সেওঁতাত আঁকি ললোঁ সেন্দুৰীয়া আলি
মনলৈ আহিল অনেক সাহস
আইতাই শিকালে কপালৰ সেন্দুৰে
স্বামীৰো বঢ়াই হেনো আয়ুস।
সচা মিছা কি নাজানো পিছে আমি
ললোঁ মাথোঁ বিয়া হোৱাৰ প্ৰতিক
এটা কথা হলে ভালকৈ জানিলোঁ
ৰাস্তা দেখুৱাই জীৱনৰ সঠিক।
কেতিয়াবা অজানিতে ভুল কৰিব খুজিলে
সেন্দুৰ খিনিয়ে সকীয়াই দিয়ে
আছো মই তোমাৰ কপালতে বহি বুলি
সেন্দুৰ খিনিয়ে সুৰক্ষা দিয়ে।
হিন্দু মানুহৰ বৈবাহিক জীৱনৰ এয়া
এটা মাথোঁ সুকীয়া সাক্ষী সেন্দুৰ
নাৰী জীৱনৰ অমূল্য সম্পদ যে এয়া
এৰাব নোৱাৰা এক দস্তুৰ।
নাৰী জীৱনৰ প্ৰধান অলংকাৰ বুলি
আদিৰ পৰাই চলি আহিছে
আজিও আছে সেই প্ৰথাই চলি
বিয়া বাৰুৱে প্ৰমাণ দাঙি ধৰিছে।
সেন্দুৰ অবিহনে নাৰী জীৱনৰ
সকলো সৌন্দর্য হয় ম্লান
ৰাখি যাওঁ সেয়েহে ৰঙাকৈ সেন্দুৰৰ
অমূল্য জীৱনত সন্মান।
ৰঙাকৈ বেলিটি আকাশত ওলালে
আকাশখন যিদৰে জিলিকে
ৰঙাকৈ ফোঁটটি কপালত লগালে
মুখখন উজ্জ্বল হৈ পৰে।
এয়াই মহিমা জানা ৰঙা সেন্দুৰকনৰ
অমূল্য সম্পদ বিবাহিতা নাৰী জীৱনৰ।
ভাৰতী শৰ্মা।