হেল্ল’ দত্ত বাবু,কেইছনবা (কেনেকুৱা)? এইষাৰ কথাই সদাই ৰীতাৰ মনত ভাঁহি থাকে।“অনাৰ্ছি আঙ্কল।” দেখাত অতি সহজ – সৰল, বিহাৰৰ এইজন লোক ৰীতাহঁতৰ ঘৰৰ গলিটোৰ সকলোৰে প্ৰিয় ব্যক্তি । জন্মৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকৰ সংস্পৰ্শত থকা ৰীতাহঁতৰ কেম্পাচত অৰ্নাছি আঁঙ্কল ও হৈছে তেনে এজন ব্যক্তি যি কৰ্মসূত্ৰে নিজৰ পৰিয়ালক এৰি আহি অসমত বস – বাস কৰিছিলহি। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অৰ্নাছিয়ে চাকৰিটো কৰাৰ উপৰিও নিজৰ আজৰি সময়ত কেম্পাচৰ সমবায়খনত কাম কৰাৰ লগতে কোনো কোনো লোকৰ ঘৰত ৰান্ধনীৰ কামও খুব সুন্দৰ কৈ কৰিছিল। দিনটোৰ সকলো কাম শেষ কৰি যি খিনি সময় তেওঁ পাইছিল সেইখিনি তেওঁ ৰীতাহঁতৰ দেউতাকৰ লগত আড্ডা মাৰি পাৰ কৰিছিল। আড্ডাৰ বিষয় আছিল বিভিন্ন ধৰণৰ – ঘৰ,পৰিয়াল,খেতি, মনৰ আশা ইত্যাদি ইত্যাদি।
এনেকৈয়ে এদিন তেওঁ ৰীতাৰ দেউতাকক ক’লে- “ জানে দত্ত বাবু,মোৰ এটা বহুত ডাঙৰ আশা আছে – এটা হাতী কিনাৰ।”
কথা শুনি ৰীতাৰ দেউতাক বহুত আচৰিত হল! আশা!!! তাকো হাতী কিনাৰ!
“হয়, দত্ত বাবু। মোৰ এটা হাতীৰ গৰাকী হ’বৰ বহুত মন। মই এদিন এই আশা পূৰণ কৰিমেই।”
অনাৰ্ছিৰ কথা শুনি ৰীতাৰ দেউতাকে একো মাত নামাতিলে। মনতে ভাবিলে – “ক’ত হাতী আৰু ক’ত অনাৰ্ছি। বাহিৰৰ মানুহ এটা সময়ত অসমৰ পৰা গুচি যাবগৈ।”
মাজে মাজে ৰীতাৰ দেউতাকৰ লগত হোৱা আলোচনাত অনাৰ্ছি আঙ্কলে হাতীৰ কথা উল্লেখ কৰিলেও ৰীতাৰ দেউতাকে একো মাত নামাতিছিল।
সময় বাগৰি গৈ থাকিল…অনাৰ্ছি আঙ্কলে চাকৰিৰ পৰা অৱসৰ ল’লে।অৱসৰ সময়ত অলপ ধন তেওঁ পালে। সকলোৱে ভাবিলে তেওঁ আকৌ নিজৰ বিহাৰৰ গাওঁলৈ গুচি যাব । ঘৰলৈ উভতাৰ সকলো যা – যোগাৰ কৰাৰ পাছত এদিন হঠাৎ অনাৰ্ছি আঙ্কল নাইকীয়া হ’ল। সকলোৰে মুখে মুখে এটাই কথা ক’ত গ’ল মানুহজন।
এনেকৈয়ে প্ৰায় ১০-১২ দিন পাছত ৰীতাহঁতৰ কেম্পাচলৈ এজন মানুহ হাতীৰ পিঠিত উঠি অহা সকলোৱে লক্ষ্য কৰিলে।গলিৰ সকলোৱে অনাৰ্ছিক দেখি হতবাক।
অৱসৰৰ সময়ত পোৱা সকলো ধন আৰু নিজৰ জমা টকা সকলো দি তেওঁ এটা হাতী কিনিলে আৰু নাম থ’লে চম্পা। তেওঁৰ মুখৰ হাঁহিতেই সকলোৱে ধৰিব পাৰিছিল তেওঁ কিমান সুখী। সকলো ব্যবস্থা কৰি অনাৰ্ছিয়ে চম্পাক বিহাৰলৈ লৈ গ’লগৈ।
বিহাৰলৈ যোৱাৰ পাছত তেওঁৰ একো খবৰ ৰীতাহঁতে নাপালে। প্ৰায়, এক ডেৰ বছৰ মানৰ পাছত অনাৰ্ছি আকৌ কেম্পাচত আহি ভৰি দিলেহি।আহিয়েই ৰীতাৰ দেউতাকক মাত দিলে – “দত্ত চাহাব, কাইছেনবা?”
আগৰ দৰেই হাঁহি মুখিয়া মানুহজনৰ স্বাস্থ্যৰ যথেষ্ঠ অৱনতি ঘটিছিল। অত দিন কি হ’ল’ কি নহ’ল সকলো কথা তেওঁ বিৱৰি কোৱাত গম পোৱা গ’ল যে তেওঁ যোৱা প্ৰায় ৬মাহ ধৰি চম্পাৰ কাৰণে কাজিৰঙাৰ ওচৰতে বস-বাস কৰি আছে। বিহাৰত হাতীৰ খাদ্য নাটনি হোৱা হেতুকে চম্পাই বিভিন্ন ৰোগত ভুগিব লগা হৈছিল। চম্পাৰ কাৰণে অনাৰ্ছি অসমলৈ আহি তাইক পুহ -পাল দি আছিলহি। আজি চম্পা দুই বছৰত ভৰি দিলে। কিন্তু চম্পাৰ খোৱা- বোৱাৰ ভাৰ ইমান বাঢ়ি গৈছিল যে অনাৰ্ছিয়ে বহন কৰিব পৰা নাছিল আৰু তেওঁ ও বুঢ়া হৈ আহিছিল। চম্পাক যাৰ পৰা কিনিছিল তেওঁ চম্পাক বিহাৰৰ পৰা অনা আৰু তাইৰ ভৰণ- পোষনত অনাৰ্ছিক যথেষ্ঠখিনি সহায় কৰি আহিছে। সেয়েহে, তেওঁ চম্পাক আকৌ তেওঁৰ হাততে গোটেই যি খিনি পাব,সেই খিনি লৈয়েই বিহাৰৰ গাৱঁলৈ উভতাৰ কথা ভাবি আছিল।
“দত্ত চাহাব, এটা হাতীৰ মালিক হ’বলৈ খুব মন আছিল।হাতৰ পিঠিত উঠি গাঁৱলৈ গৈ সকলোকে দেখুৱাব বিচাৰিছিলো।মই মোৰ আশা পূৰণ কৰিলোঁ। হাতীৰ মালিক ও হ’লো গাওঁৰ মানুহক দেখুৱালো ও।এতিয়া সময় হৈছে ঘূৰি যোৱাৰ। হাতত থকা ধনও শেষ হৈ আহিছে।চম্পাক তালৈ নি মই তাইক মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰোঁ। তাইক ইয়াতে বিক্ৰী কৰি যাম।আগৰ মালিকৰ হাতত।যদিও মই যিমান পাব লাগে নাপাওঁ কাৰণ বহু দিন ধৰি তেৱেই চম্পাক চাই আছে। জীৱনৰ এটা ডাঙৰ আশা পূৰণ কৰিলোঁ। এতিয়া বিচাৰো চম্পা ভালে থাকক, কুশলে থাকক।”-এইষাৰ কথা কৈ অনাৰ্ছি আঙ্কলে হুক- হুকাই কন্দিবলৈ ধৰিলে।তেওঁৰ চকুলোত ৰীতাহঁতৰ দেউতাকৰ লগতে সকলোৰে চকুপানী বৈ আহিল। অনাৰ্ছি আঙ্কল গ’ল গৈ…চম্পাক কাজিৰঙাতে থৈ। বৰ্তমান, তেওঁ কেনে আছে,কি কৰি আছে,ৰীতাহঁতৰ লগতে কেম্পাচৰ কোনেও গম নাপায়…. কিন্তু, ৰীতাৰ লগতে ঘৰৰ সকলোৱে অনাৰ্ছি আৰু চম্পাৰ মঙ্গল কামনাৰ হেতু সদায় এবাৰ হ’লেও প্ৰাৰ্থনা কৰে।
Sanjukta Saikia
Sms, KVK, Sonitpur