অম্বিকাচৰণ চৌধুৰী, কামতা সাহিত্যৰত্ন

অম্বিকাচৰণ চৌধুৰী অসমৰ বঙাইগাঁৱৰ এটি কৃষক পৰিয়ালত ১৯৩০ চনৰ ১৬ আগষ্টত জন্মগ্ৰহন কৰিছিল। তেখেতৰ পিতৃ নৰেশ্বৰ চৌধুৰী আৰু মাতৃ কাশীশ্বৰী চৌধুৰী।
জন্মঃ ১৬ আগষ্ট,১৯৩০
মৃত্যুঃ ৪ ডিচেম্বৰ,২০১১

অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনত অসমীয়াক অসমৰ ৰাজ্যভাষাৰ মৰ্য্যদা দিব লাগে বুলি সৰ্বপ্ৰথমে প্ৰস্তাব উত্থাপন কৰা ব্যক্তি জনেই আছিল অম্বিকাচৰণ চৌধুৰী দেৱ।তেখেতে অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে তিনিবাৰকৈ প্ৰতিদ্বন্দিতাত আছিল। অম্বিকাচৰণ চৌধুৰী অসমৰ এজন সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী আছিল| তেখেতক কামতা সাহিত্য ৰত্ন উপাধিৰে সন্মান জনোৱা হয়। তেখেত অসমৰ জনসাধাৰণৰ মাজত কামতাৰত্ন ৰূপে পৰিচিত আছিল।

১৯৬১ চনত গুৱাহাটীৰ লয়াৰ্ছ বুক ষ্টলে তেওঁৰ প্ৰথমখন গ্ৰন্থ “ৰত্নপীঠত এভূমুকি” প্ৰকাশ কৰিছিল। ইয়াৰ পিছত এখনৰ পিছত সিখন গ্ৰন্থ তেওঁ প্ৰকাশ কৰি গৈছে। মৃত্যুৰ আগলৈকে তেওঁ ৩৩ খন গ্ৰন্থ লিখি থৈ গৈছে। ইয়াৰে সাতখন ইংৰাজী ভাষাৰ গ্ৰন্থ। তেওঁৰ প্ৰায়সংখ্যক গ্ৰন্থই ইতিহাস আৰু বুৰঞ্জী সমৃদ্ধ।

অসম চৰকাৰে ২০০৯ চনত অম্বিকাচৰণ চৌধুৰী দেৱক বীৰ চিলাৰায়ৰ নামত প্ৰৱৰ্তন কৰা “চিলাৰায় বঁটা” প্ৰদান কৰিছিল। অসম সাহিত্য সভাই দুধনৈ সাহিত্য অধিবেশনত তেখেতক ৰত্নপীঠৰ ৰত্ন উপাধি প্ৰদান কৰিছিল।

অম্বিকাচৰণ চৌধুৰীদেৱৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থৰাজী

1.ৰত্নপীঠত এভূমুকি (১৯৬১)
2.বিচিত্ৰা ১ম (প্ৰকাশিত প্ৰবন্ধ কেইটামানৰ সংকলন, ১৯৬৫)
3.কমতাপুৰত শ্ৰী মন্ত শংকৰদেৱ (১৯৮২)
4.নৰৰূপে নাৰায়ণ (১৯৯১)
5.সংগ্ৰামসিংহ চিলাৰায় (১৯৮৩)
6.ইতিহাস অধ্যায়নৰ নৱদিগন্ত (১৯৯১)
7.কল্কি অৱতাৰ শ্ৰী শ্ৰী অনুকুল চন্দ্ৰ (১৯৮৮)
8.বঙাইগাঁৱৰ জীৱন কাহিনী (১৯৮৩)
9.যুৱৰাজ শুল্কধ্বজৰ সাহিত্য প্ৰতিভা (১৯৯২, ২০০৯)
10.কোচ-ৰাজবংশী সন্মিলনীৰ সমীক্ষাত্মক ইতিহাস (১৯৯৩)
11.তপস্বীনি ৰাণী অভয়েশ্বৰী (১৯৯৩)
12.মহাপুৰুষ শ্ৰী চৈতন্যদেৱৰ জীৱন আৰু দৰ্শন (১৯৬৫)
13.শান্তিৰ দূত হজৰত মহম্মদ (১৯৬৫)
14.আহ্বান (কেইটামান প্ৰকাশিত কবিতাৰ সংকলন, ১৯৯৫)
15.মহাৰাজ নৰনাৰায়ন আৰু সেতু (১৯৯৮)
16.শব্দাৰ্থৰ মৈলিক বিশ্লেষণ (১৯৯৯)
17.শ্ৰী শ্ৰী কালিমাৰ তাত্ত্বিক পৰিচয় (২০০২)
18.ৰাংটা গাৰো, ৰাজা মহেন্দ্ৰ নাৰায়ণ আৰু অম্বিকাচৰণ চৌধুৰীৰ জীৱন কৃতি (২০০৪)
19.কাছাৰ ৰাজ্যৰ খাছু ছা আৰু ডিমাছাৰ কৰুণ ইতিহাস (২০০৪)
20.বড়ো-কছাৰীৰ সাংস্কৃতিক পৰিচয়, বিজনী-চিদলী-মেছপাৰা আৰু পৰ্বত জোৱাৰৰ ইতিহাস, আমাৰ বক্তব্য (২০০৪)
21.কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি (২০১১)
22.কোঃ পন্থা, অভিনন্দন গ্ৰন্থ, কুত্তি যাঙতে এলা, Satsang-at a glace, whithher the Koches of Chilarai (১৯৮৪)
23.whither the Koches of Chilarai? (১৯৮৪)
24.Glory : Thy Name is Goalpara (১৯৯৭)
25.The Koches Around the World (১৯৯১)
26.Varities (কিছুমান প্ৰকাশিত প্ৰবন্ধৰ সংকলন, ১৯৯৩)
27.Koch Rajbongshies Betrayed, (২০০৯)
28.A Peep into Rajbonshi Language[6]

তথ্যসূত্ৰ: as.wikipedia.org

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  85  =  92