দৈনন্দিন জীৱনত ইণ্টাৰনেট আমাৰ বাবে এক অপৰিহাৰ্য অংগ হৈ পৰিছে। কিন্তু জানেনে ইণ্টাৰনেটত আন এটা পৃথিৱী আছে যাক ডাৰ্ক ৱেব বুলি কোৱা হয়। সহজ ভাষাৰে ছাৰ্চ ইঞ্জিনবোৰত দেখা নোপোৱা অনলাইন সমলবোৰকে ডাৰ্ক ৱেব (Dark Web) বুলি ক’ব পাৰি। বিশাল এই ইণ্টাৰনেট জগতৰ মাত্ৰ ৫ শতাংশ মান হে আমি দেখিবলৈ পাওঁ। ইন্টাৰনেটক তিনিটা ভাগত বিভক্ত কৰা হৈছে Surface web, Deep Web আৰু Dark web। আমি সচৰাচৰ দেখি থকা বা ব্যৱহাৰ কৰা গুগুল, ফেচবুক, ফ্লিপকাৰ্ট ইত্যদি ৱেবচাইটবোৰক চাৰফেচ ৱেব (Surface web) বুলি কোৱা হয়। আৰু যিবোৰ ৱেবচাইটত আমি ল্গিন কৰিলেহে তথ্যখিনি চাব পাৰো যেনে অনলাইন বেংকিং, ডিজিলকাৰ, চিকিৎসা তথ্য, চৰকাৰী বৈধ তথ্য (Legal Documents), অনলাইন ক্ৰয় বিক্ৰয় (Online Shopping) ইত্যাদি বোৰক ডিপ ৱেব (Deep Web) বুলি কোৱা হয়। ডিপ ৱেবত আমাৰ তথ্যখিনি গোপনে সংৰক্ষিত হৈ থাকে। আৰু এই তথ্য আহৰণৰ ক্ষেত্ৰত আমাৰ একোটাকৈ ইউযাৰ নেম আৰু পাছৱৰ্ডৰ প্ৰয়োজন হয়। যদিও এই তথ্যখিনি নিৰ্দিষ্ট এটা চাৰ্ভাৰ বা প্ৰতিষ্ঠানৰ লগত জমা হৈ থাকে।
এতিয়া আহো ডাৰ্ক ৱেবৰ (Dark Web) কথালৈ যাৰ গভীৰতা আমি ভবাতকৈও বহুত বিশাল। আমি ব্যৱহাৰ কৰা গুগুল, ডাক ডাক গ’, বিং ইত্যদি চাৰ্চ ইঞ্জিনবোৰত ইয়াৰ ছাইটবোৰ দেখা পোৱা নাযায়। আমি সচৰাচৰ ব্যৱহাৰ কৰা ৱেব ব্ৰাউজাৰৰ জড়িয়তে ডাৰ্ক ৱেবৰ ৱেবচাইট খুলিবও নোৱাৰো। ইয়াৰ বাবে নিৰ্দিষ্ট ব্ৰাউজাৰৰ প্ৰয়োজন হয়। ট’ৰ (Tor) তেনে এটা ব্ৰাউজাৰ যিটো সহজেই ইণ্টাৰনেটত উপলব্ধ। ট’ৰ ব্ৰাউজাৰটোৱে এক বিশেষ ধৰণৰ প্ৰযুক্তিৰ সহায়ত ব্যৱহাৰ কাৰীৰ প্ৰকৃত পৰিচয় আন্ধাৰত ৰাখে ৷ ডাৰ্ক ৱেবৰ ৱেবছাইটবোৰ .onion ৰে শেষ হয় (যেনে https://3g2upl4pq6kufc4m.onion/। পিয়াঁজৰ বাকলিৰ দৰেই এই ৱেবচাইটবোৰ বিভিন্ন স্তৰত থাকে আৰু প্ৰযুক্তিৰ বলত এই চাইটবোৰ ইমানেই গোপনীয় যে ইয়াৰ সন্ধান উলিয়াটো বহুত জটিল ।
প্ৰাৰম্ভিক সময়ত ডাৰ্ক ৱেবক আমেৰিকাৰ সামৰিক বাহিনীয়ে গোপন তথ্যৰ আদান প্ৰদানৰ বাবে ব্যৱহাৰ কৰিছিল। এতিয়াও বহুতো গোপন সংস্থা (Secret Agency), প্ৰতিষ্ঠানে বিভিন্ন তথ্য বিনিময়ৰ বাবে ব্যৱহাৰ কৰে যদিও ডাৰ্ক ৱেব অবৈধ কাৰ্যকলাপৰ আশ্ৰয়স্থল হিচাপে খ্যাতি অৰ্জন কৰিছে। এই ভয়ংকৰ স্তৰটোত সকলো ধৰণৰ অবৈধ কাৰ্য্যকলাপ যেনে অস্ত্ৰ-শস্ত্ৰৰ লেনদেন, মানৱ দেহ, নাৰী দেহ, অংগ-প্ৰত্যংগৰ ক’লা বজাৰ, ড্ৰাগছ, হত্যা, অপহৰণ আদিৰ দৰে লেন দেন বোৰ কৰা হয়। হত্যা বা বিভিন্ন অবৈধ কামবোৰ কৰাৰ পাছত প্ৰমাণৰ বাবে ইয়াৰ ভিডিঅ বোৰো ইয়াৰ জৰিয়তে শ্বেয়াৰ কৰি দেখুওৱা হয়।। ডাৰ্ক ৱেবে সাধাৰণ লোককো ইয়াৰ অপব্যৱহাৰৰ দ্বাৰা শক্তিশালী কৰে কৰি তুলিব পাৰে। উদাহৰণ স্বৰূপে ডাৰ্ক ৱেব আৰু ক্ৰীপ্টকৰেন্সিৰ ব্যৱহাৰৰ সংমিশ্ৰনে তাত্ত্বিকভাৱে মাৰণাস্ত্ৰ, ড্ৰাগছ ক্ৰয় বা কাৰোবাক হত্যা কৰিবলৈ অনলাইনতে নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াটু সহজ কৰি তোলে। ঠিক যেনেকৈ মানুহে অনলাইন শ্বপিংৰ জৰিয়তে বস্তুৰ অৰ্ডাৰ দিয়ে। ডাৰ্ক ৱেবটো বিটকইন আৰু অন্যান্য প্ৰকাৰৰ ক্ৰিপ্টোকাৰেন্সী নহ’লে প্ৰায় সফল নহ’লহেঁতেন। এই প্ৰকাৰৰ ভাৰ্চুৱেল মুদ্ৰাই মানুহক ইজনে সিজনৰ পৰিচয় নজনাকৈ বিক্ৰী বা সামগ্ৰী ক্ৰয় কৰিবলৈ অনুমতি দিয়ে।
অবৈধ বস্তু তথা ড্ৰাগছৰ অনলাইন ক্ৰয় বিক্ৰয়ৰ বাবে চিল্ক ৰোড (Silk Road) নামৰ বিখ্যাত ডাৰ্ক ৱেব এটা এফ.বি.আইয়ে (FBI) ২০১৩ চনত কৌশলেৰে ইয়াৰ গোপনিয়তা ফাদিল কৰি বন্ধ কৰি দিছিল। সেই বছৰৰ শেষৰ ফালে আকৌ ছাইটটোৰ এটা নতুন সংস্কৰণ অনলাইন যোগে আহিছিল যদিও সেয়াও নিষিদ্ধ কৰি দিয়া হয়। ছাইটটোৰ প্ৰতিষ্ঠাপক ৰছ উলব্ৰিখ্ট, ভুৱা নাম যি ড্ৰেড পাইৰেট ৰবাৰ্টছ ২০১৪ চনৰ শেষৰ ফালে গ্ৰেপ্তাৰ হয় আৰু আজীৱন কাৰাদণ্ড বিহা হৈছিল। এনেধৰণৰ বহুতো অনলাইন পৰ্টেল আজিও উপলব্ধ ।
ডাৰ্ক ৱেবৰ ইতিবাচক দিশৰ ভিতৰত ইয়ে মানুহক গোপনীয়তা বজাই ৰাখি মুক্তভাৱে মতামত প্ৰকাশ কৰাত সহায় কৰে। অপৰাধীৰ সন্ত্ৰাসত লুকাই থকা বহুতো নিৰীহ লোকৰ তথ্য বিনিময়ৰ বাবে ই এক বিকল্প। বিশ্বখনত তেনেকুৱা বহু লোকে গোপনে থাকি ইয়াৰ প্রশ্রয়তে নিজৰ ব্যৱসায় বাণিজ্য চলাই আছে।
ডাৰ্ক ৱেব চাৰ্ফিং কৰাটো অবৈধ নহয়। ডাৰ্ক ৱেবৰ এটা ছাইটৰ পৰা অবৈধ ড্ৰাগ বা আগ্নেয়াস্ত্ৰ ক্ৰয় কৰা, শিশু পৰ্ণগ্ৰাফী ইত্যাদিবোৰ ডাউনলোড কৰা অবৈধ। কৌতুহলৰ বাবে কেতিয়াবা যিকোনো onion ৱেব ছাইটৰ নাম শুনি ডাৰ্ক ৱেবত ব্ৰাউজ কৰোঁতে সাৱধান হ’ব। আনকি আপুনি বৈধ কাৰণত ইণ্টাৰনেটৰ এই পৃষ্ঠাবোৰত ভ্ৰমণ কৰি থাকিলেও, কিছুমান বেয়া ঠাইত ক্লিক হোৱাটো সাধাৰণ কথা। কেতিয়াও আপোনাৰ ব্যক্তিগত তথ্য প্ৰকাশ নকৰিব আৰু অনলাইন শ্বপিং, ডাউনলোড ইত্যাদি নকৰিব।
লেখাটো সম্পূৰ্ণ শৈক্ষিক উদ্দেশ্যৰ বাবে লিখা হৈছে। কোনো ধৰণৰ অপপ্ৰয়োগৰ বাবে লেখক জগৰীয়া নহয়।
✍ প্ৰণবেশ বৰ্মন




