একাকীত্ব – Monalisa Nath

সন্ধিয়াৰ চোতালত মুঢ়া পাৰি বহি ৰয় তাই-বহু সময়। মহ এজাকে কাণৰ কাষত কুণকুণাই আবৰি ধৰে তাইক। মুৰৰ ওপৰতো ঘনীভূত মহৰ কলীয়া ডাৱৰ! ভৰি দুখনত এটা দুটাকৈ কেবাটাও মহে থেলা- হেচাকৈ বহে।-তাই লৰচৰ নকৰে। -চাগৈ ,-সেইফালেই বৈ গৈছে-তাইৰ তেজৰ স্ৰোত!-কোনোবা ধমনী বা সিৰৰ মাজেৰে। সেইবাবে সেইকণ জেগাতে সিহঁতৰ হেতাওপৰা!

–সহ্য কৰিব পৰালৈ তাই বহে।তাৰ পিছত উঠি আহে তাই।–এইযে পিছত,ৰূমত অকলে ইটো সিটো কৰি থাকোতে,-মহ জাকে কামোৰাৰ বাবে ভৰি দুখনৰ অ’ত ত’ত খজুৱাই থাকে;-কব নোৱাৰাকৈয়ে মনটো ভাল লাগে তাইৰ!-বৰ অদ্ভুত,কাকো কব নোৱাৰা এই এটা চখ গঢ় লৈছে তাইৰ!

—কিয় বাৰু??

—ল’ৰা-ছোৱালী হাল ডাঙৰ হৈ যোৱা বাবে?

—স্বামী প্ৰদ্যূতৰ নিজ কক্ষৰ পৰা তাইৰ অস্তিত্ব বহু দূৰৈত হোৱা বাবে?

—ভৰা সংসাৰৰ মাজতো অন্তৰৰ ‘তাই জনী’-একেবাৰে অকলশৰীয়া হোৱা বাবে?

—নে কাৰোবাৰ মৰমসনা মাত,আবেগ একনৰ বাবে তাইৰ আন্তৰিক আকুলতাৰ বাবে??

-ওহোঁ-তাই নাজানে!

খুচৰি খুচৰি উলিয়াই অনা দুখৰ চকলেট চুপি আজিকালি তাই ভাল পায়।

উফ্!-এনেতো হোৱাৰ কথা নাছিল! অকাৰণতে গধুৰ হৈ পৰা মন,দুখ বোধে তাইক কেতিয়াবা নিজৰ মাকলৈ মনত পেলাই দিয়ে।

হৰ্মণ,এন্ জাইমেৰে গঢ়া নাৰী দেহৰ পঞ্চল্লিচ বছৰ গৰকাৰ জাননী এয়া!!

—দেহতত্ত বিজ্ঞানত সেই তাহানিতে পঢ়ি অহা পাঠ এটা আজিকালি যেন ‘প্ৰেক্ টিকেলি’ -অনুভৱ কৰে তাই!!

Dr. Monalisa Nath
Veterinary Officer
Institute of Veterinary Biologicals, Khanapara

Leave a Reply

Your email address will not be published. Required fields are marked *

53  −    =  45