বহুৰূপী আত্মতুষ্টি!
সলনি ৰং পৃথিৱীৰ,
সলনি ৰং তাৰো!
স্তব্দ্ধ হৈ পৰা সময়ৰ চকৰীত মৃত্যুৰ কিৰীলি!
বন্দিত্বেৰে আত্মতুষ্টি- চাৰি বেৰৰ মাজত!
পিছে, স্বাভিমানত আঘাত- নহয় জানো?
সলনি হয় ৰূপ আত্মতুষ্টিৰ!
চিঞৰি উঠে হেজাৰ কন্ঠ-
‘আত্মসমৰ্পন?
কাপুৰুষৰ দৰে মৃত্যুৰ চৰণত?
তাতোকৈ দি লম শানত
আমাৰ হেংদান!’
কাঁহ পৰি জীণ যায় মৃত্যুৰ কিৰীলি!
আৰু,
আৰম্ভ নৃত্য, আত্মতুষ্টিৰ-
মৃত্যুৰ বেদীত!