ভেগাচ স্নায়ু, শালমইনা, হতাশা আৰু যোগ

ভেগাচ স্নায়ুৰ বিভিন্ন কাৰ্যসমূহৰ ভিতৰত প্ৰধান কাৰ্য কিছুমান হ’ল উশাহ-নিশাহ, হৃদস্পণ্ডন,আবেগিক দিশ আদিৰ নিয়ন্ত্ৰণ তথা পেশীয় কাৰ্য আৰু পাচন সম্পন্ন কৰা। উল্লেখযোগ্য কথাটো হ’ল যে এই আটাইবোৰ কাৰ্য স্বয়ংক্ৰিয়ভাৱে চালিত হয় বা এটা শব্দত অনৈচ্ছিক। অৰ্থাৎ, আপুনি নিজাববীয়াকৈ এই কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

মগজুৰ পৰা ডিঙিয়েদি বক্ষপিঞ্জৰহৈ ক্ৰমে তললৈ পৌষ্টিক নলীক সামৰি নামি অহা এই ক্ৰেনিয়েল স্নায়ুৰ সুস্থতাৰ ওপৰত শালমইনা আৰু হতাশা নিয়ন্ত্ৰণৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। মানুহৰ চালখনৰ স্বাস্থ্যই মানৱ শৰীৰৰ ওপৰত ক্ৰিয়া কৰা চাপ (বিশেষকৈ মানসিক) আৰু অংসক্ৰাম্য কৰণ বা ৰোগ প্ৰতিৰোধ ক্ষমতাৰ এক সূচক অৱস্থা প্ৰতিফলিত কৰে।

যোগাসনৰ জৰিয়তে যুৱক-যুৱতীৰ এই দুই প্ৰধান শত্ৰু শালমইনা আৰু হতাশাক সহজে নিৰ্মূল কৰিব পাৰি।এচিটিলকলিন নামৰ ভেগাচ স্নায়ুৰ ধ্বজাবাহক নিউৰ’ট্ৰেন্সমিটাৰে (এক ৰাসায়নিক দ্ৰৱ্যৰ) এই কাৰ্য সমাধা কৰে।উষ্ট্ৰাসন, উৰ্ধমুখ স্বনাসন, অধোমুখ স্বনাসন, সলম্ব আৰু নিৰলম্ব সৰ্বাঙ্গাসনৰ আৰু প্ৰাণায়ম বিশেষৰ সহায়ত ভেগাচ স্নায়ুক সবল কৰি উক্ত দুই সমস্যা ৰ পৰা পৰিত্ৰাণ পাব পাৰি।

সাৱধানতাঃ চিকিৎসকৰ পৰামৰ্শ অবিহনে ৰোগ নিৰ্ধাৰণ কৰি চিকিৎসা কৰা অনুচিত।
বিঃদ্ৰঃ যিকোনো আসন অভিজ্ঞতাসম্পন্ন গুৰুৰ তত্বাৱধানত থাকিহে অনুশীলন কৰা উচিত।

Yog Mandir, Bhattadev Nagar, Pathsala, Bajali, Assam

Like Yog Mandir https://www.facebook.com/yogmandirassam
Instagram : @yogmandir_assam
Contact: 87240 63968 / yogmandirassam@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *

5  ×  6  =