সাধনা বনাম গ্ৰে’ইচ মাৰ্ক আৰু ৰাজনীতিত বাহুবলী

৩০ মে’,আমাৰ অসম কাকতত, ড。হীৰেন গোহাঁই ছাৰৰ গ্ৰে’ইচ মাৰ্ক আৰু ৰাজনীতিত বাহুবলী পঢ়ি সম্পূৰ্ণ শ্ৰদ্ধা আৰু বিনম্ৰতাৰে দুটামান কথা ক’ব খুজিছোঁ৷ ভাৰতীয় সমাজ ব্যৱস্হাৰ প্ৰতিটো স্তৰত ৰাজনীতৰ অপপ্ৰভাৱ কোনো নতুন কথা নহয় আৰু শিক্ষা, ক্ৰীড়া বা ইতিহাস অধ্যয়নৰ দৰে ক্ষেত্ৰবোৰতেই নহয়,সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ ভেটি প্ৰতিষ্ঠাৰ দৰে কামবোৰো বহুক্ষেত্ৰত ৰাজনৈতিক হিচাপ-নিকাচেৰে পৰিচালিত হোৱা পৰিলক্ষিত হয়৷ এবাৰ এজন প্ৰখ্যাত ভাৰতীয় মহাকাশ বিজ্ঞানীক ভাৰতৰ আন সকলোবোৰ ক্ষেত্ৰতকৈ মহাকাশ বিজ্ঞানৰ চমকপ্ৰদ জয়যাত্ৰাৰ আঁৰৰ কাহিনী সম্পৰ্কে সোধা হৈছিল৷ উত্তৰত তেখেতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত ৰাজনৈতিক প্ৰভাৱশূন্যতা আৰু বিজ্ঞানীৰ বৌদ্ধিক স্বাধীনতাক আঙুলিয়াই দিছিল৷ দুৰ্ভাগ্যজনকভাৱে সেই ৰাজনৈতিক প্ৰভাৱশূন্যতা আৰু প্ৰাজ্ঞ ব্যক্তিৰ বৌদ্ধিক স্বাধীনতা ভাৰতীয় শিক্ষা ব্যৱস্হাত পাবলৈ নাই আৰু সেইবাবেই গ্ৰে’চ নম্বৰকেন্দ্ৰিক বিতৰ্কটোকো ইয়াৰপৰা নিলগাই চাব নোৱাৰি৷কিন্তু মূল বিষয়টো যিহেতু ছাত্ৰ-ছাত্ৰীৰ লগত জড়িত, সেইবাবেই এই বিতৰ্ক কেৱল ৰাজনৈতিক ৰূপতেই সীমাবদ্ধ হৈ থাকিব নোৱাৰে ৷ গোটেই বিষয়টোৰ ঘাই শিপাডাল আছিল শিক্ষাৰ লগত জড়িত আৰু দীৰ্ঘ ৰাজনৈতিক বিতৰ্কতকৈ এক প্ৰকৃত শৈক্ষিক,বৌদ্ধিক আৰু তাত্ত্বিক অনুসন্ধিৎসাৰ প্ৰয়োজন আছিল এই বিষয়ত সৰ্বাধিক ৷ৰাজনীতিৰ বিষয়টোক এই ক্ষেত্ৰত মূল শৈক্ষিক বিষয়টোৰ corresponding evil হিচাপেও গণ্য কৰিব পৰা যায়৷ মূল বিতৰ্ক আৰু প্ৰদৰ্শিত তথ্যপাতি দুয়োটাৰ পৰা এটা কথা স্পষ্ট যে নম্বৰ বঢ়াই দিয়া হৈছিল ৷ আঁৰত কিবা উদ্দেশ্য থাককেই বা নাথাককেই,আমাৰ বোধেৰে নম্বৰ বঢ়াই দিয়াটো উচিত নে অনুচিত, এইটোহে হোৱা উচিত আছিল আলোচনাৰ কেন্দ্ৰীয় বিষয়বস্তু ৷বহল প্ৰেক্ষাপটত তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যদি নম্বৰ বঢ়াই দিয়া হয়,তাৰপৰা ছাত্ৰ-ছাত্ৰীৰ উপকাৰ হয়নে অপকাৰ? আমাৰ বিচাৰেৰে আমি স্পষ্ট যে গ্ৰে’চ নম্বৰৰ সহায়ত কোনোমতে উত্তীৰ্ণ হোৱা ছাত্ৰ খিনিক বাদ দি বাকী বেছিভাগক্ষেত্ৰতেই অপকাৰেই হয় সৰ্বাধিক ৷

ড。গোহঁাই ছাৰ প্ৰমুখ্যে বহুজনে এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছে যে উন্নত শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ স্বাৰ্থত অসমৰ ছাত্ৰ-ছাত্ৰীক আন ৰাজ্যিক বা কেন্দ্ৰীয় ব’ৰ্ডৰ সমৰূপত নম্বৰ প্ৰদান কৰিব লাগে৷ আজিৰ প্ৰতিযোগিতাৰ দিনত নম্বৰকেন্দ্ৰিক বিষয়ত সকলো ব’ৰ্ডৰে নিঃসন্দেহে সমৰূপতাৰ প্ৰয়োজন আছে ৷ কিন্তু এইটোৱেই একমাত্ৰ আৰু শেষ কথা হ’ব পাৰেনে ? মুষ্টিমেয় কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে উন্নত প্ৰতিষ্ঠানত আন ব’ৰ্ডৰ ছাত্ৰ-ছাত্ৰীৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব; কিন্তু সংখ্যাগৰিষ্ঠ আন ছাত্ৰ-ছাত্ৰীখিনিয়ে নিজৰ যোগ্যতাতকৈ অধিক নম্বৰ পালে, সি প্ৰকৃততেই শিক্ষা তথা সমাজব্যৱস্হাৰ বাবে ক্ষতিকাৰক নহ’বনে? ড。 গোহাঁই ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা কালত সকলো বিশ্ববিদ্যালয়ৰ নম্বৰকেন্দ্ৰিক সমৰূপতাৰ কিবা আঁচনি আছিল নেকি? অতীতৰ এছোৱা সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা বহুতো মেধাৱী ছাত্ৰই অতি ন্যূনতম নম্বৰৰ বাবে নৰ্মছ (৫৫%) নোপোৱা অৱস্হাত একেটা বিষয়তে গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈও যোগ্যতা আহৰণ নকৰা ছাত্ৰই বাহিৰৰ কিছুমান বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগ লৈ আহি মহাবিদ্যালয়ৰ অধ্যাপক হোৱাৰ যথেষ্ট উদাহৰণ আছে ৷শৈক্ষিক আঁচনিবোৰ সকলো সময়তে সকলোৰে বাবে মংগলজনক হ’ব লাগে অন্যথা ই একোটা সময়ৰ একোটা প্ৰজন্মক পংগু কৰি পেলোৱাৰ লগতে জাতিটোৰো ক্ষতিসাধন কৰে ৷ কোনো ছাত্ৰই নিজৰ প্ৰাপ্যতকৈ যেনেকৈ কেতিয়াও কম নম্বৰ পাব নালাগে,তেনেকৈ বেছি নম্বৰো দিব নালাগে৷ পৰীক্ষা হৈছে মেধা আৰু যোগ্যতাৰ প্ৰতিফলক;আৰু অকল ছেবা নহয়,কোনো ব’ৰ্ডেই অগ্ৰহণযোগ্য নম্বৰ প্ৰদান পদ্ধতি অৱলম্বন কৰিব নালগে ৷ যদিহে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰে কোনো নিৰ্দেশনা দিছে সি আদৰণীয় আৰু তাৎক্ষণিকভাৱে কাৰ্যকৰণীয় ৷যি কাৰণতেই নহওক কিয়,এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে যোৱা কিছু বছৰৰ পৰা নম্বৰপ্ৰাপ্তিৰ এক সহজসাধ্য ব্যৱস্হা গঢ় লৈ উঠিছে আৰু তাৰবাবে আনকি পাঠ্যক্ৰম আৰু প্ৰশ্নকাকতৰ পেটাৰ্ণৰো পৰিবৰ্তন কৰা হৈছে ৷ কিন্তু আমাৰ মূল প্ৰশ্নটোৱেই হ’ল সহজসাধ্য নম্বৰ ব্যৱস্হাৰ ওপৰত,সি যি ব’ৰ্ডৰেই নহওক কিয় ৷প্ৰশ্নটো হ’ল এই ব্যৱস্হাৰ ক্ষতিকাৰক দিশ একো নাই নেকি বা সেইবোৰ সম্পূৰ্ণৰূপে অৱহেলা কৰিব লগা বিষয় নেকি? প্ৰথম কথা, ইয়াৰ দ্বাৰা আনুষ্ঠানিক শিক্ষাৰ প্ৰকৃত উদ্দেশ্যৰ পৰা আঁতৰি অহাৰ লগতে বহুতো ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক প্ৰকৃত সাৰস্বত সাধনাৰ পৰা বিচ্যু্ত কৰা হৈছে ৷নম্বৰৰ পৰিমাণ বাঢ়়িলেই মেধা নাবাঢ়ে অথচ্ নম্বৰকেন্দ্ৰিক সন্তুষ্টিয়েই হৈছে আমাৰ বাবে সৰ্ব্বোচ্চ প্ৰাাপ্তি৷

বৰ্তমান সময়ত মেট্ৰিক পৰীক্ষাত প্ৰৱৰ্তন হোৱা ব্যৱহাৰিক পৰীক্ষা ব্যৱস্হাক কোনো ক্ষেত্ৰতেই সুপৰিকল্পিত আৰু গুনগত শৈক্ষিক কাৰ্যসূচী বুলি ক’ব নোৱাৰি আৰু কেৱল ছাত্ৰ-ছাত্ৰীৰ নম্বৰ বঢ়োৱাত সহায়ক হোৱাৰ বাহিৰে এই মুহূৰ্তলৈকে এই ব্যৱস্হাৰ কোনো উপযোগিতা বাস্তৱ ক্ষেত্ৰত পৰিলক্ষিত হোৱা নাই৷ আন এটা কথা লক্ষ্য কৰিবলগীয়া যে এই পৰীক্ষা অনুষ্ঠিত কৰে বিদ্যালয় কৰ্তৃপক্ষসমূহে নিজেই,অাকৌ বিদ্যালয় পক্ষৰ সন্মুখত থাকে উত্তীৰ্ণৰ হাৰৰ নিৰ্দিষ্ট চৰকাৰী লক্ষ্য, যাৰবাবে বিদ্যালয় কৰ্তৃপক্ষই সহজে নম্বৰ দিবলৈ কুণ্ঠাবোধ নকৰে আৰু ব্যৱহাৰিক পৰীক্ষা হৈ পৰে কেৱল বিনা পৰিশ্ৰমে নম্বৰ পোৱাৰ এক আহিলা ৷একেদৰে সীমিত পাঠ্যক্ৰমভিত্তিক পদ্ধতিত ৰচনাধৰ্মী প্ৰশ্নৰ স্হান নাই যাৰ বাবে, আমাৰ বোধেৰে, প্ৰকৃত মেধাৱী ছাত্ৰ-ছাত্ৰীখিনিক বাদ দি (যাক নম্বৰকেন্দ্ৰিক তুলাচনীৰ প্ৰয়োজন নাই) বাকী ছাত্ৰ-ছাত্ৰীসকলে উন্নত বাক্যৰ গাঁথনি বা কোনো বিষয়ৰ বস্তুনিষ্ঠ বিশ্লেষণ কৰাৰ সক্ষমতা বিকাশ কৰাৰ সুবিধা নোহোৱা হৈছে ৷আকৌ সহজে নম্বৰ পোৱাৰ ব্যৱস্হাই জ্ঞানৰ ঐকান্তিক অনুশীলনৰ পথ ৰুদ্ধ কৰিছে যাৰ বাবে কষ্টসাধ্য অধ্যৱসায়ৰ প্ৰৱণতা হ্ৰাস পাইছে আৰু পৰোক্ষভাৱে অধ্যয়নবিমুখ মানসিকতা এটায়ো শিপা মেলিছে ৷সহজসাধ্য নম্বৰ ব্যৱস্হাই কৰা আন এটা অপকাৰ হ’ল ই গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীক নিজক চিনি-বুজি পোৱাত বা নিজৰ প্ৰকৃত মেধা আৰু যোগ্যতা চিনাক্ত কৰাত বাধা দিছে ৷ সহজ সফলতাই লৈ অহা আত্মবিশ্বাস বহুসময়ত আত্মঘাতী হয় আৰু তাৰ আনন্দও চিৰস্হায়ী নহয় ৷জীৱনৰ প্ৰকৃত পৰিক্ৰমাত এই সফলতাৰ কোনো অৱদান নাথাকে আৰু পৰৱৰ্তী সময়ত নিজৰ দীন-হীন ৰূপ আৱিষ্কাৰ কৰি নিজকে হেৰুৱাই পেলোৱাৰো সম্ভাৱনা থাকে ৷
শিক্ষাৰ এটা অন্যতম উদ্দেশ্য হৈছে জীয়াই থাকিবলৈ ব্যক্তিক সামাজিক আৰু অৰ্থনৈতিক যোগ্যতা আহৰণৰ বাবে প্ৰস্তুত কৰা; কিন্তু ৩৹-৩৫% প্ৰাৰ্থী উত্তীৰ্ণ হোৱা অৱস্হাত বাকী ৬৫-৭০% মানৱ সম্পদৰ যি অপচয় তাক ৰোধ কৰিবলৈ গোটেই শিক্ষা ব্যৱস্হাৰ পৰিবৰ্তনৰ সলনি কেৱল নম্বৰ বঢ়াই দি মানৱ সম্পদ সৃষ্টিৰ প্ৰৱণতা অনৈতিক আৰু সমাজৰ বাবে ক্ষতিকাৰক ৷নৈতিকতা আৰু পবিত্ৰ দৰ্শনৰ দ্বাৰা পৰিচালিত এক সুস্হ শিক্ষানীতি আমাক লাগে য’ত প্ৰকৃত অৰ্থত নাগৰিক আৰু সমাজ,ৰাজ্য আৰু ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ সম্ভৱপৰ হয় ৷
[প্ৰণৱ দেৱ চৌধুৰী]

Leave a Reply

Your email address will not be published. Required fields are marked *

5  ×    =  35