কান্দোন হৈছে আঘাতৰ প্ৰতীপ ক্ৰিয়া।সৰৱ কান্দোন দুখ,ক্ষতি বা যন্ত্ৰণাৰ বহিঃ প্ৰকাশ আৰু নিৰৱ কান্দোন মনৰ অভ্যন্তৰত লুকাই থকা যন্ত্ৰণাৰ অৱদমিত ভাৱান্তৰ।এটা হৈছে পকি ফাটি ওলোৱা ফোঁহাৰ পূঁজৰ দৰে আৰু আনটো হৈছে কাঠমৰা ফোঁহাৰ অনিৰ্গত পূঁজৰ বিষৰ দৰে।এই বিষৰ দীৰ্ঘকালীন স্থিতিয়ে মানসিক ব্যাধিৰ অপত্য সন্তানৰ জনক।অৰ্থাৎ অসতৰ্ক মুহুৰ্তৰ যন্ত্ৰণা বা দুঃখবোধে সংগোপনে মনত আশ্ৰয়লৈ ক্ৰমশঃ মনোৰোগৰ সৃষ্টি কৰে। যথাসময়ত তাক নিৰ্মূল কৰিব নোৱাৰিলে ই হতাশাগ্ৰস্ততালৈ ৰূপান্তৰিত হয় আৰু জীৱন ব্যৰ্থতাৰ ফালে আগুৱাই যায়।প্ৰতিনিয়ত ব্যৰ্থতাৰ অনুভৱে অকাল বাৰ্ধক্য মাতি আনে।শৰীৰে দ্ৰুতগতিত সক্ষমতা হেৰুওৱাৰ ইও এক প্ৰধান কাৰক।অনন্ত যৌৱন ধাৰা অব্যাহত ৰাখিবলৈ তাক মষিমূৰ কৰা অত্যন্ত আৱশ্যক।ইয়াৰ কোনো ৰাসায়নিক ঔষধ নাই।ই কেৱল সম্ভৱ যোগৰ দ্বাৰা,হয় অষ্টাংগ যোগ।
বিশদভাবে আৰু বিশুদ্ধভাৱে জানিবলৈ আৰু অভ্যাস কৰিবলৈ যোগমন্দিৰ পাঠশালা ৰ লগত যোগাযোগ কৰক
https://www.facebook.com/yogmandirassam/