ভাৰ্টিগো আৰু যোগাসন (Vertigo and Yoga)

মগজুৱে ভাৰসাম‍্যতা হেৰুৱাই আচন্দ্ৰাই কৰা বা মূৰঘূৰোৱা বিংসগতিটোকে চিকিৎসা বিজ্ঞানত ভাৰ্টিগো (Vertigo) বুলি কোৱা হয়।আমাৰ শৰীৰৰ ভাৰসাম‍্য বা সমতা ৰক্ষাৰ স্থলী হ’ল অন্তঃকৰ্ণ।এই অংশত ঘটা বিজুতিয়ে মূৰঘূৰণি সৃষ্টি কৰে।বিভিন্ন কাৰণত অন্তঃকৰ্ণস্হলীত বিজুতি ঘটি ভাৰ্টিগো (Vertigo) হ’ব পাৰে।কাণৰ এই অংশলৈ ৰক্ত সংঞ্চৰণত বাধাগ্ৰস্তহৈ, কেলচিয়াম, তৰল পদাৰ্থ জমা হোৱা বা ভাইৰাচৰ দ্বাৰা সংক্ৰমিত ইত্যাদি কাৰণত এই বিপত্তি ঘটিব পাৰে।সাধাৰণ পানীলগা জ্বৰৰ ভাইৰাচে আক্ৰমণটো কেতিয়াবা ভাৰ্টিগোৰ সমস্যা জটিল হৈ বিপৰ্যস্ত কৰিব পাৰে। লাওখোলা ক্ষতিগ্ৰস্ত হৈও শ্ৰৱণ শক্তি হেৰোৱা,বমিভাৱ আৰু মূৰঘূৰণি হ’ব পাৰে।টেমুনা বা উপদংশ ৰোগ আদিত আক্ৰান্ত হ’লেও ভাৰসাম‍্য হেৰুৱাব পাৰে।

বিভিন্ন প্ৰকাৰৰ আসনে মগজুৰ ওপৰত প্ৰভাৱ পেলাই স্নায়ুতন্ত্ৰক শক্তিশালী কৰিব পাৰে। এই আসনবোৰে আমাৰ শৰীৰৰ ভাৰসাম‍্য ৰক্ষাকাৰী অংগ অন্তঃকৰ্ণৰ ওপৰত ক্ৰিয়াৰত হৈ তাক সবল কৰি তোলে। আসনসমূহে চিম্পেথেটিক আৰু পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰৰ ওপৰত কাৰ্য কৰি মগজুৰ ভিতৰত অৱস্থিত অন্তঃকৰ্ণ আৰু শৰীৰৰ অন‍্যান‍্য অংশলৈ ৰক্ত প্ৰৱাহ বৃদ্ধি কৰি এই বিসংগতি অনায়সে দূৰ কৰিব পাৰে। ভাৰ্টিগোৰ নিৰাময়ৰ অৰ্থে কৰিব পৰা আসন সমূহ হ’ল- পশ্চিমোত্তানাসন, বিপৰীত কৰণী, বালাসন, সুপ্ত বদ্ধকোনাসন, হলাসন, শীৰ্ষাসন আৰু শৱাসন।

সাৱধানতাঃ চিকিৎসকৰ পৰামৰ্শ অবিহনে ৰোগ নিৰ্ধাৰণ কৰি চিকিৎসা কৰা অনুচিত।
বিঃদ্ৰঃ যিকোনো আসন অভিজ্ঞতাসম্পন্ন গুৰুৰ তত্বাৱধানত থাকিহে অনুশীলন কৰা উচিত।

Yog Mandir, Bhattadev Nagar, Pathsala, Bajali, Assam

Like Yog Mandir  https://www.facebook.com/yogmandirassam

Instagram : @yogmandir_assam

Contact: 87240 63968 / yogmandirassam@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *

83  +    =  92