………….!!! নিজান পৰত ভাঁহি আহে দুখৰ প্ৰতিচ্ছবি,
জীৱনক বিচাৰি এদিন খৰস্ৰোতা নদীৰ বুকুত মেলি দিলোঁ অতীতৰ স্মৃতিবোৰ ……….
বিষাদ, তোমাৰ স্মৃতিৰে আৱৰা মোৰ হৃদয়ৰ অনুভূতি..!
কেতিয়াবা উদাসীনতাই আৱৰি ধৰে মনৰ মাজত;
তেতিয়াও নাছিল কোনো দুখৰ উচুপনি এই ভগ্ন হৃদয়ত, দুখন হৃদয়ৰ দূৰত্ব কিমান…….. ………..???
নুবুজাৰ বাবেই এতিয়াও মনত পৰে মোৰ ব্যর্থ দিনৰ কবিতাৰ স্তৱক……!!! ,
মৌনতাৰ বাহিৰে পোৱা নাছিলো একো শব্দ…
:- শ্রী চিৰঞ্জিত বৰুৱা