স্তন আৰু অদৃশ‍্য যমদূত

নাৰীত্ব প্ৰাপ্তিৰ এক মধুকৰী স্বাক্ষৰ স্তনৰ বিকাশ সাধন।কৈশোৰৰ পৰা যৌৱনমতী হোৱা বয়ঃসন্ধিৰ সময়চোৱাত হোৱা এই শাৰীৰিক পৰিৱৰ্তনে নাৰীলৈ কঢ়িয়াই আনে অনাবিল আনন্দ,লাজুকী ভাৱৰ আবৰণ আৰু আনে যৌৱন প্ৰাপ্তিৰ মিঠা,অজানা শিহৰণ!কিন্তু যৌৱনে উৎসৱ পালন কৰা এই আনন্দধাৰাত কেতিয়াবা সংগোপনে কালসৰ্পই বাস কৰি এদেও-দুদেওকৈ জীৱন কাঢ়ি লৈ যাব পাৰে।হয়,আজি ক’ব খোজা বিষয়টো হৈছে ক্ৰমবৰ্ধমান স্তনৰ কৰ্কট ৰোগ ।সামান্য জ্ঞান-বুধিৰ সহায় লৈ বা সচেতন হ’লেই কিন্তু এই ঘাতক ৰোগৰ পৰা হাত সাৰিব পাৰি।সাধাৰণতে ভাৰতৰ পঢ়ুৱৈ  সমাজ বিজ্ঞানৰ প্ৰৱন্ধ-পাতিলৈ বৰ এটা আগ্ৰহান্বিত নহয়।সেয়ে মাৰাত্মক ৰোগ সম্বন্ধীয় কথাবোৰ জনাটো সুদূৰপৰাহত হৈ পৰাৰ লগতে জীৱন অকালতে মৰহি যায়। ইয়াত স্তনৰ কৰ্কট ৰোগক চুটিকৈ সৰল ভাষাৰে যতপৰোনাস্তি মনোগ্ৰাহীকৈ তুলি ধৰাৰ যত্ন কৰিম যদিওবা বিজ্ঞানৰ প্ৰৱন্ধত তাকে কৰিবলৈ যাওতে সময় নষ্ট হয়।মানৱ দেহ হৈছে শত-সহস্ৰাধিক কোষৰ সমষ্টি।দেহত থকা আন কোষৰ আলোচনা নকৰি সকলোৱে সৰলভাৱে বুজিব পৰাকৈ আমি দুই ধৰণৰ কোষেৰে বাখ‍্যা আগবঢ়াম।এবিধ হৈছে দেহকোষ আৰু আনবিধ জননকোষ।দেহকোষে আমাৰ শৰীৰটোৰ বিভিন্ন অংগ-প্ৰত‍্যংগ গঠন কৰে।জননকোষে বীজ বা শুক্ৰ আৰু ডিম্ব গঠনৰ দায়িত্ব পালন কৰে।শুক্ৰ বা শুক্ৰাণু পুৰুষ আৰু ডিম্ব বা ডিম্বাণু স্ত্ৰী লিংগই ধাৰণ কৰে।পুৰুষ নাৰীৰ এয়াই লিংগজনিত মূল পাৰ্থক‍্য।তদুপৰি কিছুমান গৌণ পাৰ্থক‍্যেৰে মানুহ পুৰুষ আৰু নাৰীত বিভক্ত হয়।একেধৰণৰ কোষবিলাক লগ হৈ কলা (tissue) ৰ গঠন কৰে।ই চাৰি প্ৰকাৰৰ- আৱৰণী কলা,সংযোজক কলা,মেদ বা চৰ্বী কলা আৰু স্নায়ু কলা।

একেজাতীয় কলাবিলাক লগ হৈ অংগ গঠন কৰে।এনেধৰণে বিভিন্ন অংগৰ সমষ্টিৰে এক উচ্চ পৰ্যায়ৰ জীৱ বা মানৱ শৰীৰ গঠিত হয়।পুৰুষ আৰু নাৰীৰ আন এক প্ৰধান বৈশিষ্টপূৰ্ণ পাৰ্থক‍্য হৈছে বুকুৰ গঠন।পৈণত নাৰী এগৰাকীৰ স্তন এষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰ’ন হৰ্মনৰ প্ৰভাৱত সুদৌল আৰু সুস্পষ্টভাৱে বিকশিত হয়।স্তন প্ৰধানত মেদকলাৰে গঠিত অংগ।ইয়াৰ ভিতৰত চক্ৰীয় সংযোগী কলা আঁহ থাকে।।ইয়াত কোনো মাংসপেশী নাথাকে।সেয়ে স্তন কোমল আৰু স্থিতিস্থাপক গুণসমৃদ্ধ।কামিহাড়ৰ ওপৰত পেক্টৰেলিচ মেজৰ নামৰ পেশী থাকে আৰু তাৰ ওপৰতেই স্তন যুগলৰ অৱস্থিতি।চৰ্বীৰ পৰিমাণে স্তনৰ সৰু-ডাঙৰ আকৃতি নিৰ্ধাৰণ কৰে।স্তন দুটি স্নায়ুৰে সমৃদ্ধ হোৱা বাবে এই অংগ স্পৰ্শকাতৰ আৰু উত্তেজিত হোৱা ধৰণৰ হয়।স্তনাগ্ৰ বা স্তনবৃন্ত (nipple) ত ১৫ ৰ পৰা ২০ টা ৰন্ধ্ৰ থাকে। স্তনাগ্ৰৰ চাৰিফালে থকা ডাঠ ৰঙৰ বৃত্তটোক এৰিঅ’লা (areola) নামেৰে জনা যায়। এই  ৰন্ধ্ৰকেইটি ভিতৰত থকা দুগ্ধক্ষৰণ কৰা গ্ৰন্থি (mammary gland) ৰ লগত দুগ্ধবাহী নলীৰে  সংলগ্ন হৈ থাকে।আঙুৰৰ থোপা সদৃশ অতিশয় ক্ষুদ্ৰ কেবাটাও ‘এচিনি’ লগ হৈ দুগ্ধ গ্ৰন্থি গঠিত।১০-১০০ এচিনিৰে একোটা সৰু খণ্ডক (lobule) আৰু কেবাটাও খণ্ডক লগলাগি একোটা খণ্ড (lobe) গঠন হয়।এনেকুৱা ১৫ -২০ টা খণ্ডৰে একোটা দুগ্ধ গ্ৰন্থি গঠন হয়।ইয়াৰ পৰাই কেঁচুৱাৰ বাবে দুগ্ধ উৎপন্ন হয়।স্তনৰ ভিতৰত দুগ্ধ গ্ৰন্থিক আৱৰি সংযোগী কলা থাকে।এই কলাই স্তনক প্ৰয়োজনীয় ৰক্তৰ যোগান ধৰে।স্তনে দুগ্ধ উৎপাদন কৰাৰ ওপৰিও যৌন ক্ৰীড়াৰ সময়ত বিশেষ ভূমিকা পালন কৰে।এয়াই স্তনৰ সংক্ষিপ্ত বিৱৰণ। দেহ গঠনৰ সময়ত কোষবিলাক এক নিয়মিত আৰু সন্তুলিত মাত্ৰাত বিভাজিত হৈ প্ৰাণীৰ বৃদ্ধি আৰু বিকাশ ঘটে।কিন্তু কোনো কাৰণত যেতিয়া কোষৰ বৃদ্ধি অস্বাভাবিক ৰূপত দ্ৰুত গতিত বাঢ়ি যায় তেতিয়াই দেহত কৰ্কট ৰোগে আক্ৰমণ কৰা বুলি কোৱা হয়।যেতিয়া এই অনিয়ন্ত্ৰিত মাত্ৰাৰ কোষৰ বৃদ্ধি স্তনত আৰম্ভ হয় তাকেই স্তন কৰ্কট ৰোগ (Breast Cancer) বোলে।এই কৰ্কটৰ কোষবোৰে স্তনত টেমুনা (tumor) ৰ সৃষ্টি কৰে।ৰঞ্জন-ৰশ্মি (X-ray) ৰ সহায়ত এই কোষ চিনাক্ত কৰিব পাৰি অথবা এইবোৰ লডা (lump) আকাৰে হাতেৰে চুই অনুভৱ কৰিব পাৰি।সকলো মহিলাৰে স্তন কৰ্কট ৰোগ হ’ব পাৰে।মনকৰিবলগীয়া কথা যে স্তনৰ এই টেমুনা বা লডাবোৰ সকলো সময়তে কৰ্কট সৃষ্টিকাৰী নহ’বও পাৰে।এই কৰ্কটৰোগহীন টেমুনাবিলাক মাত্ৰ অগতানুগতিক বৃদ্ধিহে,এইবিলাক স্তনৰ বাহিৰলৈ বিয়পি নাযায়।

সেয়ে টেমুনাবিলাকক দুটা ভাগত ভগাব পাৰি  Benign (নিৰীহ) – Non-cancerous বা কৰ্কটহীন) আৰু Malignant (ঘাতক) -cancerous বা কৰ্কট সৃষ্টিকাৰী)।অৱশ্যে বহু বছৰ ধৰি থকা এই ধৰণৰ নিৰীহ টেমুনা কেতিয়াবা বিপদজনক হৈ উঠিব পাৰে।গতিকে এনেকুৱা টেমুনাৰ সৃষ্টি হ’লে সতৰ্ক হোৱাৰ লগতে বিশেষজ্ঞৰ সহায় লোৱাটো উচিত। স্তনৰ যিকোনো অংশই কৰ্কটৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।স্তন কৰ্কটত সততে আক্ৰান্ত হোৱা অংশটো হ’ল স্তনাগ্ৰলৈ দুগ্ধ পৰিবহন কৰা দুগ্ধবাহী নলীসমূহ (duct)।ইয়াকে চিকিৎসা বিজ্ঞানৰ ভাষাত ductal cancer বোলে।কিছুমান কৰ্কটৰ সৃষ্টি হয় দুগ্ধ উৎপাদন কৰা গ্ৰন্থি (lobules) সমূহত।ইয়াৰ নাম হ’ল lobular cancer. স্তনত আৰম্ভ হোৱা কৰ্কট দেহৰ আন অংশলৈও প্ৰৱাহিত হ’ব পাৰে বা হয়।

Breast Cancer
কৰ্কট ৰোগবাহক কোষসমূহ ৰক্ত অথবা লসীকা ( lymph- মানৱ দেহত থকা আন এক গুৰুত্বপূৰ্ণ জুলীয়া দ্ৰৱ‍্য) ৰ জৰিয়তে দেহৰ আন আন অংগলৈ বিয়পি পৰে।কৰ্কট ৰোগবাহী কোষ  আৰম্ভণি টেমুনাৰ পৰা দেহৰ আন অংশ বা অংগলৈ বিয়পি যোৱাকে metastatis বা ভয়াবহ স্তৰলৈ আগবঢ়া বুলি কোৱা হয়‌।কৰ্কট ৰোগবাহক কোষসমূহে উৎপত্তি স্থলৰ পৰা লসীকা তন্ত্ৰ আৰু ৰক্ত সংবহন তন্ত্ৰত প্ৰৱেশৰ জৰিয়তে হাওঁফাওঁ, হাড়,যকৃত,মগজু,অন্ত্ৰ (colon) কে আদি কৰি দেহৰ বিভিন্ন অংশলৈ দ্ৰুত গতিত বিয়পিব আৰম্ভ কৰে।স্তন কৰ্কট ৰোগৰ লক্ষণ সমূহ:
(১)স্তন বা কাষলতিৰ তলত টেমুনা বা লডাৰ সৃষ্টি হোৱা (২)স্তনাগ্ৰৰ পৰা ৰক্ত নিঃসৰণ (৩)স্তনাগ্ৰ ভিতৰলৈ সোমাই যোৱা (৪)স্তনত পোটোকা (dimple)পৰা বা চুলে স্তনৰ চাল কমলাৰ বাকলি যেন লগা। (৫) স্তন আৰু স্তনবৃন্তৰ বিষ (৬) ডিঙি আৰু কাষলতিত থকা লসীকা টোপোৰাসমূহ (lymph node) ফুলি উঠা (৭) স্তন আৰু স্তনাগ্ৰৰ আকাৰ আকৃতিৰ সলনি হোৱা ইত্যাদি।কোনো ধৰণৰ লক্ষণ প্ৰকট নকৰাকৈও স্তনৰ কৰ্কট ৰোগ হ’ব পাৰে।এই ক্ষেত্ৰত মহিলাহকলে মাজে সময়ে চিকিৎসালয়ত পৰীক্ষণৰ সহায় লোৱা ভাল।স্তনৰ স্ব-পৰীক্ষণৰ সহায়তো স্তনৰ পৰিৱৰ্তন লক্ষ্য কৰি আগতীয়াকৈ মহিলাসকল সজাগ হ’ব পাৰে।পূৰ্বে উল্লেখিত বা আন কিবা বিশেষ পৰিৱৰ্তন চকুত পৰিলে অনতিবিলম্বেই বিশেষজ্ঞ ব‍্যক্তি বা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।আপোনাৰ এই সামান্য তৎপৰতাই নিজৰ জীৱন বচাই তুলিব পাৰে।গোপনীয়তা আৰু লজ্জাবোধ এই ক্ষেত্ৰত পৰম শত্ৰু বিবেচক হ’ব।অস্ত্ৰোপচাৰ,কেম’থেৰাপী,ৰেডিয়েচন আদিৰ জৰিয়তে কৰ্কটৰ চিকিৎসা কৰা হয়।সদৌ শেষত কও যে যোগাসন বা আন শাৰীৰিক ব‍্যায়ামৰ দ্বাৰা স্তন কৰ্কটৰ সম্ভাৱনীয়তা হ্ৰাস কৰিব পাৰি।
[ — ৰৌদ্ৰমা তপস্বিনী ]

For any query you can contact storytoday.in@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  28  =  31