এটি নিঃশব্দ যন্ত্রনা, অসমীয়া আধুনিক কবিতা, Assamese Poem

ক্লান্ত, শ্ৰান্ত সন্ধিয়াত
নিঃশব্দে সৰি বিৰিঙি উঠিল
হৃদয়ৰ শূন্যতা,
বুৰ গ’ল ৰক্তিম উজ্জ্বলতা,
মেঘ মুক্ত নীলাকাশত
দৈনন্দিন সপোনবোৰৰ বিচিত্ৰ খেলা,
উগুল থুগুল অন্তৰৰ
পুৰণি সোঁৱৰণী বুকুত,
হৃদয়ে অনুভৱ কৰিছিল
ব্যৰ্থতা-ভৰা জীৱনৰ বিপুল বেদনা,
জীৱন যৌৱনৰ পাৰ ভাঙি অহা
সুন্দৰ সপোনবোৰৰ কোলাহল,
হৃদয়ৰ আবেগত আবদ্ধ
এটি নিঃশব্দ যন্ত্রনা ।।

Kamal Das

Leave a Reply

Your email address will not be published. Required fields are marked *

86  +    =  92