‘খিড়িকী’
খিড়িকীৰ কাষত আজি মই অশীতিপৰ বৃদ্ধা হৈ ৰৈ আছো,
কিজানি তই আহই বোপাই
পোণাকণক চোৱাৰ মোৰ দুৰ্বাৰ হেঁপাহ!
এই বৃদ্ধাশ্ৰমত সকলো সুখী আমি,
তথাপি পোণাকণলৈ মনত পৰে ঘনে ঘনে ।
এবাৰ মোক পোণাকণক চাব দিবি অ’ বোপাই
অশীতিপৰ বৃদ্ধা মই ,
একাজলী আশীষ দিম,
বুকুৰ মাজত ওমলাম পোণাকণক ।
ঘৰৰ খিড়িকীখন চুই চাবলৈও মন যায় মোৰ ,
কত’ আশাৰে ঘৰ সাজিছিলো !
তাতে আছিল হেঁপাহৰ খিড়িকীখন।
সেই খিড়িকীৰ মাজেৰে সোমাই
আহিছিল জোনাক ,
সেই খিড়িকীৰ মাজেৰে সোমাই
আহিছিল স্নিগ্ধ বতাহ !
সেই বতাহত তই একলা দুকলাকৈ ডাঙৰ হৈছিলি
আৰু আমি দুয়ো ………….
তোক চাই ৰৈছিলো নয়ন ভৰি।।
এতিয়া সেইবোৰ অতীত,সলনি হ’ল সময় !
আমাৰ স্মৃতি হৈ ৰ’ল মাথো সকলো ।
তথাপি পুনৰ এবাৰ খিড়িকীখন
খুলি চাব মন মোৰ !
পোণাকণৰ সৈতে ওমলি সজীৱ কৰিম
মাথো পুৰণা স্মৃতিবোৰ ।।
————————————————————–
মমী বৰঠাকুৰ (১৯/০৬/২০)