সহজতে কুকাৰত বনাব পৰা বিৰিয়ানীৰ ৰেচিপি

বিৰিয়ানী  নাম শুনাৰ লগে লগে সুগন্ধ মনলৈ আহে ৷বিৰিয়ানী শব্দ তো এটা উৰ্দু শব্দ আৰু ই পাৰ্চি শব্দৰ পৰা অহা| বেলেগ বেলেগ ৰাজ্যত বিৰিয়ানী পৃথক ৰূপ লয় ৷ প্ৰতিবিধৰ প্ৰস্তুত প্ৰনালী আৰু সোৱাদ  পৃথক হয়৷ অকল হাইদৰাবাদী বিৰিয়ানী  ৪৯ প্ৰকাৰৰ আছে৷ ইয়াৰ উপৰিও কলকতা বিৰিয়ানী, অবধ বিৰিয়ানী, বোম্বে বিৰিয়ানী, মোগলাই বিৰিয়ানী, ঢাকা বিৰিয়ানী,মালৱাৰ বিৰিয়ানী আৰু আন আন বহু বিধ বিৰিয়ানী পোৱা যায় ৷ সহজভাৱে কুকাৰত বনাব পৰা বিৰিয়ানীৰ ৰেচিপি এটি আগবঢ়াইছোঁ
উপকৰণ:-
1.মাংস আধাকেজি
2.বাচমতি চাউল ২ কাপ
3.পিয়াঁজ ৪টা
4.আদাএটুকুৰা
5.নহৰু ৫/৬কোঁহ
6.জিৰা,ধনীয়া,গৰমমচলা গুৰি একচামুচকৈ
7.মিট মচলা, কাশ্মিৰী পাউডাৰ,বিৰিয়ানী মচলা  , জলকীয়া গুৰি একচামুচকৈ
8.চেনী একচামুচ
9.নিমখ হালধি জোখমতে
প্ৰণালী:-
বাচমতি চাউলখিনি  ধুই লৈ আধাঘন্টা ভিজাই ৰাখি টুকি ল’ৱ, আদা নহৰুৰ এটা পেষ্ট বনাই ল’ৱ
মাংসখিনি ধুই লৈ আদা নহৰুৰ পেষ্ট আৰু বিৰিয়ানী মচলাখিনিৰ বাহিৰে বাকী গোটেই মচলাখিনি আৰু নিমখ হালধি জোখত দি হাতেৰে ভালকৈ সানি ৩০ মিনিট ঢাকি ৰাখিব, তাৰপিছত কুকাৰ এটাত ৰিফাইন তেল  অলপ দি  গৰম হ’লে পিয়াঁজ মিহিকৈ কাটি দি ৰঙচুৱা কৈ ভাজি লৈ মাংসখিনি ঢালি দি লৰাই মেলি ঢাকোণখন ওপৰত দি ১৫ মিনিটমান সিজিব দিব, তাৰপিছত  চাউলখিনি দিব আৰু বিৰিয়ানী মচলা ,চেনী একচামুচ দি মিহলাই লৈ পানী একগ্লাছ দিয়ক। তেতিয়াই নিমখৰ পৰিমাণ টো চাই লৈ কুুকাাৰৰ ঢাকোণ লগাই দুটা চিটি মৰাই নমাই থ’ৱ,কুকাৰ ঠান্ডা হ’লে ঢাকোণ খুলি  পৰিবেশন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

96  −    =  93