হাৰ্হি দেৱালয়ৰ চমু ইতিবৃত্ত, দেৱলীয়া গাঁও, লখিমপুৰ

হাৰ্হি দেৱালয়ৰ চমু ইতিবৃত্ত, গোবিন্দপুৰ, ঢকুৱাখনা, লখিমপুৰ

ধৰ্মীয় স্থানৰ নাম আৰু ঠিকনাঃশ্ৰীশ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়, দেৱলীয়া গাঁও, পোঃঅঃগোবিন্দপুৰ, ঢকুৱাখনা৭৮৭০৫৫, জিলাঃলখিমপুৰ, অসম

নিম্নলিখিত শিতান অনুযায়ী ঐতিহাসিক আৰু ধৰ্মীয়সামাজিক বিৱৰণঃ

a) স্থাপনকালঃঅষ্টাদশ শতিকাৰ প্ৰাৰম্ভণিতে প্ৰতিষ্ঠিত হৈ বিভিন্ন স্থানত থকাৰ পিছত ১৭২২ খৃঃত বৰ্তমানৰ স্থানত প্ৰতিষ্ঠিত হয়

b) প্ৰতিষ্ঠাপক ৰজা / মুনি / মহাপুৰুষ আদিৰ নাম আৰু উৎপত্তিৰ আঁৰৰ চমু বিৱৰণ:- শদিয়া কেচাঁইখাতি গোঁসানীৰ ঠাল হিচাপে দেউৰী পুৰোহিত, বলিকটীয়া, দোলাভাৰী, দাধৰা, পাচনীসহ নাৱেৰে ভটিয়াই আহি ঢকুৱাখনাত প্ৰতিষ্ঠিত হয়। মানৰ আক্ৰমনত ঠানবান হয় আৰু দেউৰী সকলে ঠাই এৰি যোৱাত ১৭২২ খৃঃত আহোম ৰজা স্বৰ্গদেউ শিৱসিংহই কৰ্ণোজৰ পৰা অনা এগৰাকী ব্ৰাক্ষ্মণ পুৰোহিতৰ দ্বাৰা পূজাৰ ব্যৱস্থা কৰে আৰু তাম্ৰ পত্ৰৰ দ্বাৰা ৩২৭ বিঘা মাটি দেৱালয়ক দিয়ে

c) উপাস্য দেৱদেৱী:- শক্তিদেৱী শ্ৰীশ্ৰী দূৰ্গাদেৱী উপাসনা কৰা হয়

d) উপাসনা পদ্ধতি আৰু আচাৰ নীতি সম্পৰ্কে চমু বিৱৰণ:- বৈদিক আচাৰ নীতিৰে তান্ত্ৰিক শাক্ত পদ্ধতিৰে দেৱীক পূজাপাতল কৰা হয়। পূজাৰী আৰু বিধি পাঠেকে শাক্ত মন্ত্ৰেৰে দীক্ষিত হোৱাৰ পাছত দেৱালয়ত নিয়োগ কৰা হয়। প্ৰতিদিনে পুৱা ০০ বজাত দেৱালয়ৰ দুৱাৰ খোলা হয় আৰু তান্ত্ৰিক মন্ত্ৰেৰে দেৱী প্ৰতিমাৰ স্নান কৰাই পূজাঅৰ্চনা আৰু আৰতি কৰা হয়। দুপৰীয়া ১২ বজাৰ ভিতৰত সাধাৰণতে দৈনন্দিন পূজা সমাপ্ত হয়। সেৱকীসকলে প্ৰসাদৰ শৰাই, পৰমান্নৰ শৰাই, জীৱ প্ৰসাদ আদি দেৱীলৈ আগবঢ়ায় আৰু পূজাৰীৰ দ্বাৰা মন্ত্ৰ পাঠেৰে মাপ্ৰসাদ দেৱীলৈ আগবঢ়োৱা হয়। সন্ধিয়া বন্তি প্ৰজ্বলন, আৰতি আদিৰে দেৱীৰ অৰ্চনা কৰা হয়। উল্লেখযোগ্য যে দূৰ্গোৎসৱৰ সময়ছোৱাত মহালয়াৰ পৰা আৰম্ভ কৰি বিজয়া দশমী তিথিলৈকে বিধিপূৰ্বক দূৰ্গাপূজাৰ পালন কৰা হয়

e) ধৰ্মীয় স্থানখনৰ সৈতে জড়িত আখ্যান / লোকবিশ্বাস / দন্তকথা আদি:-পূৰ্ব্বপুৰুষ সকলৰ মুখেৰে জনা যায় যে শদিয়াৰ কেচাঁইখাতি গোসাঁনী ভটিয়াই অহাৰ ইচ্ছা কৰাত পুৰোহিত, বলিকটীয়া, লাচনিপাচনি, সাসৰঞ্জাম সহ নাৱেৰে আহি ঢকুৱাখনাত ৰয়হি। দক্ষযজ্ঞত সতীয়ে আত্মাহুতি দিয়াত তেওঁৰ মৃতদেহ স্বামী দেৱাদিদেৱ মহাদেৱে কান্ধত লৈ আহোঁতে বৰ্তমানৰ ঠাইত হাড় আৰু শিৰ পৰে, সেয়ে হাড় আৰু সিৰ শব্দৰ পৰা পৰবৰ্তী পৰ্য্যায়ত ঠাইখনৰ নাম হাৰ্হি হয়। দেৱী অহাৰ সোণৰ নাঁৱৰ টিংটো প্ৰায় ১৯৬৬ চনলৈকে হাৰ্হি দেৱালয়ৰ সমীপৰ এটা পুখুৰীত দেখা গৈছিল বুলি বৃদ্ধ লোকসকলৰ মুখেৰে জনা যায়। ১৭২২ চনত নদীৰে এডাল ডাঙৰ সৰল কাঠ উটি আহি পূজাৰীক সপোনত দেখুৱায় আৰু পাছদিনা ৰাইজক লগত লৈ পূজাৰী নদীলৈ যায় আৰু পূজা অৰ্চনাৰে কাঠডাল পাৰলৈ আনি দেৱালয়ৰ কামত ব্যৱহাৰ কৰে। বৰ্তমানৰ দেৱালয়খন সেই একেডাল কাঠেৰে তৈয়াৰী আৰু কাঠৰ একো ক্ষয়ক্ষতি ধৰা পৰা নাই

সেৱকীসকলে নিজৰ মনোকামনা পূৰণৰ প্ৰাৰ্থনাৰে থানলৈ প্ৰসাদ, আচঁবাব, বলি আদি আগবঢ়ায় আৰু মনোকামনা সহজেই পূৰ্ণ হয় বুলি বিশ্বাস কৰি অহা হৈছে। ঢকুৱাখনত প্ৰচলিত জনশ্ৰুতি অনুসৰি হাৰ্হি শব্দটো পূৰ্বে সাৰ্হি আছিল। এই অঞ্চলৰ লোকে ‘‘সাৰ্হি’’ শব্দটো জাগ্ৰত অৰ্থত ব্যৱহাৰ কৰে৷ গতিকে পীঠখনিৰ মূল অৰ্থটো – “জাগ্ৰত দেৱালয়জনশ্ৰুতি মতে এই দেৱালয় খনিৰ অধিস্থাত্ৰী দেৱীগৰাকীয়েই হৈছে পূৰ্বৰ চুতীয়াসকলৰ আৰাধ্য দেৱী সদিয়া (শদিয়া) বিখ্যাত তাম্ৰেশ্বৰী মন্দিৰৰ কেঁচাইখাটি গোসাঁনী বা দেৱী দিক্কৰবাসিনী। আহোমচুতীয়াৰ শেষ ৰণত চুতীয়াসকল পৰাস্ত হোৱাত দেৱালয়ৰ নিৰাপত্তা তথা দেৱী বিগ্ৰহৰ লগতে দেৱালয়ত থকা শিৱ, দূৰ্গা, গঙ্গা, মনসা, গণেশ আদিৰ শিলামূৰ্তি আৰু বলিকটা দা, পূজাৰ বিভিন্ন সামগ্ৰীৰ লগতে দেৱালয়ৰ লগত জড়িত বিভিন্ন বৃত্তিধাৰী মানুহকো লগত লৈ লুইতেদি ভটিয়াই হাবুং (বৰ্তমানৰ ঢকুৱাখনা) অঞ্চল পায় আৰু তাতে বিগ্ৰহাদি স্থাপন কৰি নিয়মিত পূজা পাতল কৰিবলৈ লয়। অৱশ্যে পিছৰ পৰ্যায়ত দেৱালয়খনে আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতা লাভ কৰিছিল বুলি জনা যায়। ৰুদ্ৰসিংহ, শিৱসিংহ আৰু লক্ষ্মীসিংহ স্বৰ্গদেৱে এই দেৱালয়খনিলৈ মাটি, বহু পৰিমাণৰ সম্পত্তি আৰু দেৱদেৱীৰ মূৰ্তি প্ৰদান কৰিছিল বুলি জনা যায়৷ সেইবোৰ এতিয়াও দেৱালয়খনত বিৰাজমান

এই দেৱালয়ত থকা উল্লেখযোগ্য সামগ্ৰীবোৰৰ ভিতৰত ১০ৰ পৰা ১২ কিলগ্ৰাম পৰ্যন্ত ওজনৰ তেৰখন বলিকটা দা, সাঁচিপাতৰ এখন কীৰ্তনপুথি, শালগ্ৰাম মন্ত্ৰপুথি, কেঁকোৰা দোলা, বিভিন্ন বাদ্যযন্ত্ৰ ইত্যাদি প্ৰধান। এই দেৱালয়খনিত পূৰ্বতে নৰবলি দিয়াৰ প্ৰথা আছিল বুলি জনা যায়

f) অনুষ্ঠানটো সৈতে জড়িত বিশেষ মাঙ্গলিক তথা লোক উতসৱৰ চমু বিৱৰণ:- শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত দৈনন্দিন পূজাঅৰ্চনা কৰাৰ উপৰিও শ্ৰীশ্ৰী দূৰ্গাপূজা, শ্ৰীশ্ৰী লক্ষ্মীপূজা, বিষ্ণু যজ্ঞ কৰি বৰসবাহ, প্ৰত্যেক বছৰৰ বহাগৰ দিনা ফাটবিহু পালন, মহাশিৱৰাত্ৰি আদি পালন কৰা হয়। ১৭২২ খৃঃৰ পৰাই বিভিন্ন জাতিজনগোষ্ঠীৰ দ্বাৰা প্ৰতি বছৰৰ বহাগ মাহৰ সাত তাৰিখে ফাট বিহু পালন কৰি অহা হৈছে। বৰ্তমানো এই ফাটবিহুত হাৰ্হি দেৱালয়ত অবিচ্ছিন্ন ভাৱে পালন কৰি অহা হৈছে। দূৰ্গাপূজাত দেও উঠা পুৰুষ মহিলা সকলক সেৱকী সকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ নিবেদন কৰি সমাধানৰ ব্যৱস্থা পোৱাৰ বাবে সেই সময়ত যাত্ৰীৰ বিশেষ ভিৰ হোৱা দেখা যায়

বিজ্ঞানৰ চৰম উন্নতিৰ সময়তো আয়তীসকলৰ দ্বাৰা ৰূপায়িত আই সবাহৰ জৰিয়তে সৰু আই, মাজু আই, বৰ আই, আদিৰ প্ৰভাৱত পৰা ব্যক্তিসকলে পৰিত্ৰাণ পাবলৈ থানখনলৈ আহে আৰু ৯০৯৫% সেৱকীয়েই সফল হোৱা দেখা যায়

নিম্নলিখিত শিতান অনুযায়ী যাতায়ত আৰু যোগাযোগৰ ব্যৱস্থাৰ বিৱৰণ:-

a) সমীপৱতী নগৰচহৰ অথবা প্ৰধান ঠাইসমূহৰ নাম আৰু দূৰত্বঃসমীপৱৰ্তী নগৰ ঢকুৱাখনা আৰু জিলাৰ সদৰ ক্ৰমে লখিমপুৰ আৰু ধেমাজী। বৰ্তমান বগীবিল দলংৰ সংযোগৰ ফলত ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, শিৱসাগৰ, যোৰহাট আদি ঠাইকো সমীপৱৰ্তী ঠাই হিচাবে গণ্য কৰিব পৰা হৈছে

b) সমীপৰ্ৱতী বিমান বন্দৰ, ৰেল ষ্টেচন, বাছ আস্থান আদিন নাম আৰু দূৰত্বঃসমীপৱৰ্তী বিমান বন্দৰ লীলাবাৰী(লখিমপুৰ), ৰৰৈয়া(যোৰহাট), আৰু মোহনবাৰী(ডিব্ৰুগড়)

ৰেল ষ্টেচনঃগোগামুখ আৰু ধেমাজী

লখিমপুৰ সদৰৰ পৰা দূৰত্বঃ৭৫ কিঃমিঃ

ডিব্ৰুগড়ৰ পৰা দূৰত্বঃ১১০ কিঃ মিঃ

গোগামুখৰ পৰা দূৰত্বঃ৪০ কিঃমিঃ

ধেমাজীৰ পৰা দূৰত্বঃ৩৫ কিঃমিঃ

বাছ আস্থানঃঢকুৱাখনা দূৰত্বঃ কিঃমিঃ

c) স্থানীয় যাতায়ত ব্যৱস্থাঃস্থানীয় যাতায়তৰ ব্যৱস্থা টেম্পু, সৰু গাড়ী আদিৰ ব্যৱস্থা

d) উক্ত স্থানত ইণ্টাৰনেট, টেলিফোন, সংযোগৰ উপলদ্ধতাঃইণ্টাৰনেট নেটৱৰ্ক, টেলিফোন, সংযোগ আদিৰ সহজ উপলদ্ধৰ ব্যৱস্থা আছে

নিম্ন লিখিত শিতান অনুযায়ী পৰ্যটন কেন্দ্ৰ হিচাপে অনুষ্ঠানটোৰ গুৰুত্ব:-

a) অনুষ্ঠানটোৰ ভ্ৰমণ কৰাৰ উপযুক্ত সময়ঃবছৰটো বাৰ মাহেই অনুষ্ঠানটোলৈ ভ্ৰমণৰ উপযুক্ত সময় বুলি বিবেচনা কৰিব পাৰি

b) পৰ্য্যটকৰ বাবে থকা সাসুবিধাসমূহৰ উল্লেখঃপৰ্যটকৰ বাবে অতিথি শালা, যথোপযুক্ত পানী যোগানৰ ব্যৱস্থা, পোহৰৰ ব্যৱস্থা, উদ্যানৰ সাসুবিধা আদি কৰা হৈছে। অতি সহজে দেৱীক পূজাঅৰ্চনা কৰাত সহায় কৰিবলৈ যথেষ্ট সংখ্যক স্বেচ্ছাসেৱীলোকক নিয়োজিত কৰা হৈছে। কোনো কাৰণতে যাতে পৰ্যটকসকলে নিৰাপত্তাৰ অভাৱ অনুভৱ নকৰে তাৰ বাবে মহকুমা অসামৰিক প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ নিৰ্দিশমৰ্ম্মে স্থানীয় গাঁওৰক্ষীবাহিনীৰ সহযোগত নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। মূল তোড়নকে সামৰি দেৱালয় চৌহদত চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে

c) দৰ্শনাৰ্থী পৰ্য্যটকৰ প্ৰকাৰ(থলুৱা/দেশী/বিদেশী)থলুৱা দৰ্শানাৰ্থীৰ সকলৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ দৰ্শনাৰ্থীৰ দোৱালয়লৈ আহে। তদুপৰি কম পৰিমাণে মাজে সময়ে বিদেশী পৰ্য্যটকো থান দৰ্শনৰ বাবে অহা দেখা যায়

d) ভৱিয্যত পৰ্যটক বিকাশৰ সম্ভাৱনাঃঅসমৰ খ্যাতনামা শক্তিপীঠ কামাখ্যাৰ সমপৰ্য্যায়ৰ শ্ৰীশ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত ভক্তৰ সমাগম দিনকদিনে বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ভাৰতবৰ্ষতে এখন জাকত জিলিকা শক্তিপীঠ বুলি কলেও বঢ়াই কোৱা নহয়। দেৱালয়খনৰ চাৰিওফালে থকা অনুপম প্ৰাকৃতিক দৃশ্যৰাখি, মহাবাহু ব্ৰক্ষ্মপুত্ৰ অতিকে সমীপবৰ্তী এই ধৰ্মীয় অনুষ্ঠান ধৰ্মীয় দিশক বাদ দিও দৰ্শক সকলৰ এক আকৰ্ষণথলী হিচাবে পৰিগণিত কৰিবলৈ এক অনুকুল বাতাৱৰণৰ অৱস্থিতি দেখা পোৱা যায় অসমৰ দাঁতিকাষৰীয়া পাহাৰীয়া ৰাজ্যৰ পৰাও মাজে সময়ে অহা দৰ্শনাৰ্থী আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানটিৰ ভৱিষ্যতে পৰ্য্যটন বিকাশৰ সম্ভাৱনীয়তা নিশ্চিত ভাৱে অনবদ্য

Article Source: Satya Chutia

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  1  =  1