অসমীয়া মানুহৰ টেঙাৰ জুতি Assamese Home Made Recipe

অসমীয়া মানুহৰ টেঙাৰ জুতি
টেঙা আঞ্জাৰ

অসমীয়া মানুহৰ টেঙাৰ জুতি

টেঙা আঞ্জাৰ মূল উপকাৰন সমূহ

  • ১ বিলাহীৰ টেঙা
  • ২ ঔ টেঙা
  • ৩ তেঁতেলী টেঙা
  • ৪ থেকেৰা টেঙা
  • ৫ চুকা টেঙা
  • ৬ কৰ্দৈ টেঙা
  • ৭ জলফাই টেঙা
  • ৮ মেচকা টেঙা
  • ৯ অমৰা টেঙা
  • ১0 বগৰী টেঙা
  • ১১ কেঁচা আম
  • ১২ চেঙেৰী টেঙা
  • ১৩  মধুসালেঙ  টেঙা
  • ১৪ নেমু টেঙা
  • ১৫ শুকতা টেঙা

টেঙা ৰান্ধা পদ্ধতি সমূহ:-

ওপৰত উল্লেখ  কৰা টেঙা বোৰ আমি বিভিন্ন জুতিৰে ৰান্ধি খাব পাৰো।

বিলাহীৰ টেঙা:- বিলাহী  বিভিন্ন উপাদানৰ লগত লগলগাই ৰান্ধিব  পাৰি।  যেনে: সৰু মাছ আৰু বিলাহী, মটৰ আৰু বিলাহী , মচুৰ দাইলৰ বৰভাজি আৰু  বিলাহী।

ঔ টেঙা:-  সকলোতকৈ জুতি লগা টেঙা হৈছে ঔ টেঙা।ইয়াক বিশেষকৈ কলাৰ দাইল বা অন্য দাইলৰ বৰভাজি কৰি ,সৰু মাছ (পু্ঠি মাছ/খলিহনা)

লগত নতুবা ঔ টো সিজাই অকনমান সৰিয়হ তেল দি জোল কৰিও খাব পাৰি ।ঢেঁকীয়া শাকৰ লগত ঔ টেঙাৰ জুতি সকলোৰে প্ৰিয়।

তেতেলী টেঙা:- কেঁচা তেঁতেলী প্ৰধানকৈ  ডাঙৰ মাছৰ মূ্ড়াৰ সৈতে ৰান্ধি খোৱা হয়।  বুঢ়া বৰালি মাছ তেঁতেলীৰ লগত খায় বুলি ডাকৰ বচনতে আছে।

থেকেৰা টেঙা:- আলু সিজাই থেকেৰা লগত টেঙা  জোল ৰান্ধি উতল অহাৰ পিছত যিকোনো বাকলি থকা মাছ ভাজি তাত দিব পাৰি ।জুতিৰ বাবে কিছু সংখ্যক মানুহে নাম মাত্ৰ চেনীও দিয়া দেখা যায়।তেতিয়া জোল খন অলপ মিঠা টেঙা সোৱাদ হয়।

চুকা টেঙা:-চুকা এবিধ শাক ।গতিকে ইয়াক আমি এনেও ৰান্ধি বা যিকোনো টেঙাত দিয়া পাচলি মিহলাই খাব পাৰো।কিছুমান মানুহে চুকা শাকৰ লগত কণী ভাজি মিহলাই খোৱাও দেখা যায়।

কৰ্দৈ টেঙা :কৰ্দৈ টেঙা মাছৰ লগত ৰান্ধি খোৱা হয়।কিছুমান মানুহে পকা কৰ্দৈ বৰভাজি সৈতে জোল কৰিও খায়।

জলফাই টেঙা:জলফাই টেঙা ৰান্ধি খোৱাত কৈ জলফাইটো সিজায় অলপ কেঁচা ধনিয়া, জলকীয়া গুড়ি, নিমখ দি পিটিক তাক ভাতৰ লগত নতুবা ৰুতিৰ সৈতে চাতনি কৰি খালে বেছি ভাল লাগে।গৰমৰ দিনত জলফাই মচুৰ দাইলত দিলে দালি খনৰ সোৱাদ ভাল হয়।

বগৰী টেঙা:- বগৰী টেঙা বিভিন্ন প্ৰকাৰে খাব পাৰি ।বগৰী নাৰান্ধাকৈ আৰু ৰান্ধিও খাব পাৰি।কেঁচা বগৰী সৰু সৰু কৈ কুটী তাক জলকীয়া, নিমখ, ধনীয়া দি খাব পাৰি।আনহাতে পকা শুকান বগৰী খুন্দি তাক মাছৰ লগত টেঙাৰ জোল কৰি খাব পাৰি।তাৰোপৰি বগৰী খুন্দা চেনি,নিমখ আৰু জলকীয়া দি বটাৰ দৰে ভাতৰ লগত খাব পাৰি।

কেঁচা আম:-  কেঁচা আম ৰান্ধাৰ লগতে আমি তাক চুৰুকি নিমখ ,জলকীয়া সানি খায় বেছি সোৱাদ লাগে ।আনহাতে কেঁচা আম ৰান্ধি খালে তাত অলপ চেনি দি ভাজিলে টেঙাখন খায় জুতি লাগে।অলপ পকা কেঁচা আমত  কিছুমান মানুহে  গুড় আৰু জলকীয়া দি  তক বনাই খাব পাৰি।

নেমু টেঙা:-যদি কেতিয়াবা টেঙা খাব মন যায় দেখিলে ঘৰত নেমু টেঙাৰ বাহিৰে বেলেগ একো নাই তেতিয়া হ’লে আলু অলপ সিজায় দুটামান সৰিয়হ ফুতাই তাত নেমু চেপি

টেঙা খাব পাৰি । তাৰোপৰি কোমল জিকা ,ভেন্দি আদিৰ লগত নেমু চেপি টেঙা ৰান্ধি খাব পাৰি । উপৰোক্ত কিছুমান  টেঙা  জাতীয় শাক আমি যিকোনো শাক ভাজি খোৱাৰ দৰে ৰান্ধি খাব পাৰো নতুবা কিছুমান পাচলিৰ লগত মিহলাই জোল বনাই খাব পাৰি।

-Nibedita Devi

Leave a Reply

Your email address will not be published. Required fields are marked *

5  ×  8  =