নিঃশব্দ নিশাৰ নিৰব জোনাকী তুমি
মোৰ হেপাঁহৰ চোতালত
অজানিতে দেখোঁ জিলিঙনিৰ বৰষুণ।
মৌনতাৰ কোলাহলত সাৰ পাই উঠে
মোৰ হেৰুৱা দিনৰ সোনালী সপোন বোৰ
নিৰৱে বোৱতী হৈ ৰয় মোৰ হিয়াৰ চাপৰিত।
আধা জোনাকৰ ছবি খনি তথাপিও মনত পৰে মোৰ
মোৰ মানসকুঞ্জুত তোমাৰ পাহৰণি ছবি খনে আজিও চোন আধা জোনাকৰ মাতে কথা পাতে।
ভাগৰি ভাগৰি নপৰা শেৱালিৰ সুবাসত
আজিও চোন তোমাৰ প্ৰেৰণা বোৰে উমলিব খোজে।
ৰঙা মদাৰৰ পাহিত হেৰাই যাব নিবিচাৰোঁ মই জানা
হেৰাই যাব নিবিচাৰোঁ পূৰ্নিমাৰ উদ্ভাসিত কিৰনতো।
ৰূপম বৰা