মোৱামীয়াৰ ধৰ্ম প্রচাৰ

মোরামীয়াৰ ধম’ প্রচাৰ

মহাপুৰষ শ্রী মন্

মোৱামীয়াৰ ধৰ্ম’ প্রচাৰ মহাপুৰষ শ্রী মন্ত শংকৰদেবে অসমত বৈ্ষ্ঞব ধৰ্ম’ প্রবত’ন কৰি জাতি বণ’,উচ্চ – নীচ নিৰ্বিশেষে অসমীয়া জাতিক একত্রিত কৰি এক শৰণ নাম ধৰ্মৰে বান্ধ খুরাই থৈ গল । প্ৰিয় শিষ্য মাধবদেব আৰু গোপালদেবে গুৰুৰ পদ অনুকৰণ কৰি বিভিন্ন ঠাইত সত্র পাতি ধৰ্ম প্রচাৰ কৰিছিল । মোরামৰীয়া পন্থাৰ জনক মহাপুৰুষ অনিৰুদ্ধ দে (১৫৫৩-১৬২৬) গোপালদেবেৰ দ্বাদশতম শূদ্র শিষ্য আছিল । অনিৰুদ্ধ দেবে লখিমপু্ৰৰ বিঞ্চুবালিকুঞ্চি আৰু নাহৰআটীত সত্র স্হাপন কৰি ভিন ভিন স্বকীয ৰীতি নীতিত অভ্যস্ত থলুরা জনগোষ্ঠীসমূহক উদাৰ মনোভাবেৰে শৰণ দি বৈষ্ণব ধৰ্মৰ একেখন চালিৰ তলতে সমেবত কৰিছিল । ফলস্বৰূপে মৰাণ,বৰাহী,আহোম,কছাৰী,চুতীয়া,নাথ,য়োগী আদি সম্প্রদায়ৰ লোক সকলেও মোরামৰীয়া ধৰ্মত শৰণ লৈছিল ।অনিৰুদ্ দেবৰ মৃত্যুৰ পাছত জেষ্ঠ পুত্র কৃষ্ণ দেবে মালৌপথাৰৰ মাজত আৰু দিহিং নৈৰ কাষত খুতিয়াপোতাত সত্র পাতিছিল ।তদুপৰি তেকেতে খুতিয়াপোতাত ফুলাম নামঘৰ সাজি মোরামৰীয়া পন্থৰ লোকসকলক ধৰ্মীয় ৰীতি নীতিৰে খোল,তালৰে গায়ণ বায়নৰ চৰ্চা কৰাইছিল।কৃষ্ণদেবৰ মৃত্যুৰ পাছত ক্ৰমে হৰিৰামদেবে আৰু নিত্যানন্দদেবে মায়ামৰা সত্রৰ অধিকাৰ হৈছিল । সংকৃতত বিদগ্ধ পন্ডিত হৰিৰামদেবে কেইবাখনো গ্রন্থ, অংকীয়া নাট আদি আৰু নিত্যাণ্দদেবেও মুক্তি মংগল শাস্ত্র,মাৰীচ বধ, আদি অংকীয়া নাট অনুবাদ কৰিছিল ।

Source: Prakash ch. Borah , Ramen Saikia [ Malo potharor oitihashik barbheti ]

অনিৰুদ্ধ দেব 

Leave a Reply

Your email address will not be published. Required fields are marked *

77  −  76  =