চিধা বাটেৰে নহাই হ’লচোন
বহুত কথাই আজিকালি মানুহৰ ।
শ্ৰেষ্ঠত্ব জাহিৰ কৰিবলৈকেই নেকি
বক্ৰ পথেৰেই পঠিয়াই দিয়ে-
উত্তৰ আধুনিক কবিতাৰ দৰেই….
কিমানটা যে পাক !
ভেবা লাগি চাই থকা
মুখবোৰৰ পিনে –
কথাৰ পাক বিচাৰি ।
সময়বোৰ সঁচাই সলনি হ’ল –
কথাৰ কেনভাচবোৰ এতিয়চোন
ভৰি থকা হ’ল অহৰহ –
মনালিছাৰ হাঁহিৰে…….