নাটক পৰ্বঃড০প্ৰীতিশ চৌধুৰী

(স্বাধীনতা দিৱসৰ অনুভৱ)

মুহুৰতঃ

পৰাধীনতাৰ শিকলি চিঙাৰ
সপোন দেখা- স্বপ্ন-ফুলৰ-
‘স্বাধীনতা তোমাৰ জন্মগত অধিকাৰ’ …

ক্লাইমেক্সঃ

হেজাৰ চহিদৰ কেঁচা তেজৰ বন্যাত
দেশৰ লেকাম তোমাৰ বজ্ৰ-মুঠিত,
উত্তাল দেশ, উত্তাল বিশ্ব
উল্লাসত তোমাৰ…

ছন্দপতনঃ

ডেউকা মেলিলে জাকে জাকে
হেজাৰ হেজাৰ দেশী ভাম্পায়াৰ,
কৰ্ণ-গহ্বৰত আঘাত এটাই ঐক্যতান-
‘স্বাধীনতা দেশৰ,ভোগাধিকাৰ আমাৰ’..

উপ-সংহাৰঃ

অৰ্ধ-মৃত তুমি, বুকুত বান্ধি লৈ-
স্বপ্নাধিকাৰ আৰু ভোটাধিকাৰ!

Leave a Reply

Your email address will not be published. Required fields are marked *

  ⁄  2  =  2