ব্যক্তি নে সমাজ? সুৰজ চাপকোটা

বিকাশৰ বাবে পুঁজিবাদী অৰ্থনীতিত অধিক নিৰ্ভৰশীল হোৱা প্ৰয়োজন আছে জানো? আমাৰ দেশ ভাৰতবৰ্ষত ধনীলোকৰ সংখ্যাৰ তুলনাত দৰিদ্ৰ লোকৰ সংখ্যা বহুত বেছি। ভাৰতৰ অধিকাংশ লোকেই দৰিদ্ৰ। ধনীলোকে অৰ্থৰ বলত দৈনন্দিন নিজৰ অৰ্থৰ বৃদ্ধিত গুৰুত্ব দিয়ে, যিটোৰ বিৰোধিতা কৰিব বিচৰা নাই। দেশৰ উন্নয়নৰ হকে ধনীলোকৰ নিশ্চয়কৈ প্ৰয়োজন আছে। কিন্তু অত্যধিক হাৰত ধনী আৰু দৰিদ্ৰৰ মাজত থকা ব্যৱধানে পুঁজিবাদী অৰ্থনীতিক অধিক গুৰুত্ব আৰোপ কৰা পৰিবেশ দৰ্শায়, নহয় জানো? এখন দেশৰ আটাইগৰাকী নাগৰিকৰ সামূহিক উন্নয়ণ দেশৰ উন্নতি নে এচাম মানুহৰ অত্যধিক আৰ্থিক সবলতা ভাৰতৰ উন্নতি? অধিক ধনৰ গৰাকীয়ে দুৰ্বললোকৰ উপৰত নিজৰ আধিপত্য বিস্তাৰ কৰে, প্ৰত্যক্ষভাৱে নাইবা পৰোক্ষভাবে। জীৱন জীয়াই থকাৰ যুঁজ দিয়া সকলৰ বাবে এনে অৰ্থনৈতিক গাঁথনিত নিজে তিষ্ঠি থাকিবলৈ কিমান সংগ্ৰাম কৰিব লগা হয় বুলি ভাবিছে? দৰিদ্ৰ এজনৰ ঘৰত উপজা আৰু ধনীৰ ঘৰত উপযা সন্তানৰ প্ৰাৰ্থক্যই চাব পাৰে। যি সুবিধা এটি শিশুৱে পোৱাত নিজকে গঢ়ি তুলিব পাৰে সেয়া নাপালে জানো এক যোগ্য পুৰুষ হৈ উঠিব পাৰিব? যদি দৰিদ্ৰতা হেঙাৰ নহয় বুলি ভাবে তেন্তে দৰিদ্ৰ ঘৰৰ শিশুৱে সফল হোৱাৰ সম্ভাৱনা চাওক। এয়া শোষণৰ ইংগিত নেকি? নে সমাজৰ বাবে ইয়াৰ প্ৰয়োজন আছে? পিছে অৰ্থশাস্ত্ৰৰ ৰচনা কৰোঁতা কৌটিল্যৰ মতে সমাজৰ প্ৰতি গৰাকী ব্যক্তিৰ উন্নয়ণ হে ৰাষ্ট্ৰৰ উন্নয়ণ, কোনো ব্যক্তি বিশেষৰ উন্নয়নে ৰাষ্ট্ৰৰ উন্নতি হোৱাটো নেদেখায়। তেন্তে অৰ্থনীতিৰ বিশেষ ব্যক্তিৰ হাতত অধিক সঞ্চয়ে সমাজৰ গাঁথনিক দুৰ্বল কৰে নেকি? এনে অৱস্থাই পুঁজিবাদী অৰ্থনীতিক দৰ্শায় নেকি? ভাৰতবৰ্ষক কিদৰে বিকশিত ৰাষ্ট্ৰ বুলি কব যদি দৰিদ্ৰতাই অধিকাংশ লোকক শোষণ কৰিছে? ব্যক্তি বিশেষৰ অৰ্থনীতিৰ বলত ৰাষ্ট্ৰ গঢ়ি উঠে নে সমাজ বিশেষৰ অৰ্থনীতিৰ বলত ৰাষ্ট্ৰ অধিক সবল হয়?
সুৰজ চাপকোটা
৬০০২৬৫২৫৩৬
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, নলবাৰী

Leave a Reply

Your email address will not be published. Required fields are marked *

  +  42  =  48