Seasonal Affective Disorder(SAD) ঋতুকালীন বিষণ্ণতা আৰু যোগাসন

SAD (Seasonal Affective Disorder) এক প্ৰকাৰ ঋতুসলনিৰ সময়ত দেখা দিয়া বিষণ্ণতাজনিত বিসংগতি। শীতকালৰ আৰম্ভণিতে বা তাৰ পিছৰ সময়ছোৱাত এই ধৰণৰ বিষণ্ণতাই গা কৰি উঠে। সাধাৰণতে পুৰুষতকৈ মহিলাসকল এই SAD ৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হয়। শীতকালৰ আবেলি বেলি লহিওৱাৰ লগে লগে এই ধৰণৰ বিষণ্ণতাৰ প্ৰভাৱত পৰা দেখা যায়। এইখিনি সময়ত মনটো উৰুঙা উৰুঙা লাগে, ভাবুকতাই ক্ৰিয়া কৰাৰ উপৰিও এক দুখবোধে হেঁচা মাৰি ধৰি মনটো পিড়ীত কৰি তোলে। আনকি কেতিয়াবা আত্মহত‍্যাৰ ভাৱ পৰ্যন্ত মনলৈ আহে। ইয়াৰ এক প্ৰধান কাৰণ হ’ল শীতকালত সূৰ্যৰ পোহৰ কমি যোৱাৰ ফলত শৰীৰৰ জৈৱ ঘড়ী ( circadian rhythm) ৰ সন্তুলন বিনষ্ট হোৱা যিয়ে ব‍্যক্তি গৰাকীক বিষণ্ণ কৰি তোলে।

দ্বিতীয়তে, মনৰ অৱস্হা (mood) নিয়ন্ত্ৰিত কৰা চেৰ’টনিন নামৰ নিউৰ’ট্ৰেন্সমিটাৰৰ নিসঃৰণ অস্তমিত সূৰ্যৰ কিৰণত হ্ৰাস পোৱা। তদুপৰি ঋতুসলনি হ’লে মেলাট’নিন (এক ৰাসায়নিক দ্ৰৱ‍্য যি আমাৰ ‘টোপনি অহা-সাৰ পোৱা’ চক্ৰ আৰু মনৰ অৱস্থা ৰক্ষণাৱেক্ষণ দিয়ে) ক্ষৰণৰ পৰিমাণ হীন দেৰি হোৱা। যোগৰ জৰিয়তে এই SAD ৰ কবলৰ পৰা মুক্ত হ’ব পাৰি। যোগাসনৰ প্ৰতিনিয়ত অভ‍্যাসে মগজুৰ স্থপত‍্য সলনি কৰি হ’ৰমন (পিনিয়েল আৰু পিটুএট’ৰি) গ্ৰন্থিক সক্ৰিয় কৰাৰ লগতে মগজুৰ স্নায়ুকোষসমূহৰ মাজত সু-সমন্বয় গঢ়ি তুলি serotonin আৰু melatonin ৰ ক্ষৰণ বৃদ্ধি কৰি SAD ক প্ৰতিৰোধ কৰিব পাৰি।
কেইটামান বিশেষ আসনৰ নাম ইয়াৰ প্ৰতিকাৰৰ বাবে উল্লেখ কৰিলোঁ। বালাসন,উষ্ট্ৰাসন, ধনুৰাসন,শীৰ্ষাসন আৰু সূৰ্য নমস্কাৰৰ অভ‍্যাসে SAD দূৰ কৰে।

Yog Mandir, Bhattadev Nagar, Pathsala, Bajali, Assam
Like Yog Mandir  https://www.facebook.com/yogmandirassam
Instagram : @yogmandir_assam
Contact: 87240 63968 / yogmandirassam@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *

  ⁄  2  =  3