প্ৰেমৰ ডায়েৰী – Chayanika Nath Barman

আবেলি ঠিক তিনি বজাৰ লগে লগে কনকলতাই উকা পাটৰ খমখমীয়া সাজ এযোৰ পিন্ধি লয়। পাতল চুলিকছাত মহা ভিঙ্গৰাজ তেল সানি একোছা ফলচ চুলি লগাই পিটপিতিয়াকৈ ওপৰত খোপাটো বান্ধি বগা গুলপীয়া গাল খনত আফগান ক্ৰীম আৰু গাত অগৰুৰ সুগন্ধি সানি আজি তাই আকৌ সাজিছে।

এনেদৰে সাজি- কাঁচি ওলোৱাটো তাইৰ আজিৰ অভ্যাস নহয়, দিগম্বৰৰ প্ৰেমত পৰাৰ দিনৰে, যেতিয়া মনে মনে তাই তাক লগ কৰিব গৈছিল।

তাইৰ এই ৰূপ লাবন্যত ডুব গৈয়ে টো এদিন সুঠাম-সুন্দৰ দিগম্বৰে তাইক আপোন কৰাৰ সপোন দেখিছিল।

গাঁওৰ গাওঁবুঢ়া কনকলতাৰ দেউতাক আছিল অজস্ৰ ধন- সম্পত্তি, মাটি-বাৰী থকা জমিদাৰ মানুহ। ইফালে ঘাট-মাউৰা দিগম্বৰৰ ধন সম্পত্তি দূৰৰ কথা নিজ মাটি এডোখৰো নাছিল।মুঠতে কনকলতাৰ ঘৰৰ লগত আকাশ -পাতাল পাৰ্থক্য। সেয়ে কনকলতাক খুজিব যোৱাৰ সাহস তাৰ নাই। কিন্তু তাই যে আকোৰগোজ! বিয়া হ’ব লাগে যদি দিগম্বৰৰ লগতে হ’ব।

ঐশ্বৰ্য্যৰ প্ৰাচীৰেও হেনো তাইৰ প্ৰেমক ৰুধিব নোৱাৰে। তাই সাহস দিছিল দিগম্বৰক আৰু এনেদৰেই এটি জীপাল পূৰ্ণিমাৰ ৰাতি পূৰ্ণ জোনটি আৰু অযুত তৰাক সাক্ষী কৰি , ঘৰৰ অমতত দুয়ো পলাই গৈ চহৰত থাকিবলৈ ললে।

সেইসময়ত চৰকাৰী চাকৰি অনায়াসে লাভ কৰিব পাৰি। দিগম্বৰেও ঘৰ চলাবলৈ পোষ্ট অফিচত এটি সৰু চাকৰি যোগাৰ কৰিলে। চিঠি লৈ সি পাহাৰ-পৰ্বত, হাবিৰ দাঁতিকাষৰীয়া বাটেৰে গলে কেনেদৰে বাঘ, শিয়াল জাতীয় হিংস্ৰ জন্তুবোৰৰ সম্মুখীন হয়,- কেনেদৰে বাচি আহে, তাৰ বিশ্লেষণ ৰস লগাই যেতিয়া কনকলতাক কয় তাই ভয়ত তাৰ বুকুৰ মাজত সোমাই পৰে।তাক হেৰুৱাৰ ভয়টোৱে তাইক ৰাতিটো শুব নিদিয়ে।দিগম্বৰে তাইক বুজায়, সাহসী হবলৈ। তাই বুজে। দিনে দিনে তাই বুজন আৰু সাহসী হয় -ঠিক কনকলতাৰ দৰেই।

নিজ ঘৰখনৰ লগত সম্পৰ্ক নাইকিয়া কৰি তাই মাজে মাজে দুখী হৈ পৰিলে দিগম্বৰৰ মৰমে তাইক আৱৰি ৰাখে।কেতিয়াবা অভাৱ হৈ, কেতিয়াবা মানুহৰ ককৰ্থনা হৈ দুখবোৰ বিভিন্ন প্ৰকাৰে তাইৰ জীৱনলৈ আহিছে কিন্তু তাৰ সংঘাতত প্ৰতিবাৰেই তাই দুগুন সাহসী হৈছে।দিগম্বৰৰ প্ৰেমত তাই আজিকালি আৰু বেছি ধুনীয়াজনী হৈ পৰিছে।তাই ভাল পোৱা অগৰু আজিকালি সিও ঘঁহে। অগৰুৰ সুগান্ধীয়ে তাইক মতলীয়া কৰে বুলিয়ে চাগে!

কম বয়সতে সাতোটা কৈ সন্তানৰ মাতৃ হৈয়ো তাইৰ স্বাস্থ্য আৰু ৰূপ লাবন্য অক্ষুন্ন আছিল।ইয়াৰ প্ৰধান কাৰণ নিশ্চয়কৈ দিগম্বৰৰ প্ৰেম। কিন্তু ইয়াৰ উপৰিও কনকলতাৰ সময়ানুৱৰ্তীতা লেখত লবলগীয়া। প্ৰতিদিনে সময়সূচী মতে তাই কাম কৰে।ৰাতিপুৱাই একাপ লালচাহ, নবজাৰ লগে লগে শুকান ৰুটিৰে তাইৰ ভাল লগাকৈ গাখীৰ চাহ একাপ, বাৰ বজাত ভাত, তিনি বজাত চাহ একাপ খাই দিগম্বৰে আনি দিয়া তাইৰ সদায় ব্যৱহাৰ কৰি অহা তেল, ক্ৰীম, পাউদাৰ আৰু অগৰুৰ সুগন্ধি সানি তাই তাৰ উভতা বাটলৈ বাট চাই ৰয়। ৰাতিৰ ভাতসাজ খোৱাত আঠ তাতকৈ বেছি পলম হ’লে তাই দিগম্বৰক কথা শুনায়।সময়ৰ ইফাল সিফালে তাইক অশান্তি দিয়ে। সেইকথা দিগম্বৰৰ জ্ঞাত। তাইক অশান্তি দিয়া কোনো কামেই তাৰ প্রিয় নহয়। ধন সম্পতিৰে নহলেও মৰমেৰে ধনী কৰিব খোজে সি তাইক।

আজিকালি তাই সপোন দেখিবলৈ লৈছে।নিজৰ সন্তান কেইটাকলৈ। প্ৰত্যেককেই সুশিক্ষা দিয়াৰ হেঁপাহ তাইৰ।ডাঙৰ লৰা ধন তেতিয়া মেট্ৰিকৰ দাওনা পাৰ কৰিছেহে মাত্ৰ। কিন্তু নিয়তিৰ লিখন খন্দাব কোনে? দিগম্বৰ দুৰাৰোগ্য কেন্সাৰ বেমাৰত আক্রান্ত হৈ খুব কম সময়তে মৃত্যুক সাৱটি ললে।

দিগম্বৰৰ পৰাই তাই শিকিছিল সাহসী হোৱাৰ পাঠ।চকুপানীবোৰ সেইদিনা তাই ধৰি ৰাখিব পাৰিছিল।

তাৰপিছত কিমান যে কষ্ট কৰিছিলে তাই পৰিয়ালটো পোহপাল দিবলৈ তাৰ হিচাব নাই।কিন্তু তাইযে জীৱনটোক সদায়েই ভাল পাই আহিছে, জীৱন যুঁজত ইমান সোনকালে হাৰ মনা কনকলতা তাই যে নহয় । তাইৰ সপোন এতিয়াও অলেখ বাকী।তাইৰ ইমান দৃঢ়তাৰ ওচৰত বিধিও এসময়ত শৰণাপন্ন হয়।

বহু কষ্টেৰে লৰা ছোৱালী কেইটাক উচ্চ শিক্ষাৰে শিক্ষিত কৰি ভাল চাকৰি লোৱাই ও সঠিক পাত্ৰ চাই বিয়া দিয়ে। সকলো দায়িত্ব-কৰ্তব্য তাই নিষ্ঠাৰে পালন কৰিছে।আজি তাইৰ আৰু একো হেঁপাহ নাই, হাবিয়াস নাই।

ঘৰত তাই এতিয়া অকলশৰীয়া। তাইৰ তিনিওটা লৰা বোৱাৰী গুৱাহাটীত থাকে।উচ্চ পদস্থ বিষয়া সিহঁত।সিহঁতে তাইক কেইবাবাৰো গুৱাহাটীলৈ নিবৰ বাবে কাবৌ- কাকূটি কৰিছে। কিন্তু তাই সেইবোৰক ভ্ৰূক্ষেপ কৰা নাই। তাই আৰু দিগম্বৰে যে এদিন এইখন সপোনৰ ঘৰ সঁজাইছিলে। সিহঁতেটো উপলব্ধি নকৰে এই ঘৰখনত থকা দিগম্বৰৰ আত্মাৰ উপস্থিতি! সি এতিয়াও আছে তাইৰ ওচৰতে, এই ঘৰখনতে। মৌনতাটো উপলব্ধ তাৰ উশাহ, তাৰ চোলা টোত অগৰুৰ সুগান্ধীৰ মাদকতা। তাই পমি যাব খোজে তাৰ প্ৰেমত।

৮৫ বছৰ বয়সেও দুৰ্বল কৰা নাই তাইক।

কিন্তু,দিগম্বৰে যে আজি তাইক হাত বাউলি মাতিছে। তাৰ বুকুৰ মাজত সি তাইক আজিও বিচাৰিছে।

সেয়ে তাই আজি সাজি কাঁচি আকৌ ওলাইছে তাৰ বুকুত অলপ জিৰাবলৈ। চিৰ শান্তিত বিলীন হবলৈ।—

“ৰীতা…কলৈ গলি…. অ’ ৰীতা”- দেউতাকৰ মাতত আইতাকৰ ডায়েৰী জপাই ৰীতাই সোনকালে চকুলো মছিলে।

Author: Chayanika Nath Barman, Krishi Vigyan Kendra, Darrang

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  3  =  7