এবিধ মানুহৰ বীজাণু : জিতুমণি নাথ

গৰু, মহ নতুবা শগুনৰ বীজাণুতকৈও ভয়ংকৰ
তোক নি:শেষ কৰি পেলাব
কুটি কুটি খাব পাৰে তোৰ কলিজাটো।
কেতিয়াবা জন অৰণ্যৰ লগত
কিম্বা গাভৰু পথাৰখনৰ লগত মিলি
আনকি তোৰ শৰীৰ মন
সমস্ত পচাই তুলিব পাৰে বীজাণুবিধে।
আতংকৰ প্ৰবাহত তাৰ জন্ম
আৰু ষড়যন্ত্ৰৰে পেট প্ৰবৰ্তাই
তোক খেদি আহিব তেজাল দৌৰ দি দি,
চেষ্টা কৰিব বাৰে বাৰে 
আক্ৰান্ত কৰিবলৈ নতুবা কামুৰিবলৈ,
তই সতৰ্ক থাকিব লাগিব
নহলেবা গমেই নাপাবি তয়ো যে বেমাৰী।
জিতুমণি নাথ

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  71  =  76