Benefits of Wheat grass বা ঘেঁহুবন

তেজ বা ৰক্তৰ বৰণ ৰঙা কিন্তু ঘেঁহু বনক Gr

তেজ বা ৰক্তৰ বৰণ ৰঙা কিন্তু ঘেঁহু বনক Green blood বা হৰিৎ ৰক্ত বুলি কোৱা হয়৷ কাৰণ ঘেঁহুৰ সৰু সৰু সেউজীয়া কঠিয়াৰ মানব শৰীৰত শুদ্ধ ৰক্ত তৈয়াৰ কৰাৰ অদ্ভুত ক্ষমতা আছে৷ ইয়াক Green blood কোৱাৰ আন এটা কাৰণ হ’ল/ ৰাসায়নিক পৰ্য্যবেক্ষন কৰিলে ঘেঁহু বনৰ ৰস আৰু মানব শৰীৰৰ তেজৰ ph ফেক্টৰ ৭.৫/ যিটো কাৰণত এই ৰস সেবন কৰিলে তেজত ইয়াৰ অভিশোষণ তাৎক্ষণিক প্ৰক্ৰিয়াত হয়৷ ৰক্তাল্পতা আৰু জণ্ডিচ ৰোগীৰ বাবে ই প্ৰকৃতি প্ৰদত্ত এক অমৃত হৈ পৰে৷ ঘেঁহু বনৰ ৰস নিয়মীত সেবল আৰু নাড়ী শোধন প্ৰাণায়াম কৰিলে মানব শৰীৰৰসমস্ত নাড়ী শোধণ হৈ সমস্ত প্ৰকাৰৰ ৰক্তাল্পতা আৰু ৰক্ত বিকাৰৰ পৰা মুক্ত হয়l
ঘেঁহুবনৰ ৰসত পৰ্য্যাপ্ত ক্লৰফিল থাকে যি ৰক্ত গঠন সক্ৰিয়তাৰে কৰে৷ইয়াত ভিটামিন B/C আৰু E প্ৰচুৰ পৰিমানে থাকে৷ যদি আপুনি ভয়ঙ্কৰ ৰোগত ভুগীছে আৰু বিভিন্ন চিকিৎসা লৈ হতাশ হৈছে বা ঔষধ সেবন কৰি কৰি ভাগৰি পৰিছে ঘেঁহুবনৰ ৰস নিশ্চিত ভাবে পৰীক্ষা কৰক৷
* Wheat grass juice কেনচাৰ কিলাৰ/কেনচাৰ ৰোগীয়ে ইয়াক ইয়াক নিয়মীত খাব লাগে৷
* মধুমেহ ৰোগীৰ বাবে আশীৰ্বাদ স্বৰূপ৷
* ৰক্তাল্পতা শীঘ্ৰে নিৰাময় কৰে৷
* হৃদৰোগীৰ বাবে অমৃত৷
* গৰ্ভবতী মহিলাৰ বাবে জৰুৰী আহাৰ আৰু ঔষধ৷
* শৰীৰৰ টক্সিন বাহিৰ কৰে৷
* অবেচিটি বা মোটাহোৱা ৰোগ নিৰাময় কৰে৷
* প্ৰাণশক্তি সঞ্চাৰ ও বৃদ্ধি কৰে৷
ঘেঁহুবনৰ গুৰিৰ বগা অংশ কাটি পেলাই দি বনখিনি ধুই সেউজীয়া অংশৰ ৰস সেবন কৰিব৷ পূলি ৫/৬ ইঞ্চিতকৈ ডাঙৰ হব নালাগে৷
ধাৰাবাহিক যোগান আৰু সেবনৰ বাবে ১৫টা টাব সংগ্ৰহ কৰি এদিন এদিনকৈ একোটা টাবত ৫০ গ্ৰামকৈ ঘেঁহু চটিয়াব৷ ১৫ নং টাবত বীজ দিয়াৰ দিনা ১ নং টাবৰ ঘেঁহুবনৰ ৰস খাব পৰা হব৷ ঘেঁহু গছবোৰ উভালি লৈ সেইদিনাই পুনৰ বীজ সিঁচিব৷ এই প্ৰক্ৰিয়াৰে ৰোগীয়ে ধাৰাবাহিক wheat grass juice পাই থাকিব৷

লিখনি পৰম্পৰাগত প্ৰাকৃতিক চিকিৎসা পদ্ধতি আৰু বনৌষধী সংৰক্ষণৰ বাবে শৃষ্টি কৰা | ইয়াত আগবঢ়োৱা কোনো বিধান গ্ৰহণ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লৈহে গ্ৰহণ কৰিব।
Article Source: তন্ত্ৰপীঠ কামাখ্যা

Leave a Reply

Your email address will not be published. Required fields are marked *

9  ×    =  18