শূণ্য : জিতুমণি নাথ

এটা বিশাল আৰু গোলাকাৰ শূণ্য
যিটো অমূল্য কিন্তু লাঞ্ছিত।

আমাৰ অজ্ঞাতে
আপুনি, মই বা শূণ্যটোৱে নজনাকৈয়ে
শূণ্যটোৰেই গহ্বৰত কিলবিলাই থাকে অগণন শূণ্য
আৰু তাৰ শিপাই শিপাই, ডালে-পাতে
আৱিষ্কাৰ হয় হেজাৰটা বিন্দু বিন্দু শূণ্যৰ।

কোনো পুত্ৰ আৰু কোনোবাটো জীয়ৰী
কোনোবাই সিংহনাদ ধ্বনি তুলি
লেবেজান শূন্যৰবোৰৰ গৰাকী হব খোজে
কিম্বা আৱিষ্কাৰ কৰিব খোজে নিজক
এটা বিশাল আৰু নিৰাকাৰ ৰূপে।

শূণ্যবোৰ অবুজ, মূৰ্খ কিম্বা মুঢ়
যেন নিৰাশাই কামুৰি ধৰে সিঁহতক
যেন পঙ্গু হৈ পৰে হতাশাত।

স্বাৰ্থৰ পৰম অপবিত্ৰ তৃপ্তিত
খৰ্ব কৰে শূণ্যবোৰৰ শ্ৰেষ্ঠত্ব,
পাহৰি পেলাই নিজক
আৰু নিজৰ গতিশীল শক্তি-
যে শূণ্যও হব পাৰে বৃহত্তম
অথচ দীপ্তিময় চন্দ্ৰ-সূৰ্যৰো উৰ্দ্ধত।

জিতুমণি নাথ (মিৰ্জা, কামৰূপ)

Leave a Reply

Your email address will not be published. Required fields are marked *

  ×  6  =  48