( ৫ জুন – বিশ্ব পৰিবেশ দিবস !!)
গৰ্ভস্থ পোৱালিটোৱে তাৰ মাকক ক’লে-
মা, ভূমিষ্ঠ হ’বই নোৱাৰিলোঁচোন –
চাবলৈ –
সুন্দৰ —-পৃথিৱীক,
আৰু——জীৱশ্ৰেষ্ঠকো !
দুগালেদি বৈ অহা অশ্ৰুজল মুছি মুছি
মাকে ক’লে-
সোণ, দুখ নকৰিবা, আজি ভাবিছোঁ মই, কিমান যে ভাগ্যবান ——তুমি !
আহ্ ! কি নিদাৰুণ !
হায় ! জীৱশ্ৰেষ্ঠ মানৱ !!
সভ্যতাৰ জলমল পোহৰ,
পৃথিৱীৰ শত সহস্ৰ আইন,
আজিও অসহায়, নিৰ্বাক, নিস্তব্দ্ধ তোমাৰ আদিম বৰ্বৰতাত !! *
——————————-
(*২০২০ চনত ভাৰতৰ এখন ঠাইত মানুহৰ নিশৃংস বৰ্বৰতাত গৰ্ভস্থ পোৱালিৰ সৈতে প্ৰাণ হেৰুওৱা গৰ্ভৱতী হাতীজনীৰ সোৱঁৰণত। অৱধাৰিত এতিয়াও প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ: এক গধূৰ চিন্তন- বিশ্ব পৰিবেশ দিবসত!)