ৰাঘৱৰ ‘চাৰি চকা ঘুৰিব’ আৰু “মমতাৰ চিঠি”ৰ‌ ‘চিঠিৰে পাতত তুমি- Achinta Shankar

মুক্তিৰ পূৰ্বেই বহুলভাবে চৰ্চিত “ৰাঘৱ”। কিছুদিন পূৰ্বে ৰাঘৱৰ এটা টিজাৰ মুকলি হৈছিল, তাৰ পাছতেই যোগাত্মক-বিয়োগাত্মক মন্তব্যৰে চোচিয়েল মিডিয়া ও সংবাদ মাধ্যমত এক বিশেষ স্থান লাভ কৰে যতীন বৰাৰ অভিনয় -পৰিচালনাৰে আহিবলগীয়া চিনেমা ৰাঘৱে। “ৰাঘৱ” চিনেমাৰ এটি গীতৰ ভিডিঅ’ মুকলি হৈছে। ‘চাৰি চকা ঘুৰিলেহে’ শীৰ্ষক গীতটোত ৰাহুল গৌতম শৰ্মাৰ কথা, জুবিন গাৰ্গৰ কন্ঠ-সংগীত আৰু দীপক দেৰ নৃত্য নিৰ্দেশনা, জ্যোতি শংকৰ ভট্টাচাৰ্য্য নিৰ্মিত বিশ্বকৰ্মা পূজাৰ বিশাল মণ্ডপত ৰাঘৱে নাচিলে। হিৰণ্য ডেকা আদি কৰি বহু কেইগৰাকী অসমীয়া চলচ্চিত্ৰৰ ন-পুৰণি অভিনয় শিল্পীক দেখা গ’ল। মৃদুলা বৰুৱা বাইদেউক দেখিলোঁ। ডিঙিত গামোচা খন লৈ সেৱা কৰা দেখি ভাল লাগিল। বিশ্বকৰ্মা পূজা কেতিয়াও অসমৰ সংস্কৃতিৰ অংগ নাছিল। গতিকে তাত অসমীয়া চুৰীয়া-কামিজ পিন্ধি ঢোল-খোলেৰে নৃত্য কৰি উৎযাপন কৰাৰ কথা নাই। কৰিলেও বিশ্বকৰ্মা পূজা অসমৰ কৃষ্টি-সংস্কৃতিৰ অনবদ্য অংগ হৈ নপৰে। পুৰোহিত আৰু দুই-এজনৰ বাহিৰে আটায়ে কিন্তু নৃত্যত দেখুওৱা ধৰণৰে পোচাকেই পিন্ধে। আজিকালি মন্ত্ৰী-বিধায়ক-সাংসদকে আদি কৰি অসমীয়া ধাৰাবাহিকৰ বুজন সংখ্যক অভিনেতাই ঘৰৰ দৃশ্য সমূহত এনেধৰণৰ পোচাক পৰিধান কৰি থকাই দেখা যায়। তেতিয়া আমি ভালেই দেখো। অসমীয়া গামোচাখন একমাত্ৰ অসমৰ। তাক কোনেও কেতিয়াও নিজৰ বুলি দাবী কৰিব নোৱাৰে। বহিৰ্ৰাজ্যত ইয়াৰ ব্যৱহাৰ হ’লেও ই আমাৰ । চলচ্চিত্ৰৰ সাধাৰণ দৰ্শক হিচাপে আমি গীতটো ভাল পাইছোঁ। গীতৰ কথাই কয়, কিবা যেন কাহিনী লুকাই আছে ৰাঘৱৰ মনত। মৃদুলা বৰুৱাই যতীন বৰাই সেৱা কৰিব ল‌ওতেই পিছ হুহুকি যোৱাৰ আ‍ঁৰতো নিশ্চয় কাহিনী আছে। এইটো আজি কালি দেখা ভিডিঅ’ বিলাকৰ দৰেই নহয়। এখন চিনেমাৰ এটা গীত, যি এটা কাহিনীৰ উমান দিছে। আমি আশা কৰিছো এখন সফল চিনেমা হ‌ওক “ৰাঘৱ”। ৰাঘৱৰ চাৰি চকা ঘুৰাৰ লগতে অসমীয়া চিনেমাৰ চাৰি চকাৰ গতিও তীব্ৰ হওক। চিনেমাখন মুক্তি লাভ কৰিব অহা ২৭ অক্টোবৰত।

আন খন চিনেমা মমতাৰ চিঠি। হেম বৰুৱাৰ বিখ্যাত কবিতা মমতাৰ চিঠি।‌ ইতিপূৰ্বেই নিৰ্মল দাসে একেই কবিতাৰ নাট্যৰূপ দি নাটক চোৱা, নাটকৰ খৱৰ ৰখা সকলক আপ্লুত কৰি আহিছে। সেইগৰাকী হ’ল সত্ৰ নগৰী বৰপেটাৰ নাটক বলিয়া নিৰ্মল দাস। চিনেমা নিৰ্মাণৰ বাবে চাকৰিৰ জমা পইচা আৰু বেংকৰ লোনলৈ নিৰ্মাণ কৰি ওলিয়াইছে “মমতাৰ চিঠি”। নিৰ্মল দাস হয়তো অসমৰ চিনেমাত নতুন নাম। কাজেই তেওঁৰ চিনেমাৰ প্ৰতি কাৰো আগ্ৰহ নাই। চোচিয়েল মিডিয়াত প্ৰচাৰ নাই, টেলিভিছন মিডিয়াত খৱৰ নাই,জাতীয়তাবাদী অসমীয়াইও আগ্ৰহ দেখুৱায় নাই। আনতো বাদেই দিয়ক তেখেতৰ চিনেমাৰ লগত জড়িত শিল্পী-কলা কৌশলীৰো উৎসাহ নাই (এইটো কথাই তেখেতক দুখ দিছে যদিও মনোবল কমা নাই। ইয়াৰ কাৰণ হয়তো তেওঁ চৰ্চাৰ বিষয় নহ’ল কেতিয়াও)। নীৰবে শিল্প সাধনা কৰি আহিছে। নিজৰ একান্ত চেষ্টাত গঢ় দিছে “মুখা” নামৰ নাটকৰ অনুষ্ঠান, পাতি আহিছে নাট সমাৰোহ। এতিয়া মুখাৰেই নিবেদন “মমতাৰ চিঠি” ।পত্নী গীতাঞ্জলি দাস ছাঁৰ দৰে লাগি আছে তেখেতৰ প্ৰতিটো সৃষ্টিত। “মমতাৰ চিঠি” চিনেমাখনৰ দ্বিতীয়টো গীত ইতিমধ্যে মুক্তি লাভ কৰিছে। নতুন প্ৰজন্মৰ জনপ্ৰিয় সংগীত শিল্পী ভাস্কৰ অপচোৱালৰ কন্ঠ-সংগীতেৰে, নিৰ্মল দাসৰ কথাৰে ‘চিঠিৰে পাতত তুমি’ শীৰ্ষক গীতটোৰ নিৰ্দেশনা পংকজ ইংতিৰ। গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি দাস অভিনীত এটি মিঠা গীত। নাটকৰ মানুহ নিৰ্মল দাসে কিন্তু চিনেমাখনৰ কাৰিকৰী দিশৰ লগত কম্প্ৰোমাইজ কৰা নাই। সুদক্ষ চিত্ৰগ্ৰহণকাৰী প্ৰদীপ দৈমাৰী আৰু চলচ্চিত্ৰ সম্পাদক প্ৰতীম খাওণ্ড জড়িত আছে মমতাৰ চিঠিৰ নিৰ্মাণৰ লগত। উল্লেখযোগ্য যে দুয়োগৰাকী টীম ৰাঘৱৰ অন্যতম সদস্য। গতিকে নাটকৰ মানুহে নাটকহে কৰিব বুলিও পূৰ্বানুমান কৰাটোও উচিত নহ’ব। “মমতাৰ চিঠি” মুক্তি লাভ কৰিব ২৯ চেপ্তেম্বৰত। আশা কৰোঁ হেম বৰুৱাৰ মমতাৰ চিঠিৰ যথোচিত চলচ্চিত্ৰ ৰূপ দিবলৈ সক্ষম হ’ব নিৰ্মল দাস।
জয়তু অসমৰ চলচ্চিত্ৰ।
জয় আই অসম।।

Leave a Reply

Your email address will not be published. Required fields are marked *

64  ⁄  32  =