আমিবোৰ পুৰুষ….
আমিবোৰ এজন এজন স্বামী….
শক্তি সাহস বীৰত্ব….
এইবোৰ শব্দ আমাৰ তেজে তেজে বিলীন….
তাৰেই মাজত আমিবোৰ লুভীয়া আমিবোৰ প্ৰতাৰক…!!
সমাজৰ ৰক্ষাৰ স্বাৰ্থত আমি কেতিয়াবা সৈনিক…
দেউতাৰ বেকা হৈ পৰা কঁকালত গাঁঠি দিবলৈ আমি পুত্ৰ…
মাৰ মৰমৰ আঁচলখনক ভাঙিব নিদিবলৈ আমি সন্তান…
ভনীৰ সন্মান আৰু সাহস হবলৈ আমি ভাতৃ…
প্ৰেয়সীৰ অভিমান পত্নীৰ তাগিদা পূৰাবলৈ আমি প্ৰেমিক অথবা স্বামী….!!
আমিবোৰ পুৰুষ…!!
জুইয়ে পোৰা দেহ লৈ দায়িত্বত অটল আমিবোৰ পুৰুষ…
ভগ্ন হৃদয়ৰ যন্ত্ৰনাক আওকাণ কৰিবলৈ আমিবোৰ পুৰুষ…
তথাপি আমি প্ৰতাৰক…
আমি বিশ্বাসঘাতক…!!
আঁৰে কতো ৰাত্ৰি উজাগৰে অপেক্ষা কৰো এটি নতুন পুৱালৈ….
ক’তো চকুলোত তিতিছে শিতানৰ গাৰু…
কেনেকৈ আওকাণ কৰিব পাৰি সেই অসম্পূৰ্ণ সপোনৰ ভৰবোৰ….
আমিবোৰোটো মানুহ…!!
একেই দেহ একেই মন একেই প্ৰাণ….!!
একেই আবেগ একেই অনুভূতি….!!
ভালপোৱাৰ বাবেই থকাসৰকা হয় কত জীৱন….
তথাপি দায়িত্বৰ মিছা নাম দি লুকুৱাই ৰাখো অশ্ৰুসিক্ত নয়ন….
সকলোবোৰ জানো সহজ….!!!
তথাপি কেতিয়াবা আমিবোৰ লুভীয়া….
কেতিয়াবা প্ৰতাৰক…
আৰু কেতিয়াবা স্বাৰ্থপৰ…