বাৰিষাৰ প্ৰথম মূষল ধাৰে হো্ৱা বৰষুণ জাক Assamese Blog

বাৰিষাৰ প্ৰথম মূষল ধাৰে হো্ৱা বৰষুণ জাক আহিলে মোৰ মনটো উৰা মাৰে গাৱৰ সেই মনোৰম প্রাকৃতিক জগত খনলৈ | আগতে যেতিয়া বৰষুন জাক ধাৰাষাৰে পৃথিবীৰ বুকুলৈ নামি আহে, তেতিয়া আমাৰ গাৱৰ ৰাইজৰ মনবোৰ  বিভিন্ন কাৰণত নাচি উঠে | প্রথম জাক বৰষুণ পৰাৰ পাছত পথাৰৰ মাটিৰ যি মনোৰম সুগন্ধি গোন্ধটো ওলাই আহে, সি যেন আজিও মোৰ মনটোত এক অনাবিল প্রশান্তি জগাই তোলে | চাওতে চাওতে গাৱৰ চিৰাল ফাটমেলা পথাৰবোৰো লাহে লাহে পানীৰে উপচি পৰে, সৰু বৰ সকলো জান জুৰি আকৌ কুলু কুলু শব্দ কৰি ববলৈ আৰম্ভ কৰে | সন্ধীয়া সময়ত জোনাকী পৰু্রা বোৰে এক মায়াবি পৰিবেশ ৰচনা কৰে |সন্ধীয়া সময়ত যেতিয়া চোতালত পাটি পাৰি বহি আইতাৰ পৰা সাধু শুনু তেতিয়া কাষৰ কচু্ৱনি ডৰাত জোনাকী পৰু্ৱা বোৰে এক মায়াবি পৰিবেশ ৰচনা কৰে | শৈসবৰ কুমলীয়া মনত ভাহি অহা নানাবোৰ সাথৰ আৰু লগতে এই তিৰ বিৰাই থকা জোনাকী পৰু্ৱা বোৰৰ বিষয়ে আইতাক পেৰি পেৰি সোধো, আইতাইও ষিমান পাৰে আমাক উত্তৰ বোৰ দি যাই | ৰাতি য়েতিয়া গহিন হৈ আহে দুৰণিৰ হাবিৰ পৰা ভাহি অহা শিয়ালৰ মাত আৰু কাষৰ খাল বিল বোৰৰ পৰা অহা বামুণ ভেকুলি বো্ৰৰ টোৰ টোৰ মাতে আমাৰ গাৱৰ ৰাতি বোৰ বৰ জয়াল কৰি তুলিছিল |সেই কাৰণেই হবলা আমি সৰু বোৰে ৰাতি সোনকালে ভাত পানি খাই শুই পৰিছিলো |ৰাতি হৈ যোৱা ডবা পিতা বৰষুণ জাকৰ পাছত খুড়া হতে হাতত লেম্প লৈ মাছৰ উজান ধৰিবলৈ যায় | আমাৰ বোৰৰ পহ্মে ৰাতি মাছৰ উজান ধৰিবলৈ যোৱাটো যিহেতু সম্ভব নাছিল সেই কাৰনে আমি দিনৰ ভাগত অহা ডাঙৰ বৰষুণ জাকলৈ বাতচাই আছিলো |

–Nibedita Devi

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  3  =  6