জলনেতি

যৌগিক ক্ৰিয়া হৈছে শৰীৰৰ আভ্যন্তৰীণ ভাগ পৰিস্কাৰ কৰা ছয় প্ৰকাৰৰ পদ্ধতি। শৰীৰৰ মূৰ, পাকস্থলী, অন্ত্ৰ, মলভাণ্ড ইত্যাদি ভিতৰ ভাগৰ পৰা পৰিশ্ৰুত কৰাই এই ক্ৰিয়াসমূহৰ উদ্দেশ্য। অৰ্থাৎ মূৰ অংশৰ লগত জড়িত অংগ যেনে নাসাৰন্ধ্ৰ, চাইনাচৰ প্ৰদাহ, মূৰটো গধুৰ হোৱা, চিন্তা কৰিবলৈ বা কোনো কথাত ভালদৰে মনোনিবেশ কৰিব নোৱাৰা হোৱা, পেটৰ যিকোনো প্ৰকাৰৰ পুৰণি ৰোগ যেনে কৌষ্ঠ্যৰকাঠি‍ন্যক, পিত্তৰোগ, বদহজম, পেট ফুলা বা বিষ হোৱা, পুৰণি মল জমা হৈ উৎপন্ন হোৱা ৰোগ, মহিলাৰ কিছুমান বিশেষ ৰোগ ইত্যাদি এই যৌগিক ক্ৰিয়াৰ সহায়ত নিৰ্মূল কৰিব পাৰি।

জলনেতি হৈছে মূৰ অংশৰ প্ৰক্ষালন বা পৰিশোধনৰ কাৰণে কৰা যৌগিক ক্ৰিয়া।এই ক্ৰিয়াৰ জৰিয়তে মাইগ্ৰেইন, চাইনুচাইটিচ, কিছুমান মূৰৰ বিষ,চকুৰ কিছুমান অসুবিধা, উদ্বিগ্নতা তথা মানসিক চাপ আদি সমস্যা ৰ ক্ষেত্ৰত তৎকালীন সকাহ লাভ কৰিব পাৰি।

বিঃদ্ৰঃ অভিজ্ঞ ব্যশক্তিৰ তত্ত্বাৱধানতহে যৌগিক ক্ৰিয়াৰ অনুশীলন কৰাটো বাঞ্চনীয়।

Yog Mandir, Bhattadev Nagar, Pathsala, Bajali, Assam

Like Yog Mandir https://www.facebook.com/yogmandirassam
Instagram : @yogmandir_assam
Contact: 87240 63968 / yogmandirassam@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *

3  ×    =  18