খিড়িকী – Nayani Hazarika

আলিবাটটো বৰ সুন্দৰকৈ দেখি 
মোৰ খিড়িকীৰে,
নিতৌ ন ন বাটৰুৱাৰ অৱগাহন 
লানি লানি বাহনৰ 
ইঞ্জিনৰ মাত।
ব্যস্ততাৰ সেই চাৰিআলিটো 
ৰিণিকি-ৰিণিকি দেখো…
সন্ধিয়া যেন অদূৰৰ বৰগছডাল 
দানৱ হৈ পৰে….মোৰ খিড়িকীৰে।
পূৰ্ণিমাৰ জোনটোৰ লগত মোৰ 
বন্ধুত্ব পুৰণা…
সন্ধ্যা তৰা!!ইটো মোৰ প্ৰাণৰো আপোন
পুৱা-আবলি শালিকী কেইটাৰ 
বিস্কুট খোৱাৰ মেল 
নিদিয়ালৈকে টান সুৰ …
উৎস?মোৰ খিড়িকী 
বাটৰুৱাবোৰ এদিন চিনাকী হৈ
বুকুত ঘৰ সাজে।
আৰু মই চাই ৰওঁ অহা-যোৱাৰ 
নিদিষ্ট সময়বোৰ…
মোৰ খিড়িকীৰে
ভৰ দুপৰীয়া হাতত সাৰে ভৰিত সাৰে
অহা শৈশৱৰ লগবোৰৰ 
সংযোগ স্থল মোৰ খিড়িকী…
যৌৱনৰ ভৰুণ হৃদয়ৰ বাৰ্তাবোৰ 
নীলা খামৰ গুলপীয়া কাগজত 
আদান-প্ৰদান …এই খিড়িকীৰে 
বিশ্ব-বিশ্বায়ণ, আকাশৰ নীলাভবোৰ 
আৰু সৰগীয় সুনীল মাল্যৰ অৱলোকন 
তথা জিজ্ঞাসাৰ তুংগত 
অৱতৰণ …এই খিড়িকীৰে…

Leave a Reply

Your email address will not be published. Required fields are marked *

  −  2  =  3