শীতৰ এই ধূসৰ নিশাটো
বৰ দীঘল লাগিছে
অদুৰত ফেচা চৰাইজনীৰ নিউ নিউ মাত
মথাউৰিৰ সিপাৰে নৈখনত জপং জপং শব্দ
ৰিণি ৰিণি ভাহি আহিছে
কোনোবা নাৰীৰ হিয়াভৰা ক্ৰন্দন
পদপথত খট খট শব্দ
মনত অজান শিহৰণ…
জানোচা বাহিৰত কোনোবা
অতৃপ্ত আত্মাৰ পদচালন
মৰসাহ কৰি খিৰিকীৰে জুমি চাইছো…
পিছে এয়া দেখোন গাৱৰ নামঘৰৰ ৰখীয়া
বগা ঘোঁৰাত উঠি অহা বুঢ়া-ডাঙৰীয়া….
নিকুঞ্জ




