যোগাসন আৰু প্ৰাণায়ম

শৰীৰৰ আধাৰতেই জীৱন প্ৰৱাহ৷ প্ৰাণ হৈছে ইয়াৰ চালিকা শক্তি৷ শৰীৰ সক্ষম হৈ থাকিলেহে জীৱনক সুন্দৰ হ’ব৷ অষ্টাংগ যোগৰ তৃতীয় আৰু চতুৰ্থ অংগ আসন আৰু প্ৰাণায়মৰ যোগেদি শৰীৰ আৰু মনক সুস্থ কৰি ৰাখিব পাৰি৷ যোগাসন আৰু প্ৰাণায়মৰ ধাৰাবাহিক অভ্যাসৰ জৰিয়তে শৰীৰৰ আভ্যন্তৰীণ গ্ৰন্থি তথা অংগতন্ত্ৰসমূহক কাৰ্য্যক্ষম আৰু সবল কৰি মানুহ হৈ উঠিব পাৰে নিৰোগী, দীৰ্ঘ জীৱন আৰু অটুট যৌৱনৰ অধিকাৰী৷ ল’ৰা-ছোৱালীৰ বাঢ়ন বয়সত যোগাসনৰ চৰ্চাই বৃদ্ধি আৰু বিকাশত প্ৰভুত অৰিহনা যোগায়৷ ছাত্ৰ-ছাত্ৰীৰ স্মৃতিশক্তি, মনসংযোগ তথা বৌদ্ধিক বিকাশৰ উত্তৰণ ঘটোৱাৰ বাবে ধ্যানাসনসম শ্ৰেষ্ঠ উপায় বিৰল৷ প্ৰণালীৱদ্ধ ছন্দত লোৱা শ্বাস-প্ৰশ্বাসৰ কৌশল প্ৰাণায়মৰ যোগেদি হাঁওফাঁওৰ পৰা অধিক পৰিমাণে কাৰ্বন-ডাই-অক্সাইড বাহিৰ কৰি পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন গ্ৰহণেৰে বিশুদ্ধ বায়ু প্ৰবাহিত কৰি আপুনিও হ’ব পাৰে প্ৰচণ্ড মানসিক শক্তি তথা দীৰ্ঘ জীৱনৰ গৰাকী৷

Visit us at https://www.facebook.com/yogmandirassam/

One thought on “যোগাসন আৰু প্ৰাণায়ম

Leave a Reply

Your email address will not be published. Required fields are marked *

7  ×    =  63