈ অৱশ্যে ‘মকলুম ওস্তাদ বছিৰ আহমদ’ , ‘গুৰু শীল’ , অসমৰ প্ৰথম ‘সংগীত বিশাৰদ’ উপাধিধাৰী বৰপেটাৰ  ‘খগেন্দ্ৰ নাথ দাস’ আদিৰ পৰা সংগীত শিক্ষা লাভ কৰিছিল।
  • ১৯৫৭ চনত তেখেতে ডিব্ৰুগড়ৰ  “হনুমান বক্স কানৈ মহাবিদ্যালয়”ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগ দি,  ১৯৭০ চনত “গুৱাহাটী বাণিজ্য মহাবিদ্যালয়”ত প্ৰবক্তা হিচাপে যোগদান কৰিছিল আৰু পিছলৈ মূৰব্বী অধ্যাপকৰ পদবী পাই অৱসৰ লাভ কৰিছিল ।
  • ১৯৬২ চনত “তফজ্জুল আলী”দেৱে  ‘জহুৰা আলী’ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ।
  • তেখেতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত  “সংগম”  নামৰ অসমীয়া ভাষাৰ প্ৰথম মাহেকীয়া “ডাইজেষ্ট” আলোচনীৰো সম্পাদনা কৰিছিল।
  • গীতিকাৰজনে  ‘পুতলা ঘৰ’ , ‘সোণৰ হৰিণ’ , ‘অনল’ আৰু ‘মৃত্যুহীন জীৱন’ কথাছবিত সংগীত পৰিচালনা কৰিছিল।

তফজ্জুল আলীৰ গীতৰ পুথি :

  • মন্দাক্ৰান্তা
  • অনুষ্টুপ
  • সোণালী চৰাই,
  • অঘৰী ককাইদেউৰ গীত
  • বহুদিন বকুলৰ গোন্ধ পোৱা নাই

তফজ্জুল আলীয়ে ৰচনা কৰা নাট সমূহ:

  • বেদ নম্বৰ ফাইভ,
  • নেপাতি কেনেকৈ থাকোঁ,
  • বাসন্তীৰ বিয়া,
  • কড়ি আৰু কোমল ।

অসমীয়া সাহিত্য-সংস্কৃতিলৈ তেখেতৰ অৱদানৰ প্ৰতি স্বীকৃতি স্বৰূপে ১৯৯৫ চনত অসম চৰকাৰে তেখেতক  “বিষ্ণু ৰাভা বঁটা”ৰে সন্মানিত কৰিছিল । তেখেতে “শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ”ৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ উপৰিও  “জ্যোতি চিত্ৰবন ফিল্মচ চ’ছাইটী”ৰ আজীৱন সভ্য আছিল।গীতিকাৰ গৰাকীয়ে “অসম নাট্য সন্মিলন”ৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৮ চনৰ ৬ জুলাইত গুৱাহাটীত তেখেতৰ মৃত্যু হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *

90  ⁄    =  18