ধানৰ মজ্জাখোৱা পোক আৰু টাটা জাইগান্তৰ ব্যৱহাৰ- Ankur Protim Borah

আমাৰ প্ৰায় সকলো কৃষকবন্ধু বাৰুকৈয়ে মজ্জাখোৱা পোকৰ পৰা অতিষ্ঠ হোৱা দেখা যায়। কাৰণ এই বিধ পোকে অতি কম সময়ৰ ভিতৰতে ধানৰ ব্যাপক ক্ষতিসাধন কৰিব পাৰে। ই ধান ৰোৱাৰ ১৫ৰ পৰা ২৫ দিনৰ মাজত আক্ৰমন কৰে আৰু ২০% ৰ পৰা ৮০% পৰ্যন্ত আৰ্থিকভাৱে ক্ষতি সাধন কৰে। সময়ত ইয়াক দমন নকৰিলে ই সম্পূৰ্ণ ধাননি পথাৰত সিঁচৰিত হৈ পৰে আৰু উৎপাদনত বহু ক্ষতিসাধন কৰে।

মজ্জাখোৱা পোকৰ মাইকী পখিলাবোৰ উজ্জ্বল হালধীয়া মুগা বৰণৰ হয় আৰু আগৰ পাখিত কলা ৰঙৰ ফোঁট থাকে। এই পখিলাই ধানৰ পাতৰ আগত থুপ পাতি কণীবোৰ পাৰে আৰু এই কণীবোৰ ৰঙেৰে আবৃত হয়। প্ৰায় এসপ্তাহ মানৰ পাচত কণীবোৰ ফুটি পলুবোৰ ওলায় আৰু পলুবোৰ ধান গছৰ কাণ্ডৰ ভিতৰত সোমাই কুমলীয়া পোখা বোৰ খাই পেলাই। যাৰ ফলত পাতবোৰ শুকাই যায় আৰু তাক “দেড হাৰ্ট ” বুলি কোৱা যায়। বৰ্দ্ধনশীল পৰ্যায়ত কাণ্ডবোৰৰ ভিতৰত সোমাই কোঁহ খাই দিয়াৰ ফলত ধানৰ পৰিৱৰ্তে পতান হয়।

প্ৰতিকাৰ:-

১) কঠীয়াৰ দ্বাৰা যাতে মজ্জাখোৱা পোক মূল পথাৰলৈ যাব নোৱাৰে তাৰবাবে কীটনাশক ব্যৱহাৰ কৰিব লাগে। যেনে টাটা কৰণ্ডা ১.৫মি:লি: প্ৰতি লিটাৰ পানীত মিলাই স্প্ৰে কৰিব।

২) কঠীয়া মূল পথাৰলৈ অনাৰ আগতে আগবোৰ কাটি দিয়া উচিত, যাতে জীৱিত কণীবোৰ মূল পথাৰলৈ নাহে।

৩) ভূঁইৰোৱাৰ ১৫ৰ পৰা ২০দিনৰ মাজত টাটা কোম্পানীৰ জাইগান্ত নামৰ দৰৱ বালি নাইবা সাৰৰ লগত বিঘা প্ৰতি ১.৫কেজি হাৰত ছটিয়াই দিব। মন কৰিব যাতে খেতি দৰাত ৬-৭ দিনৰ বাবে ২-৩ ইঞ্চি মান পানী ধৰি ৰাখিব পৰা যায়।

জাইগান্ত ধানৰ মজ্জাখোৱা পোক দমনত অন্যতম। মজ্জাখোৱা দমনৰ উপৰিও জাইগান্তে ধানৰ শিপা প্ৰচুৰ পৰিমাণে বৃদ্ধি কৰে ফলত গছে অধিক পৰিমাণৰ খাদ্য আহৰণ কৰিব পাৰে। ফলনশীল থোৰৰ সংখ্যা বৃদ্ধি হয়, পতান কম হয় আৰু উৎপাদন বৃদ্ধি হোৱাত সহায় কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

33  −    =  31