খিড়িকী – Smritirekha Bhuyan

খিড়িকীৰে বন্ধুত্ব নজহে-নপমে
খিড়িকীখন খুলি ৰাখিবা।
বতৰ গোমাই হওঁক বা ফৰকাল
আশাত বন্দী আমি 
অন্ততঃ এখন খিড়িকী খুলি ৰাখিবা।

খিড়িকীৰ সন্মুখত মই নে
মোৰ সন্মুখত খিড়িকী ?
বুজা কঠিন যিদৰে 
মোৰ বাবে জীৱন নে 
জীৱনৰ বাবে মই ।

চোতালত চৰাইৰ গান আৰম্ভ হ’বৰে পৰা
উগুলথুগুল মনে সুৰৰ সন্ধান কৰে
সুৰ বৰ অভিমানী
গছে-পাতে সুৰ থাকিলেও 
হাতৰ তলুৱালৈ সুৰ নাহে
লুকা ভাকু খেলি ভাগৰি পৰিলে 
ওঁঠত লিপিত খাই পৰে।

সাক্ষী খিড়িকী।।

নিজান দুপৰত জিলিৰ মাউথ অৰ্গেন বাজে
উৰিফুৰা ৰ’দৰ গানত গুপুতে থাকে
সেউজ হোৱাৰ তাড়ণাত আতুৰ হৃদয়ত
বৰষুণৰ সপোন কঢ়িয়াই বাওনা হোৱা
তামৰঙী অপৈণত শইচৰ কাহিনী।
সাক্ষী খিড়িকী।।

বেলি দুপৰত দোপালপিটা বৰষুণজাক
গছে-বনে নোৱাই-ধুৱাই
দৈয়নৰ আখৰাত মগন ;
কোঠাৰ ভিতৰত বায়বীয় পৰিবেশত
পেণ্ডুলামৰ দৰে আন্দোলিত মন। 

সাক্ষী খিড়িকী।।

সুখ-দুখৰ সমতুল সমীকৰণৰ
সমাধান সূত্ৰৰ আকাংক্ষাত থকাজনক 
বৰষুণজাকে যাচে হিয়াৰ নিমন্ত্ৰণ;
সুখবোধৰ কণ-কঠীয়া
বাঢ়ি আহে বাঢ়নি পানীৰ সতে।

সাক্ষী খিড়িকী।।

কেতিয়াবা ভাবো মই যদি এটা চৰাই হ’লোহেঁতেন!
পৃথিৱীৰ কলুষ _কালিমাৰ স্পৰ্শাতীত হৈ
ডেউকা মেলি নীল আকাশত 
বহু ওপৰলৈ বিশাল পৰিসীমা জুৰি
বিচৰণ কৰিলোহেতেন।

সাক্ষী খিড়িকী।।

শব্দবোৰ বৰ অবুজ, 
অবিৰাম পৰিবৰ্তনশীল
কাঠিন্যৰ কাঁইটীয়া চোলা কেতিয়া পিন্ধে
কেতিয়া সোলোকায়
উমান পোৱা বৰ জটিল।

সাক্ষী খিড়িকী।।

নাজানে কোনেও কেতিয়া
জিঁয়াখেদা ল’ৰালিৰ সীমা গচকি
ঠৰঙা হাতৰ আঙুলি বাঙ্ময় হ’ব ,
আঙুলিৰ মুদ্রাত মাতাল ৰাতিৰ বেলাড বাজিব।
জানো! জানে মাথোঁ খিড়িকীয়ে।।

সাক্ষী খিড়িকী।।

Leave a Reply

Your email address will not be published. Required fields are marked *

  ⁄  5  =  1