অপেক্ষা, Assamese Poem, Gunjana Saikia

হয়তো সন্ধিয়াটো আউসীৰ আছিল
   আন্ধাৰৰ মায়াজালে গোটেই খন আৱৰি আছিল
মই বহি থকা ঠাইডোখৰ পৰা
   ৰাস্তাৰ যান্ত্ৰিকতা বহুত ভালকৈয়ে দেখিছিলো
       গছৰ পাতবোৰো মিহি মিহিকৈ লৰি আছিল;
জিলিৰ মাতে চৌপাশৰ মৌনতা
      ভংগ কৰিছিল।
ঘৰৰ আগফালে পৰি থকা ইটাকেইটাত উজূটি খাই
       কোনোবা পৰাৰ উমান পাই
আন্ধাৰ ভয়াতুৰ মইজনীও
      আগবাঢ়ি গৈছিলো;
 অচিনাকি এক সুগন্ধই গালৰ কোনোবা কোণত কৰা
       চুম্বনৰ পৰশে মোক তানি নিছিল।
অপেক্ষাৰ জনো অন্ত থাকে কোৱা?
“অ’ আইজনী”
         মাৰ মাতষাৰ শুনি থতমত খোৱা
  মই জনীয়ে ভাবিলো
   সচাঁকৈয়ে অপেক্ষাৰ জানো অন্ত থাকে?
       অপেক্ষাৰ ভাল লগা সোৱাদৰ বাবেই হয়তো
ভালপোৱা সন্ধিয়া টোৰ সাক্ষী হৈ পৰিছিল
Name Gunjana Saikia
School : SANKARDEV SHIKSHA NIKETAN,GOHPUR

Leave a Reply

Your email address will not be published. Required fields are marked *

89  −  85  =