খিৰিকী -Dhritasmita Sarma

খিৰিকী,

আইতাৰ হাঁহি আৰু উচুপনিৰ

নিৰ্বাক সংগী,

আইৰ জেতুকা বুলীয়া দুহাতত

সপোন সিঁচি দিয়াৰ সাক্ষী,

জোনাকীৰ সাধুকথা আৰু

শেৱালিৰ আমোল মোল গোন্ধত মতলীয়া দিনৰ ছবি ।

খিৰিকী, মোৰ বাবে

বৰষুণৰ জীপাল আমেজ,

অপেক্ষাৰ অন্তহীন গান,

পোৱা নোপোৱা, বুজা নুবুজাৰ

সাঁথৰ নেওচি,

ন সুৰুযক চুই চোৱাৰ হেঁপাহ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  5  =  11