উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপ নিৰাময়ৰ পৰম্পৰাগত প্ৰাকৃতিক চিকিৎসা

উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপ নিৰাময়ৰ পৰম্পৰাগত প্ৰাকৃতিক চিকিৎসা

উচ্চ ৰক্তচাপ :
1 . আধা চামুছ ডালচিনি আৰু আধা চামুছ মৌ গৰম পানীত মিহলাই খালে উচ্চ ৰক্তচাপ অতি সোনকালে নিয়ন্ত্ৰণত আহিব । দৈনিক 2 বাৰ খাব পাৰে ।
2. আধা চামুছ মেথিগুটি এক গিলাচ গৰম পানীত ৰাতি তিয়াই থৈ ৰাতিপুৱা চোবাই খাব , লগতে পানীখিনিও খাব ।
3. অৰ্জুন গছৰ ছাল শুকাই গুড়ি কৰি থৈ তাৰ পৰা দৈনিক আধা চামুছ 1 গিলাচ গৰম পানীত মিহলাই ভালকৈ উতলাই লৈ খাওক । দৈনিক ৰাতিপুৱা খালি পেটত খাব পাৰে । এইটোৱে High BP , cholesterol , triglycerides আদি সকলো নিয়ন্ত্ৰণত ৰাখে ।
4 . জাতি লাওঁৰ ৰস দৈনিক 1 গিলাচ খালেও High BP , cholesterol , blockage আদি নোহোৱা হয় ।
ওপৰৰ যিকোনো এটা আপোনাৰ সুবিধা অনুযায়ী উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত নোহোৱালৈকে খাব পাৰে । খুব বেছি 45 দিন লাগিব ।

নিম্ন ৰক্তচাপ :
1 . গুড় , নিমখ আৰু নেমু এক গিলাচ পানীত মিহলাই খাওক । দৈনিক 2 -3 বাৰ খাব পাৰে ।
2 . নিমখ মিহলাই কুঁহিয়াৰৰ ৰস দৈনিক 1 গিলাচ খাব পাৰে ।
3 . দৈনিক 2 চামুছ ঘিঁউ এক গিলাচ গৰম পানীত মিহলাই খাওক ।
4. এক গিলাচ পানী গৰম কৰি তাত আধা চামুছ কলা নিমখ মিহলাই লৈ দৈনিক 2 বাৰ খাওক ।
ওপৰৰ যিকোনো এটা সুবিধা অনুসৰি কৰিব পাৰে ।

Source: পংকজ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *

7  ×    =  21