বাস্তৱতাঃড০প্ৰীতিশ চৌধুৰী

জোনাকত
অৱগাহনৰ কথা-
মচি পেলাইছোঁ, কোন কাহানিবাই
হৃদয়ৰ পৰা….

ভৌতিক জগত!
কেৱল মোহাচ্ছন্ন- ছলনাৰে
মনৰ আকাশ…

বাস্তৱতাৰ স্বাদ মোৰ শৰীৰত-
সূৰ্যৰ ৰশ্মিৰ-
দগ্ধ হৈ শৰীৰ তপ্ত শিখাত তাৰ…

সেয়া দিব পাৰে জানো জোনাকৰ শিখাই?

সূৰ্যৰ কৃপাত অস্তিত্ব মাথোঁ যাৰ!

Leave a Reply

Your email address will not be published. Required fields are marked *

  ×  9  =  9