গীত : পাহাৰৰ জুৰিটি, পিৰিতি সাবতি
কণ্ঠ : খগেন মহন্ত, অৰ্চনা মহন্ত
ছবি : ৰশ্মিৰেখা (১৯৭৩)
সংগীত : উপেন কাকতি
পাহাৰৰ জুৰিটি, পিৰিতি সাবতি
অ’ মিলিব ভৈয়ামৰ জানত
হে তলমল পানীৰে
এখনি নৈ হৈ
ঐ মিলিব আমাৰে প্ৰাণত
শুনি দূৰৰে পেঁপাৰে
মিঠা সুৰীয়া সুৰতে
শুনি দূৰৰে পেঁপাৰে
মিঠা সুৰীয়া সুৰতে
ৰাইজাই কৰিছে মন
ৰাইজাই কৰিছে মন
আজি বুকুৰে মাজতে যে
সেয়া জিলিকি উঠিছে যে
কেতেকী ফুলৰে ৰং
কেতেকী ফুলৰে ৰং
মই পিৰিতি পাহাৰৰে
তই পিৰিতি ভৈয়ামৰে
দেহাত পিৰিতিৰে সাজ
পখিলা নচাদি নাচ ।
জান ঐ জান !
জান ঐ জান ! জান ঐ জান !
শুনিলে ঢোলৰ মাত
জান ঐ জান ! জান ঐ জান !
শুনিলে পেঁপাৰ মাত
জান ঐ জান ! জান ঐ জান !
শুনিলে ঢোলৰ মাত
জান ঐ জান ! জান ঐ জান !
শুনিলে পেঁপাৰ মাত
বনজুই জ্বলে যেন
গাতে কি তৰাদৈ, তোমাকে লগত লৈ
বতৰৰ গীতকে গাওঁ ।
পাহাৰৰ ভৈয়ামে থাকে ঐ ভৰি ঐ
অ’ ৰঙে ৰঙেদৈ !
বাৰিষাৰ দিনতহে পাৰ ভাঙি বয়
অ’ ৰঙে ৰঙেদৈ !
লাহে লাহে কৈ চকুত চকু থৈ
বতৰৰ গীতকে গাওঁ
পাহাৰৰ মইনা যাব পাহাৰলৈ
ৰৈ আছে ৰৈয়া ঐ !
বিৰিণাৰ বুকুতে
মৌ মাত এৰি থৈ
ক’লাহি কথা ঐ !
কাজ এটি কাজিব
তোৰ জুটি মইনাজান
(কলিজাত একুৰা জুই) ৩