চন্দ্ৰপ্ৰসাদ শইকীয়া, এজন প্ৰখ্যাত সাহিত্যিক

চন্দ্ৰপ্ৰসাদ শইকীয়া: জন্ম-৮ জুলাই,১৯২৭, শিৱসাগৰৰ আমগুৰিত৷
শিক্ষা:কটন কলেজৰ পৰা আই.এ. পাছ৷কটনৰ পৰাই ইংৰাজীত সন্মান সহ উত্তীৰ্ন হৈ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীতে স্নাতকোত্তৰ ডিগ্ৰী লাভ।
কৰ্ম-জীৱন:প্ৰথমে ‘দি আছাম ট্ৰিবিউন’ৰ উপ-সম্পাদক হিচাপে যোগ দি পাছত তাৰপৰা ওলাই ‘অসম বাতৰি’ৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়৷সেইটো বাদ দি অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্ব লয়। প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত আলোচনী ‘প্ৰকাশ’ৰ সম্পাদনা৷
তাৰপিছত পৰিষদৰ চাকৰি ত্যাগ কৰি ‘নতুন দৈনিক’ নামৰ নতুনকৈ প্ৰকাশিত বাতৰি কাকতৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ৷ইয়াৰ পাছত ‘গৰীয়সী’ আলোচনীৰ সম্পাদকৰ দায়িত্ব ।
১৯৯-২০০১ সময়ছোৱাত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয় আৰু হাজো অধিবেশনত সভাপতিত্ব কৰে।
২০০৬ চনৰ ৮ আগষ্টত পৰলোকপ্ৰাপ্তি৷
উল্লেখযোগ্য গ্ৰন্থসমূহ—
উপন্যাস:—মন্দাক্ৰান্তা,মেঘমল্লাৰ,সূৰ্যস্নান,এদিন,উত্তৰকাল,জন্মান্তৰ,মহাৰথী(সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত,১৯৯৫ চনত),তোৰে মোৰে আলোকৰে যাত্ৰা(অসম প্ৰকাশন পৰিষদ বঁটা,২০০৪)৷
গল্প-সঃকলন:–
মায়ামৃগ,নাচপতি ফুল,চক্ৰৱৎ,অঙ্গীকাৰ৷
প্ৰবন্ধ-সংকলন:—
দৃষ্টিকোণ,নিৰ্বাচিত সম্পাদকীয়,সাহিত্যৰথী বেজবৰুৱাৰ লগত কাল্পনিক সাক্ষাৎ,শ্বেইক্সপীয়েৰৰ পৰা মিলান কুন্দেৰালৈ।
ভ্ৰমণ-কাহিনী:—
আমেৰিকাৰ চিঠি।
সম্পাদিত:—অসমৰ বাতৰিকাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস৷
উল্লেখযোগ্য কৃতি :
১) গুৱাহাটীৰ জজ ফিল্ডত প্ৰথমখন গ্ৰন্থমেলাৰ আয়োজন ,১৯৮৪ চনত ।
২) অসম উপত্যকা সাহিত্য বঁটা, (মেগৰ শিক্ষান্যাস প্ৰদত্ত)লাভ,২০০৩ চনত।

Leave a Reply

Your email address will not be published. Required fields are marked *

  ⁄  2  =  4