খিড়িকীখন খুলি ললো,
সোসোৱাই সোমাই আহিল
এজাক বতাহ-
নিৰৱতাৰে আঁকিদিলে
এৰিঅহা দিনৰ প্ৰতিচ্ছৱি|
প্ৰতিটো ক্ষণকে আদৰিছিলো-
প্ৰত্যাশাৰে…
সকলো দিনেই জনোৱা নাছিল সহাঁৰি,
আৰু
মই সংগ এৰিব পৰা নাছিলো!
সফলতাৰ মধুৰ দিনবোৰে
মনলৈআনিছিল মাধুৰতা,
কৃতকাৰ্যৰ গামোছা খনত মুখ মচি
তৃপ্ত হৈছিলজীৱন বোধ|
সাঁচি ৰাখিছো তৃপ্ত জীৱন প্ৰাপ্তিৰ ভঁৰাল ঘৰত |
খলাবমা জীৱন পথত সুখ দুখ
ৰথৰ চকা |
এন্ধাৰ নিশাৰ বুকুতে থাকে
উজ্বল এটি সূৰ্য অঁকা |
দূৰ্যোগৰ বিমৰ্ষ দিনে
বিফলতাত দুখিত পাঠে,
খোদিত কৰিছে অভিজ্ঞতা..
জীৱনৰ যেন চালিকা মন্ত্ৰ |
তাৰে আঁতধৰি সুন্দৰ কৰিব খোঁজো ,
বৰ্তমানৰ জীৱন যাত্ৰা |
ৰসাল কৰো জীৱন বোধ ||
ধন্য তোমাৰ প্ৰতিটো প্ৰহৰ,
বৈ থকা প্ৰতিটো পল,
মনৰ মাজত জীপাল কৰা |
……………………
লাৱণ্য নাথ |
19/06/2020