কাতি মাহৰ কৃষি পদ্ধতি -পিংকুধৰ বর্মন

কৃষক বন্ধুসকলে তেখেতসকলৰ আদৰৰ শালি খেতি অশেষ কষ্ট কৰি ৰোপণ কৰি এতিয়াও লালন পালন কৰি আছে । এতিয়া তেখেতসকলৰ সন্মুখত আহি আছে ৰবি শস্যৰ বতৰ । এইখিনি সময়তে বিভিন্ন শাক পাচলি তথা খাদ্য শস্য লগোৱাৰ সময় । শস্য অনুযায়ী মাটি নিৰ্বাচন কৰা, অধিক উৎপাদন ক্ষম জাতৰ নিৰ্বাচন আদিকে কৰি এশ এবুৰি পৰিকল্পনা কৰি নিজৰ ৰবি শস্যৰ খেতিডৰা আগবঢ়াই নিব লাগিব । কাতি মাহটো হ’ল বেছি ভাগ ৰবি শস্য যেনে আলু, বিলাহী, কবি, জলকীয়া, সৰিয়হ, মচুৰ মাহ, ৰাজমাহ আদি শস্যৰ সিচাঁ বা ৰোপণ কৰাৰ উত্তম সময় । তাৰোপৰি এই মহটোতে অন্যান্য শস্যৰো কিছু আনুসংগিক যত্নৰো প্ৰয়োজন আছে । এই মাহটোত কৰিব পৰা গুৰুত্বপূৰ্ণ কৃষি কাৰ্যৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ব ।

মটৰ মাহ
মচুৰ মাহ
ৰাজমাহ
সৰিয়হ
ঘেহু
উদ্যান শস্য
ফুলকবি
বন্ধাকবি
ওলকবি
বিলাহী
বেঙেনা

মটৰ মাহ :

কাতি মাহেই মটৰ মাহ সিঁচাৰ উপযুক্ত সময় ।
১) অসমৰ জলবায়ুৰ বাবে মটৰ মাহৰ অনুমোদিত জাত কেইটা হ’ল টি-১৬৩, এইচ. ইউ.পি.২, কে.এফ.প.দি. ১, বনাভিল আৰু ৰাস্না ।
২) এবিঘা মাটিৰ বাবে ৮-৯ কি.গ্ৰাম বীজৰ দৰ্কাৰ ।
৩) বীজ সিঁচাৰ ২০ দিন মান আগত প্ৰস্তুত কৰা মাটিডৰাত বিঘাই প্ৰতি ৩ কুইণ্টলকৈ চূন ছটিয়াই ল’ব ।
৪) মাটি প্ৰস্তুত কৰা সময়ত বিঘাই প্ৰতি ৬ কুইণ্টলকৈ গোবৰ বা পচনসাৰ প্ৰয়োগ কৰি মাটিৰ লগত মিহলাই দিব ।
৫) বীজ সিঁচাৰ আগতে তলীডৰাত ৩০ চে.মি. আতৰে আতৰে লোৰ কৰি তাত বিঘাই প্ৰতি ৬ কি.গ্ৰা. ইউৰিয়া আৰু ৪০ কি.গ্ৰাম চপাৰ সাৰ একেলগে ছটিয়াই লব ।
৬) যদি বীজবোৰত ৰাইযবিয়াম জীৱাণুসাৰ মিহলি কৰা হয় তেন্তে ইউৰিয়া ৩ কি.গ্ৰাম দিলেও হ’ব ।
৭) সাৰখিনি মাটিৰ লগত মিহলি কৰি লোৰ বিলাকত ১০ চে.মি. আতৰে আতৰে বীজ সিঁচি মাটিৰে পাতলকৈ লোৰবিলাক ঢাকি দিব লাগে ।

মচুৰ মাহ :

অসমৰ বাবে মচুৰ মাহৰ অনুমোদিত জাতবোৰ হ’ল – বি ৭৭, এইচ. ইউ. এল ৫৭, পি.এল.৪০৬ আৰু পি.এল.৮১-৪ আদি । ইযাৰ ভিতৰত এইচ.ইউ.এল ৫৭ জাতটোৱে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । বিশেষকৈ নামনি অসমৰ কৃষকসকলৰ মাজত ।
১) এবিঘা মাটিৰ বাবে ৩ কি.গ্ৰাম বীজ হ’লেই হ’ল ।
২) অসমত গোটেই মাহটোৱেই মচুৰ মাহ সিঁচাৰ উত্তম সময় ।
৩) বীজ সিঁচাৰ আগতে বিঘাই প্ৰতি ৪.৫ কি.গ্ৰাম ইউৰিয়া, আৰু ৩০ কি.গ্ৰাম সুপাৰ ফচফেট সাৰ একেলগে শেষবাৰ হাল বোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে ।
৪) যদি বীজ বিলাকত ৰাইযবিয়াম সাৰ মিহলি কৰা হয় তেন্তে ইউৰিয়া সাৰ ৩ কি.গ্ৰাম দিলেও হ’ব ।
৫) সাৰখিনি মাটিৰ লগত মিহলি কৰি তাৰ ওপৰত বীজবোৰ সমানে ছটিয়াব লাগে । বীজবোৰ মাটিৰ তলত ৩ চে.মি.তকৈ যাতে তললৈ নাযায় সেই কথাটোৰ প্ৰতি নজৰ ৰাখিব । বীজবোৰ ছটিওৱাৰ পিছত পাতলকৈ বীজবোৰ ঢাক খোৱাকৈ মৈয়াই দিব ।
পুলিবোৰ গজি উঠাৰ ২৫ দিন পিচত আৰু চেই ধৰাৰ আগে আগে ইউৰিয়া বা দি.এ.পি. সাৰৰ ১% অৰ্থাত্ ১০ গ্ৰাম ১ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিলে মচুৰ মাহৰ উৎপাদন ২৫% শতাংশ বাঢ়ে ।

ৰাজমাহ :

অসমত সেহতীয়াভাবে ৰাজমাহৰ খেতি সম্প্ৰসাৰিত হোৱা পৰিলক্ষিত হৈছে । কাতি মাহত ৰাজমাহৰ বীজ সিঁচি মাঘ বা ফাগুন মাহত শস্য চপাই পুনৰ একেডৰা মাটিতে আগতীয়া আহু নতুবা গ্ৰীষ্মকালীন মগু মাহৰ খেতি কৰিব পাৰি ।
১) ৰাজমাহৰ অসমৰ জলবায়ুৰ লগত খাপ খোৱা জাতসমূহ হ’ল পি.দি.আৰ.১৪, এইচ.ইউ.আৰ ৩০১ আৰু এইচ.ইউ.আৰ ২০৩ ।
২) ৰাজমাহৰ বাবে বেছি সেমেকা মাটি ভাল নহয় ।
৩) কাতি মাহৰ আৰম্ভণিৰ পৰা আঘোন মাহৰ মাজভাগলৈ ৰাজমাহ সিঁচিব পাৰি । এবিঘা মাটিৰ বাবে ৭ কি.গ্ৰাম বীজৰ প্ৰয়োজন হয় । সিঁচাৰ আগতে প্ৰতি কি.গ্ৰাম বীজৰ লগত ২.৫ গ্ৰাম কেপটান নাইবা মেংকোজেব দৰবেৰে শোধন কৰি লব লাগে ।
৪) বীজ সিঁচিবৰ বাবে ৩০ চে.মি. অন্তৰত একোটা লোৰ কৰি তাত বিঘাই প্ৰতি ৯ কি.গ্ৰাম ইউৰিয়া, ৩৩ কি.গ্ৰাম চুপাৰ আৰু ৪.৫ কি.গ্ৰাম পটাচ সাৰ প্ৰয়োগ কৰি মাটিৰ লগত মিহলি কৰি দিব লাগে ।
৬) লোৰ বিলাকত ২০ চে.মি. দূৰে দূৰে একোটাকৈ সুস্হ সবল বীজ দি মাটিৰে পাতলকৈ ঢাকি দিব লাগে ।

সৰিয়হ :

কাতিমাহৰ আৰম্ভণিতে সৰিয়হৰ বীজ সিঁচিব পাৰিলে মোৱা পোকৰ আক্ৰমণৰ পৰা খেতিডৰা বচাব পৰা যায় ।
১) সৰিয়হৰ বাবে উপযুক্ত জাতবোৰ হ’ল টি.এচ. ৩৬, টি.এচ. ৩৮ অতি উত্তম । শালি ধান কাটি উঠাৰ পিচত সৰিয়হৰ শেহতীয়াকৈ সিঁচিব পৰা জাত টি.এচ. ৬৭ বাচনি কৰিব পাৰে । উল্লেখ্য যে এই জাতটো ডিচেম্বৰ মাহৰ ১০ তাৰিখলৈ সিঁচিও ভাল উৎপাদন পাব পাৰি । এম. ২৭ জাতটো এতিয়াও অসমৰ কৃষকৰ মাজত জনপ্ৰিয়তা আছে । যোৱা দুটা বছৰত উত্তৰা জাতটোৰ উৎপাদনো বেচ সন্তোষজনক দেখা গৈছে ।
২) এবিঘা মাটিৰ বাবে মাটিত জীপ থাকিলে ১ কি.গ্ৰাম আৰু জীপ কম থাকিলে ১.২৫ গ্ৰাম বীজৰ প্ৰয়োজন হয় ।
৩) শেষবাৰ হাল বোৱাৰ সময়ত বিঘাই প্ৰতি ১২ কি.গ্ৰা. ইউৰিয়া, ৩০ কি.গৰাম চুপাৰ আৰু ৩ কি.গ্ৰাম পটাচ সাৰ দিব লাগে । লগতে বিঘাই প্ৰতি ১ কি.গ্ৰামকৈ বৰাক্স অনুসাৰ প্ৰয়োগ কৰিলে গুটিবোৰ কমকৈ মুনিয়া হয় লগতে বীজত তেলৰ পৰিমাণ বাঢ়ে ।
৪) পুলিবোৰ ফুল ফুলাৰ ঠিক আগতে অৰ্থাত্ ২৫ দিন পিচত এবাৰ বা ছেঁই ধৰাৰ আগে আগে এবাৰ পানী দিব পাৰিলে উৎপাদন সোণত সুৱগা চৰায় ।

ঘেহু :

ঘেহু খেতিৰ বাবে অসমত অনুমোদিত জাতসমূহ হ’ল সোণালিকা, ইউ.পি. ২৬২, কে.৭৪১০, ডব্লিউ.এইচ-২৯১ আৰু এইচ.দি.আৰ ৭৭.
১) এক বিঘা মাটিৰ বাবে ১৩ৰ পৰা ১৪ কি.গ্ৰাম বীজৰ দৰ্কাৰ । মধ্য আৰু নামনি অসমৰ ক্ষেত্ৰত কাতি মাহৰ মধ্য ভাগৰ পৰা আঘোনৰ শেহলৈ বীজ সিঁচিব পাৰি । উজনি অসম আৰু পাহাৰীয়া অঞ্চলৰ বাবে কাতি মাহৰ দ্বিতীয় পষেকৰ পৰা আঘোনৰ দ্বিতীয় পষেকলৈ । উত্তৰ ব্ৰহ্মপুত্ৰ মণ্ডলৰ বাবে কাতি মাহৰ দ্বিতীয় পষেক বীজ সিঁচাৰ উত্তম সময় ।
২) বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা ঘেহু খেতিৰ বাবে বিঘাই প্ৰতি ১২ কি.গ্ৰা. ইউৰীয়া, ১৭ কি.গ্ৰা. চুপাৰ আৰু ৪ কি.গ্ৰাম পটাচ সাৰ দিব লাগে ।

উদ্যান শস্য :

ৰবি শস্য বুলিলে আমি শীতকালত কৰা খেতিকে বুজো । কিছুমান খেতি আছে যাৰ বাবে বীজতলী প্ৰস্তুত কৰাটো অত্যন্ত প্ৰয়োজন । কিছুমান শাক পাচলি যেনে ফুলকবি, বন্ধাকবি, ওলকবি, বিলাহী, বেঙেনা, জলকীয়া, কেপচিকাম আদিৰ বাবে সদায় বীজতলী প্ৰস্তুত কৰিব লাগে । এই সকলোবোৰ পাচলিৰ বাবে পুলিবাৰী প্ৰস্তুত কৰা প্ৰণালী একে । পুলিবাৰীত সুস্হ সবল পুলি কিদৰে তৈয়াৰ কৰিব পাৰি তাৰ পদ্ধতিবোৰ চমুকৈ অলপ বৰ্ণনা কৰো ।
১) শীতকালীন শাক-পাচলিৰ পুলি গজাবৰ বাবে এডোখৰ ৰ’দঘাই ওখ বালিচহীয়া সাৰুৱা মাটি বাছনি কৰিব লাগে ।
২) মাটিডোখৰত যথেষ্ট পৰিমসণে পছন সাৰ দি হাল কোৰ বাই মৈয়াই লৈ ১ মি. বহল, ৩০ ছে.মি. ওখ আৰু দীঘ নিজৰ সুবিধা অনুযায়ী কৰি লব লাগে ।
৩) ভেটিৰ মাটিডোখৰ মাটিজনিত বেমাৰ আজাৰৰ পৰা মুক্ত কৰিবৰ বাবে ০.১ শতাংশ কেপটান বা ফাইটলেন বা ৪ শতাংশ শক্তিৰ ফৰমেলিন মিশ্ৰণেৰে ভেটিটোৰ ১০ৰ পৰা ১৫ ছে.মি. দলৈকে মাটিখিনি ভালদৰে তিতি যোৱাকৈ শোধন কৰি লব লাগে ।
৪) তাৰ পিছৰ পৰ্যায়ত ভেটিটো ৪৮ ঘণ্টাৰ বাবে মৰাপাট বা পলিথিনেৰে ঢাকি থব লাগে ।
৫) দুদিনৰ পিছত আৱৰণখন আতৰাই মাটিডোখৰ কোৰ মাৰি ৩ দিন মানৰ বাবে মুক্ত কৰি ৰাখিব লাগে ।
৬) পুলিবাৰীত সিঁচিব লগা বীজবোৰ থিৰাম বা বেভিষ্টিন দৰবেৰে ১ কি.গ্ৰা. বিজৰ বাবে ২.৫ গ্ৰাম দৰবেৰে শোধন কৰি ললে বীজত থকা বেমাৰৰ জীৱাণুবোৰ নাশ হয় ।
৭) পুলিবাৰীত বীজবোৰ আবেলি পৰত সিঁচিব লাগে আৰু সমভাৱ পানী দি কলপাত বা পাতল বস্তাৰে এদিন বা দুদিনৰ বাবে ঢাকি থব লাগে । বীজবোৰ গজালি মেলাৰ লগে লগে আবৰণবোৰ আতৰাই দিব লাগে ।
৮) বীজ দিয়া ভেটিটো যাতে জীপাল হৈ থাকে তাৰবাবে পাতলীয়াকৈ নিয়মিতভাবে পানী দি থাকিব লাগে ।
৯)পুলিবিলাকৰ বয়স ২৫-৩০ দিন হলে সুস্হ সবল পুলিবোৰ উভালি মূল খেতি পথাৰত ৰুব লাগে । শাক পাচলি শস্যৰ মুখ্য কৃষি কৰ্মবোৰ চমুকৈ আলোচনা কৰা হল-

ফুলকবি :

নিয়মীয়া বতৰৰ বাবে সঁচবোৰ হল – ইম্প্ৰুভ জাপানীজ, পুচা চিনথেটিক, পুচা স্নবল, মেইন ক্ৰপ পাটনা আদি । শেহতীয়া বতৰৰ বাবে স্নবল-১৬, কে-১, হিচাৰ-১ লগতে বিভিন্ন কোম্পাণীৰ দ্বাৰা উদ্ভাবিত এফ-১ বৰ্ণ সংকৰ সঁচবোৰো লব পাৰে ।
নিয়মীয়া বতৰৰ বাবে বীজৰ পৰিমাণ বিঘাই প্ৰতি ৫০ গ্ৰাম আৰু শেহতীয়া বতৰৰ বাবে বিঘাই প্ৰতি ৮০ গ্ৰাম বীজেই যথেষ্ট ।
সাৰ প্ৰয়োগঃ বিঘাই প্ৰতি ইউৰিয়া ২২ কি.গ্ৰা., চুপাৰ ৫০ কি.গ্ৰা পটাছ ১১ কি.গ্ৰা আৰু বৰাক্স ১ কি.গ্ৰামকৈ লাগে ।
সাৰ প্ৰয়োগৰ পদ্ধতিঃ ইউৰি্যা সাৰৰ আধাভাগ অৰ্থাত্ ১১ কি.গ্ৰাম শেষবাৰ হাল বোৱাৰ সময়ত গোবৰৰ সৈতে মিহলাই প্ৰয়োগ কৰিব লাগে আৰু বাকী খিনি ইউৰিয়া পুলিবোৰ ঠন ধৰি এমাহ হলেই গুৰিত দিব লাগে

বন্ধাকবি

– হ্ৰস্বকালীন জাত -গোল্দেন একৰ, প্ৰাইদ অব ইন্দিয়া, চুপাৰ এক্সপ্ৰেচ । আনহাতে দীৰ্ঘকালিন সঁচবোৰ হল-ড্ৰামহেদ, ইক্লিপচ দ্ৰামহেদ আদি ।
হ্ৰস্বকালীন সঁচৰ বাবে বিঘাই প্ৰতি ১০০ গ্ৰা আৰু দীৰ্ঘকালীন সঁচৰ বাবে ৬০ গ্ৰাম বীজৰ প্ৰয়োজন ।
বিজবোৰ সিচাৰ সময়- হ্ৰস্বকালীন হলে ছেপ্তেম্বৰ-অক্টোবৰ আৰু দীৰ্ঘকালিনৰ বাবে অক্টোবৰ-নবেম্বৰ ।
সাৰৰ পৰিমান ফুলকবিৰ সৈতে একে ।

ওলকবি :

ওলকবিৰ সঁচ -হোৱাইত ভিয়েনা ।
বীজৰ পৰিমাণ বিঘাই প্ৰতি ১৫০-১৬০ গ্ৰাম ।
বীজবোৰ ছেপ্তেম্বৰ মাহৰ পৰা নবেম্বৰ মাহলৈ সিঁচিব পাৰি ।
সাৰৰ পৰিমান আৰু প্ৰয়োগ পদ্ধতি ফুলকবিৰ সৈতে একে ।

বিলাহী:

বিলাহীৰ কেতবোৰ উন্নত জাত হল- পুচা ৰুবি, আৰ্কা আভা, ৰকি, অবিনাশ আদি । বিঘাই প্ৰতি ৯০-১০০গ্ৰাম বীজৰ প্ৰয়োজন
ছেপ্তেম্বৰৰ পৰা নবেম্বৰ মাহলৈ বীজবোৰ সিঁচিব পৰা যায় ।
সাৰৰ পৰিমাণ : একবিঘা বিলাহী খেতিৰ বাবে ইউৰিয়া ২০ কি.গ্ৰা., চুপাৰ ৫০ কি.গ্ৰা. পটাচ ১৪ কি.গ্ৰা আৰু বৰাক্স ১ কি.গ্ৰামকৈ লাগে ।
সাৰ প্ৰযোগ পদ্ধতি : আধা ইউৰিয়া গোবৰৰ সৈতে মিহলাই শেষবাৰ হাল বোৱাৰ আগতে প্ৰয়োগ কৰি তাৰ পিছত হাল বাই মাটিৰ সৈতে মিহলি কৰি দিব লাগে । বাকীখিনি ইউৰিয়া পুলিবোৰ এমাহ হওতে গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে ।

বেঙেনা :

পুচা ক্ৰান্তি, পুচা পাৰ্পল লং, পুচা পাৰ্পল ৰাউণ্ড, পুচা ভৈৰব আদি কিছুমান বেঙেনাৰ উন্নত সঁচ । এক বিঘা বেঙেনা খেতি কৰিবলৈ হলে ৯০ৰ পৰা ১০০ গ্ৰাম বীজ লাগে ।
বীজ সিঁচাৰ সময়- দুবাৰ সিঁচিব পাৰি । এবাৰ ছেপ্তেম্বৰ-অক্টোবৰ মাহত আৰু দ্বিতীয় বাৰ জানুৱাৰী-ফেব্ৰুবাৰি মাহত সিঁচিব পৰা যায় ।
বিঘাই প্ৰতি গোবৰ ১০ কু., ইউৰিয়া ১৫ কি.গ্ৰাম, চুপাৰ ৪০ কি.গ্ৰা আৰু পটাচ ১২ কি.গ্ৰাম লাগে । সাৰ প্ৰয়োহ পদ্ধতি বিলাহীৰ সৈতে একে ।

  • এই মাহতব নাৰিকলৰ পুলি ৰোপণ কৰিবলৈ হলে গাতবোৰ খন্দাৰ কাম আৰম্ভ কৰিব পাৰে । গাতবোৰ ৭.৫ মি. ব্যৱধানত খান্দিব । গাতবোৰৰ আকাৰ দীঘে পথালিয়ে আৰু গভীৰতা এক মি. বা ৩ ফুট হব লাগে । গাতবোৰত ৩ পাচিমান শুকান গোবৰ, ১০০ গ্ৰাম ৫ শতাংশ এলদ্ৰেক্স পাউদাৰ আৰু আগতে খান্দি ৰখা মাটিৰ মিশ্ৰণেৰে গাতটোৰ তিনি ভাগৰ দুই অংশ অৰ্থাত্ ২ ফুট অংশ পূৰাব লাগে । এতিয়া নাৰিকলৰ পুলিটো গাতৰ সোমাজত থিয়কৈ ৰাখি পুলিৰ লগত লাগি থকা নাৰিকলটো ঢাক খোৱাকৈ মাটি জাপি ভৰিৰে হেচুকি দিব লাগে ।
  • নতুনকৈ ৰোপন কৰা নাৰিকল বা তামোলৰ মাজৰ খালী ঠাইবোৰত অন্তবৰ্তী শস্য হিচাপে নানা তৰহৰ শাক পাচলিৰ খেতি কৰক ।
  • দুশৰীয়া পদ্ধতিত কৰা আনাৰসৰ খেতিৰ মাজৰ পৰা বনবাতবোৰ নিৰণি দিয়ক । ফল দিয়া গছবোৰৰ গুৰিত মাত্ৰ এটা পোখা পুলিহে ৰাখিব ।
  • নেমুটেঙা গছৰ পৰা পূৰঠ ফলবোৰ চপাই দিয়ক । লগে লগে শুকান ডালবোৰ বা পোক বা ৰোগে আক্ৰমণ কৰি নষ্ট কৰি দিয়া ডালবোৰ কাটি দিয়ক ।

Leave a Reply

Your email address will not be published. Required fields are marked *

59  −    =  50