যোগ – যোগমন্দিৰ

ভাৰতীয় জীৱন দৰ্শনৰ মূল পৰিকাঠামাটোৱে হৈছে মোক্ষ বা মুক্তিৰ ওপৰত প্ৰতিষ্ঠিত৷ মই মুক্ত, অহংকাৰ ৰহিত অথবা সৰ্বলিপ্সা পৰিত্যজ্য অৱস্থাটোৱে সমাধি লাভ অৰ্থাৎ মোক্ষপ্ৰাপ্তি সূচায়৷ মূঢ়তা অৰ্থাৎ সত্য উপলদ্ধিত বাধা জন্মোৱা কাৰক তথা আসক্তি, বাসনা আদিয়ে আমাক স্থূল বা বস্তুবাদী পৃথিৱীত নিমজ্জিত কৰি ৰাখে৷ প্ৰাচীন ঋষিসকলে এই জাগতিক বন্ধনকে সকলো প্ৰকাৰৰ দুখৰ মূল বুলি ঠাৱৰ কৰিছে৷ আত্মোপলদ্ধিৰ সাধনাই সকলো দুখ-ক্লেশ নাশ কৰি মোক্ষপ্ৰাপ্তিৰ ৰাজমাৰ্গ নিমাৰ্ণ কৰে৷ মুক্তিৰ এই প্ৰোজ্জ্বল পথেই সাধকক ভাবাতীত আৰু আনন্দময়তাৰ অস্তিত্বৰ সন্ধান দিয়ে৷ ভাৰতীয় ষড় দৰ্শনৰ এক মূলস্তম্ভ মহৰ্ষি পতঞ্জলিকৃত ‘অষ্টাংগ যোগে’ও এই মোক্ষপ্ৰাপ্তিৰে পথ প্ৰশস্ত কৰে৷ #yoga #যোগমন্দিৰ #অষ্টাংগযোগ
বিশদভাবে আৰু বিশুদ্ধভাৱে জানিবলৈ আৰু অভ্যাস কৰিবলৈ যোগমন্দিৰ পাঠশালা ৰ লগত যোগাযোগ কৰক
https://www.facebook.com/yogmandirassam/

Leave a Reply

Your email address will not be published. Required fields are marked *

24  −  20  =