ফাৰ্স্ট এইড্ বক্সঃড০প্ৰীতিশ চৌধুৰী

এটাই শব্দ —— ‘বিধস্ত’
আজি গণতন্ত্ৰৰ দেশত,

বগা হাতীৰ খেল!

সিংহাসনত মশগুল
দেশৰ ৰজাসকল!

নখহীন,দন্তহীন,শক্তিহীন-
হাতিয়াৰ,ৰক্ষাকৱচ সকলোবোৰ
জনতা-তন্ত্ৰৰ——
ঠিক যেন একো একোটা  ফাৰ্ষ্ট এইড্ বক্স
বাছৰ ভিতৰত সযতনাই(?)ৰখা
কেৱল নামমাত্ৰ ফলকৰ!

Leave a Reply

Your email address will not be published. Required fields are marked *

61  +    =  64