হৃদয়ৰ দুৱাৰখন নঢকিয়াবাচোন
মোৰ যন্ত্ৰণা হয় !
ইজনে সিজনৰ হৃদয়ৰ
অলিয়ে গলিয়ে কথা পাতো মুক ভাষাৰে–
কঙাল সময়,আকালৰ দিনত নীলাম হৈ যাওঁ
আবদ্ধ কোঠাত–
পণবন্দী হৈ–!
উত্তৰৰ খিড়িকী মেলি দি-
পালো-নৈ পৰিয়াৰ
– নৰিয়া খবৰ
চপৰা-চপৰে নামি আহে
সোণগুটি কমোৱা–
পলসুৱা মৰম—!
পূবৰ-খিড়িকীৰে দেখিলো
এখন উদাৰ আকাশ, ৰঙীন বিভীষিকাময় !
আৰ্তনাদ-গণ নিগ্ৰহ
ৰজাই পৰা নাই নিগ্ৰহিব–!
অভিলাসী মন মৰহি গ’ল
শোকাকুল পৰিবেশ-
একাজলী মৰম অৰ্পিলো তোমাত–আছো ৰৈ–
–শান্তিৰ গভীৰ প্ৰত্যাশাত !
–পদ্মধৰ বড়া
২০/০৬/২০২০