অ’ আপা অঁকাহ অ’ অঁকাহ : জিতুমণি নাথ

আৰু আগুৱে নাযাবি অ’ আপা
ভাল হ’ ভাল হ’,
লোকৰ চলি ডাঙাৰ হল
হৰেন মাহাজনৰ পুতাকক দেখা নাই?
নতুনকে আকহাল গৰু কিনচি
আঘোনী বুঢ়ীৰ মাটিবিঘাত হাল বাব,
পীতাম্বৰকাইৰ নাতিনাকেও
কাঁহীবাৰিত কপাহৰ খেতি ক’ল্লা।
তইহে এনকে থাকা অ’ আপা
দিনৰ দিনটো ঘুৰিবি
ৰাতি হলি ঘৰত মদ হুপিবি
আৰু ৰাজা হৈ আটাহ পাৰবি।
মিয়াৰেৰো দেহাত পেটৰ অসুখৰ পেৰে পাথৰ হল
বেজী দিলেও চেলাইন লাগে,
মোৰো উজাত খাই নখটো উলটিল
গৰুকেটা দঢ়াখ দেওতেও তেজ ওলাই।
মই আঁকালাই কি কৰিম অ’ আপা
ঘৰখানো চাবা লাগে
কঠিয়াও পাৰবা লাগে।
ভাবছিলু তই ডাঙাৰ হবি!
আমাক সুখত ৰাখবি!
এটা পাক্কা ঘৰ বানাবি!
কিন্তু চুন সপানগিলা বেলেগহে হল।
নিজৰ চলি থাকিও পৰ হল।
ইতানো সময় আছেও আপা
অাগুৱে নাযাবি
অঁকাহ অ’ অঁকাহ।।।
জিতুমণি নাথ
মো. নং.: ৬০০০০৮২৫৭৬
(কুলচি, নলবাৰী, কামৰূপ, অসম, ৭৮১১২৫)

Leave a Reply

Your email address will not be published. Required fields are marked *

20  −  13  =